ETV Bharat / bharat

লোকসভাৰ পৰা পুনৰ ৪৯ জন সাংসদক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 1:43 PM IST

শীতকালীন অধিৱেশনৰ বাকী সময়চোৱাৰ বাবে পুনৰ সদনৰ পৰা ৪৯জন বিৰোধী সাংসদক নিলম্বন ৷ বিৰোধী সাংসদৰ নিলম্বনক লৈ কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ প্ৰতিক্ৰিয়া ৷ "সংসদৰ ভিতৰত এয়া বিশৃংখলতাৰ বাহিৰে আন একো নহয় । আমাৰ দেশৰ সংসদীয় ব্যৱস্থাত তেওঁলোকৰ (বিজেপি) কোনো বিশ্বাস নাই ।" চৌধুৰীয়ে কয় ৷

41 Lok Sabha Mps including NCP's Supriya sule suspended
লোকসভাৰ পৰা পুনৰ ৪৯ জন সাংসদক নিলম্বন

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ: সোমবাৰে লোকসভাৰ পৰা ৩৩ গৰাকী বিৰোধী সদস্যক বহিষ্কাৰ কৰাৰ পাচত মঙলবাৰে পুনৰ ৪৯ জন সাংসদক নিলম্বন ৷ সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়চোৱাৰ বাবে নিলম্বন কৰা হয় আটাইকেইজন সাংসদক । নিলম্বিত সাংসদসকলৰ ভিতৰত আছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰ, কাৰ্তি চিদাম্বৰম, সমাজবাদী পাৰ্টিৰ ডিম্পল যাদৱ, এছ টি হাছান, কংগ্ৰেছৰ মণীষ তিৱাৰী, দানিছ আলী, ফাৰুখ আব্দুল্লা, প্ৰীতম সিং, এম ডি ফৈছাল, সুদীপ বন্দোপাধ্যায় ।

ইয়াৰ লগে লগে সংসদৰ এই শীতকালীন অধিৱেশনত এতিয়া মুঠ ১৪১ জন সাংসদক নিলম্বন কৰা হৈছে ৷ ইয়াৰে ৯৫ জন লোকসভাৰ আৰু ৪৬ জন ৰাজ্যসভাৰ সাংসদ । বিৰোধী দলৰ সাংসদসকলে তেওঁলোকৰ নিলম্বনক লৈ প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে হেঁচা দিয়ে ৷ বিৰোধী সাংসদসকলে প্লেকাৰ্ড দেখুৱাই প্ৰধানমন্ত্ৰী সদনলৈ আহক, গৃহমন্ত্ৰীয়ে পদত্যাগ কৰাৰ আদি শ্লোগান দিয়ে । বিৰোধীৰ প্ৰতিবাদৰ সময়তে লোকসভা আৰু ৰাজ্যসভা দুয়োখনেই দিনৰ ২ বজালৈ স্থগিত ৰখা হয় ।

ইফালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে, শেহতীয়া নিৰ্বাচনত পৰাস্ত হোৱাৰ হতাশাৰ বাবেই তেওঁলোকে (বিৰোধী সাংসদ) এনে পদক্ষেপ গ্ৰহণ কৰিছে । সেইবাবেই আমি সাংসদসকলক নিলম্বন কৰাৰ প্ৰস্তাৱ লৈছো । লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সুপ্ৰিয়া চুলে, মনীষ তেৱাৰী, শশী থাৰুৰ, মহম্মদ ফৈছাল, কাৰ্তি চিদাম্বৰম, সুদীপ বন্দোপাধ্যায়, ডিম্পল যাদৱ, দনিশ আলীকে ধৰি বিৰোধী দলৰ অন্যান্য সাংসদক নিলম্বন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ।

ইফালে সদনত বিৰোধীৰ প্ৰতিবাদকাৰী সাংসদসকলক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, একাংশ লোকৰ ভাগ্যত গঠনমূলক কাম কৰাৰ লিখা নাই আৰু যদি তেওঁলোকে নিজৰ এই কাৰ্য অব্যাহত ৰাখে তেন্তে বৰ্তমানৰ শক্তিতো তেওঁলোক লোকসভালৈ ঘূৰি আহিব নোৱাৰে । সংসদীয় দলৰ বৈঠকত বিজেপিৰ সাংসদসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীৰ ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁলোক শংকিত হ’ব নালাগে বুলি কোৱাৰ কথা জানিব পৰা গৈছে ।

লগতে পঢ়ক: সংসদৰ দুয়োখন সদনত আজিও হুলস্থুলৰ সম্ভাৱনা, সাংসদ নিলম্বনত ক্ষোভিত বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.