ETV Bharat / bharat

অৱশেষত জামিন পালে লালু প্ৰসাদ যাদৱে

author img

By

Published : Apr 17, 2021, 1:20 PM IST

কাৰাগৰৰ পৰা অচিৰেই মুকলি আকাশৰ তললৈ আহিব লালু প্ৰসাদ যাদৱ । শনিবাৰে লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰিলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে । পশুখাদ্যৰ নামত ডুমকা কোষাগাৰৰ পৰা অবৈধভাৱে চৰকাৰী ধন উলিওৱাৰ গোচৰত কাৰাদণ্ড বিহা হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ।

পশুখাদ্য কেলেংকাৰী গোচৰত লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ
পশুখাদ্য কেলেংকাৰী গোচৰত লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: ডুমকা কোষাগাৰৰ পৰা অবৈধভাৱে চৰকাৰী ধন উলিওৱাৰ গোচৰত জামিন লাভ কৰিলে আৰ জে ডিৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে । শনিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰে । ৯০০ কোটিৰো অধিক টকাৰ পশুখাদ্য কেলেংকাৰী সম্পৰ্কীয় পাঁচটা গোচৰৰ ভিতৰত চাৰিটা গোচৰত দোষী সাব্যস্ত কৰা হৈছে যাদৱক ।

তেওঁ ইতিমধ্যে পশুখাদ্য কেলেংকাৰীৰ আন তিনিটা গোচৰত জামিন লাভ কৰিছে । ঝাৰখণ্ড বিহাৰৰ অংশ হৈ থকাৰ সময়তে ১৯৯০ চনৰ আৰম্ভণিতে পশুপালন বিভাগৰ কোষাগাৰৰ পৰা অবৈধভাৱে ধন উলিওৱাৰ গোচৰৰে নাম সাঙোৰ খাইছিল লালু প্ৰসাদ যাদৱৰ ।

কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত বিহাৰত আৰ জে ডিৰ শাসন চলিছিল আৰু লালু প্ৰসাদ যাদৱ মুখ্যমন্ত্ৰী আছিল । ঝাৰখণ্ডত অৱস্থিত দেওঘৰ, ডুমকা আৰু দুটা চাইবাছা কোষাগাৰৰ পৰা প্ৰৱঞ্চনামূলকভাৱে ধন উলিওৱাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা হৈছে ।

লগতে পঢ়ক:দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.