ETV Bharat / bharat

বিৰোধী সাংসদ নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:34 PM IST

INDIA Meet: মঙলবাৰে দেশৰ ৰাজধানীত অনুষ্ঠিত হোৱা বৈঠকত ইণ্ডি মিত্ৰজোঁটৰ দলসমূহে লোকসভা আৰু ৰাজ্যসভাত বিৰোধী সাংসদসকলক নিলম্বন কৰা বিষয়টোক গৰিহণা দি এক প্ৰস্তাৱ গৃহীত কৰিছে । বিৰোধী মিত্ৰজোঁটে ২২ ডিচেম্বৰত এই নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয় । প্ৰতিবেদন ইটিভি ভাৰতৰ অমিত অগ্নিহোত্ৰীৰ ।

Suspension of MPs
INDIA alliance

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ: বিজেপিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰি ১৪১ জন সংসদ সদস্যক নিলম্বন কৰাৰ বিৰুদ্ধে অহা ২২ ডিচেম্বৰত দেশজোৰা যৌথ প্ৰতিবাদ সাব্যস্ত কৰিব বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ে ।

যোৱা কেইদিনমানৰ পৰা ভাৰতৰ বিভিন্ন দলৰ আৰু সংসদৰ দুয়োটা সদনৰ সাংসদসকলক নিলম্বন কৰা হৈছিল ৷ কাৰণ বিৰোধী নেতাসকলে ১৩ ডিচেম্বৰৰ সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহে কোনো এজনে বক্তব্য দিব লাগিব বুলি দাবী জনাইছিল দুয়োখন সদনত ৷

১৯ ডিচেম্বৰত লোকসভাৰ ৪৯ জন সাংসদ, ১৮ ডিচেম্বৰত ৩৩ জন লোকসভা সাংসদ আৰু ৪৫ জন ৰাজ্যসভাৰ সাংসদ, আৰু ১৪ ডিচেম্বৰত ১৩ জন লোকসভা সাংসদ আৰু ১ জন ৰাজ্যসভা সাংসদক ‘‘অসৎ আচৰণ”ৰ অভিযোগত শীতকালীন অধিবেশনৰ পৰা নিলম্বন কৰা হয় ।

‘‘২২ ডিচেম্বৰত সমগ্ৰ দেশতে ১৪১ জন সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে ইণ্ডি মিত্ৰজোঁটৰ দলসমূহে প্ৰতিবাদ কৰিব । এয়া প্ৰথমটো কাণ্ড । এয়া অগণতান্ত্ৰিক ।’’ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মিত্ৰজোঁটৰ বৈঠকৰ অন্তত এইদৰে কয় । ইণ্ডি মিত্ৰজোঁটৰ বেনাৰত ২৮টা দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কৌশলৰ ওপৰত প্ৰায় তিনি ঘণ্টা ধৰি আলোচনা কৰি সৰ্বসন্মতিক্ৰমে সামূহিকভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ ঠিৰাং কৰে ।

‘‘আমি মিত্ৰতাক আগুৱাই নিব লাগিব বুলি সকলো দল একমত আছিল । ১৪১ গৰাকী সাংসদৰ নিলম্বনক গৰিহণা দি INDIA-ই এক প্ৰস্তাৱ গৃহীত কৰে । দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে আমি একেলগে যুঁজিব লাগিব ।’’ খাৰ্গেই কয় । কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ কোনো এজনৰ বক্তব্যক লৈ বিৰোধীয়ে যি দাবী উত্থাপন কৰিছে সেয়া সঠিক বুলি কয় ।

‘‘প্ৰধানমন্ত্ৰীয়ে এটা অট্টালিকা উদ্বোধন কৰে আৰু সংসদৰ অধিৱেশন চলি থকাৰ সময়ত তেওঁৰ সংসদীয় সমষ্টি (বাৰাণসী) ভ্ৰমণ কৰে যদিও দুয়োটা সদনৰ ভিতৰত সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত কোনো বক্তব্য নিদিয়ে । বিৰোধীয়ে যেতিয়া দাবী কৰে তেতিয়া তেওঁলোকক নিলম্বিত কৰা হয় । ইয়াৰ বিৰুদ্ধে আমি একেলগে যুঁজ দিম । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কেৱল তেওঁলোককহে শাসন কৰিবলৈ উপযুক্ত বুলি ভাবে । আমি তেওঁলোকক দেখুৱাম যে তেওঁলোকৰ ভুল হৈছে ।’’ খাৰ্গেই লগতে কয় ।

ইফালে ইণ্ডি মিত্ৰজোঁটেও ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰা অতি সোনকালে সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দুটা স্তৰত অনুশীলন চলাব ।

খাৰ্গেই কয়, ‘‘প্ৰথমে আসন ভাগ-বতৰাৰ বিষয়ে ৰাজ্যিক পৰ্যায়ত আলোচনা কৰা হ’ব আৰু তাৰ পিছত যদি কিবা সমস্যা আছে তেন্তে ইণ্ডিৰ মিত্ৰতা পৰ্যায়ত সেইবোৰ সমাধান কৰা হ’ব । কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে এছ পি, আপৰ দৰে মিত্ৰৰ সৈতে আসন ভাগ-বাটোৱাৰাৰ সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে ।’’

‘‘উত্তৰ প্ৰদেশত যি সমস্যা আছে আৰু পঞ্জাৱ, দিল্লী আৰু গুজৰাটৰ সমস্যা, সমাধান হ’ব ।’’ কংগ্ৰেছে উত্তৰ প্ৰদেশৰ কমেও ২০ খন আসন এছ পিৰ পৰা দাবী কৰাৰ বিপৰীতে দিল্লী, পঞ্জাৱ আৰু গুজৰাটৰ গ্ৰেণ্ড অল্ড পাৰ্টিৰ ৰাজ্যিক ইউনিটসমূহে আপৰ সৈতে ভোটগ্ৰহণ চুক্তি হোৱাক লৈ সংশয় প্ৰকাশ কৰিছে । কংগ্ৰেছ প্ৰধানগৰাকীয়ে দৃঢ়তাৰে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাটো ইণ্ডি মিত্ৰজোঁটৰ অগ্ৰাধিকাৰ আছিল, ইয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব সেয়া নিশ্চিত নহয় ।’’ তেওঁ লগতে কয় ৷

‘‘আমাৰ মূল কাম হৈছে জয়ী হোৱা আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰা । গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰধানমন্ত্ৰী পদৰ বিষয়টো পৰৱৰ্তী সময়ত নিৰ্বাচিত সাংসদসকলে সিদ্ধান্ত ল’ব ।’’ খাৰ্গেই কয় । কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে মিত্ৰজোঁটৰ ১৯ ডিচেম্বৰৰ বৈঠকৰ পিছত সমগ্ৰ দেশতে আৰু প্ৰায় ৮-১০টা ইণ্ডিয়া কনক্লেভ অনুষ্ঠিত কৰি বিৰোধীৰ বাৰ্তা প্ৰচাৰ আৰু জনসাধাৰণক প্ৰভাৱিত কৰা বিষয়সমূহ গ্ৰহণ কৰা হ’ব । ‘‘আমি যুঁজিম আৰু জয়ী হ’ম । আমি বাৰ্তাটো ৰাইজৰ মাজলৈ লৈ যাম ।’’ খাৰ্গেই শেষত কয় ।

লগতে পঢ়ক: INDIA meet: বাঘেল-গেহলটক নতুন দায়িত্ব অৰ্পণ খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.