ETV Bharat / bharat

Uttarkashi Silkyara Tunnel Landslide : উত্তৰকাশী সুৰংগত ভূমিস্খলন; সংবেদনশীল সুৰংগটোত পূৰ্বতেও ঘটিছে এনে ঘটনা

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:46 PM IST

উত্তৰকাশী সুৰংগত ভূমিস্খলন; সংবেদনশীল সুৰংগটোত পূৰ্বতেও ঘটিছে এনে ঘটনা
Uttarkashi Silkyara Tunnel Landslide

উত্তৰকাশী চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাৰ বিষয়ে এক ডাঙৰ খবৰ লাভ কৰা হৈছে । খবৰ মতে, চিল্কিয়াৰা সুৰংগত পূৰ্বতেও বহুবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । চিল্কিয়াৰা সুৰংগত কাম কৰা শ্ৰমিকসকলে জনাইছে যে শ্ৰমিকসকল আবদ্ধ হৈ থকা ঠাইখন সুৰংগটোৰ এটা অতি সংবেদনশীল অংশ । সুৰংগৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত তাৰ ওপৰত কাম কৰিব লগা আছিল । কিন্তু তাৰ পূৰ্বেই এই দুৰ্ঘটনাটো সংঘটিত হয় ।

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ ওপৰত এতিয়া সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ । উত্তৰকাশী চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাত সাতখন ৰাজ্যৰ ৪০ জন শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে । দুৰ্ঘটনাটোৰ পিছত শ্ৰমিকসকলক সুৰংগৰ পৰা উলিয়াবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে । ইফালে উত্তৰকাশী সুৰংগ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতি মুহূৰ্ততে নতুন নতুন তথ্য ওলাই আছে ।

  • #WATCH | Uttarakhand | On the Uttarkashi Tunnel accident, Ranjeet Kumar Sinha, State Disaster Management Secretary says "...Since there was soft rock, it collapsed due to pressure. Treatment for the same will be done later currently our primary responsibility is to rescue people… pic.twitter.com/BqRlMXmTlA

    — ANI UP/Uttarakhand (@ANINewsUP) November 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আটাইতকৈ ডাঙৰ তথ্যটো হ'ল যে চিল্কিয়াৰা সুৰংগত ধ্বংসাৱশেষ পৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় । ভূমিস্খলনৰ ফলত সুৰংগটোৰ ভিতৰত ৪০ জন শ্ৰমিক আবদ্ধ হৈ থকা সংবেদনশীল অংশটোত পূৰ্বতেও কেইবাবাৰো ধ্বংসাৱশেষ পৰিছিল । যাৰ স্থায়ী সমাধান সুৰংগটো ইপাৰ-সিপাৰ নিৰ্মাণ হোৱাৰ পিছত কৰিবলগা আছিল ।

  • Uttarakhand Chief Minister Pushkar Singh Dhami has wished the people of the state, especially the children, on Children's Day. The Chief Minister paid tribute to former Prime Minister Pt. Jawaharlal Nehru. The Chief Minister said that children are the future of the country and it… pic.twitter.com/3LklN8Xqz7

    — ANI UP/Uttarakhand (@ANINewsUP) November 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু যদি আৰম্ভণিতে এই সংবেদনশীল অংশটোৰ স্থায়ী সম্ধানৰ ব্যৱস্থা কৰা হ'লহেঁতেন, তেন্তে এই ঘটনাটো সংঘটিত নহ'লহেঁতেন । উল্লেখ্য যে চাৰধাম পথ প্ৰকল্পৰ অধীনত চিল্কিয়াৰা আৰু পোলগাঁৱৰ মাজত ৪.৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণ কৰা হৈছে । দেওবাৰে এই সুৰংগটোৰ ৰেচমিয়াৰা মুখৰ প্ৰায় ২৩০ মিটাৰৰ ভিতৰত ৩৫ মিটাৰত এক বৃহৎ ভূমিস্খলন সংঘটিত হয় । এই ধ্বংসাৱশেষ প্ৰায় ৬০ মিটাৰ ব্যাসাৰ্ধত বিয়পি পৰে । যাৰ বাবে সুৰংগটো বন্ধ হৈ যায় । ইয়াৰ ফলত সুৰংগ খননত নিয়োজিত ৪০ জন শ্ৰমিক ভিতৰত আবদ্ধ হৈ পৰে ।

  • Uttarkashi tunnel accident | Water, food, oxygen and electricity are available with the workforce trapped inside the runnel. Small food packets have also been pumped inside the tunnel. All stranded workers are safe: National Highway & Infrastructure Development Corporation… pic.twitter.com/mkGAHJFwG0

    — ANI UP/Uttarakhand (@ANINewsUP) November 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্ৰমিকসকলে উদঙাইছে প্ৰকৃত সত্য : প্ৰথমদিনা নিৰ্মাণকাৰ্যৰ সৈতে জড়িত শ্ৰমিকসকলৰ সৈতে কথা পতাৰ সময়ত তেওঁলোকে কৈছিল যে ভূমিস্খলন হোৱা ঠাইখন সুৰংগটোৰ এটা অতি সংবেদনশীল অংশ । য'ত পূৰ্বতে বহুবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । তাত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । তেওঁলোকে কৈছে যে এই সংবেদনশীল অংশটোক স্থায়ী সুৰক্ষা ব্যৱস্থা দিয়া হোৱা নাছিল । যাৰ বাবে সুৰংগটো ইপাৰ-সিপাৰ হোৱাৰ বাবে নিৰ্দিষ্ট সময় ৰখা হৈছিল । শ্ৰমিকসকলে কৈছে যে যদি এই অংশটো স্থায়ীভাৱে অধিক সুৰক্ষাৰে নিৰ্মাণ কৰা হ'লহেঁতেন, তেন্তে এনে ঘটনা সংঘটিত নহ'লহেঁতেন ।

আনহাতে, দুৰ্ঘটনাটোৰ পিছত সোমবাৰে উপস্থিত হোৱা দুৰ্যোগ ব্যৱস্থাপনা সচিব ডঃ ৰঞ্জিত সিনহাই কয় যে এই সংবেদনশীল অংশটোত ৰিবেজ লগোৱাৰ পিছত ৰক বোল্টিং আৰু প্ৰাথমিক আৱৰণো কৰা হৈছিল । কিন্তু ধ্বংসাৱশেষৰ প্ৰচুৰ চাপৰ বাবে সুৰংগটো ভাঙি পৰে । তেওঁ কয় যে এই অংশটোক পিছত স্থায়ী ব্যৱস্থাৰে সুৰক্ষা প্ৰদান কৰা হ'ব ।

ইফালে ঘটনাটোৰ পিছত চিবিআৰআই (কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠান) আৰু ৱাদিয়া ইনষ্টিটিউট অব হিমালয় ভূবিজ্ঞানকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ দল ঘটনাস্থলীত উপস্থিত হয় । সকলোৱে ঘটনাটোৰ আঁৰৰ কাৰণবিলাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । এইটোও কোৱা হৈছে যে দলবোৰে পৰীক্ষাৰ বাবে সুৰংগৰ ভিতৰৰ ধ্বংসাৱশেষৰ সৈতে নিৰ্মাণ কৰা পাহাৰীয়া সুৰংগৰ ওপৰৰ অংশৰ পৰা মাটি আৰু শিলৰ নমুনাও সংগ্ৰহ কৰিছে ।

থোৰতে চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনা

  • দেওবাৰে পুৱা ৫.৩০ বজাত সুৰংগটোত ভূমিস্খলন
  • যাৰ ফলত ৪০ জন শ্ৰমিক সুৰংগটোত আবদ্ধ হৈ আছে
  • ঘটনাটো পুৱা ৮.৪৫ বজাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগক জনোৱা হয়
  • পুৱা ১০ বজাত এছ পি অৰ্পণ যদুবংশী উত্তৰকাশীৰ ঘচনাস্থলীত উপস্থিত হয়
  • পুৱা ১০ বজাত উলম্ব ড্ৰিলিং মেচিন অৰ্ডাৰ কৰা হয়
  • পুৱা ১০ বজাত চিল্কিয়াৰা সুৰংগত উদ্ধাৰ অভিযান আৰম্ভ
  • এছডিআৰএফ, এনডিআৰএফ দল পুৱা ১০.৩০ বজাত ঘটনাস্থলীত উপস্থিত
  • দুপৰীয়া ১ বজাত এনএইচআইডিচিএলৰ মুখ্য মহাপ্ৰবন্ধক বিশাল গুপ্তাৰ সৈতে ডিএম অভিষেক ৰুহেলা ঘটনাস্থলীত উপস্থিত
  • দুপৰীয়া ১২.৩০ বজাত ভিতৰত আবদ্ধ শ্ৰমিকসকলৰ সৈতে ৱাকি-টকীৰে যোগাযোগ
  • আলোচনাৰ পিছত শ্ৰমিকসকলক খাবলৈ চানা আৰু শুকান খাদ্য প্ৰেৰণ
  • ১৩ নৱেম্বৰৰ পুৱা ১১ বজাত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ঘটনাস্থলীত উপস্থিত হয়
  • দুৰ্যোগ ব্যৱস্থাপনা সচিব ডঃ ৰঞ্জিত কুমাৰ সিনহা ১২ বজাত ঘটনাস্থলীত উপস্থিত হয়

লগতে পঢ়ক :Uttarakhand Tunnel Collapse : উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনা; মনলৈ উভতি আহিছে ৩৪ বছৰ পূৰ্বৰ ৰাণীগঞ্জৰ স্মৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.