ETV Bharat / bharat

আজি মুকলি আকাশৰ তললৈ আহিব লালু প্ৰসাদ যাদৱ

author img

By

Published : Apr 28, 2022, 12:15 PM IST

লালু প্ৰসাদ যাদৱক আজি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ব (Lalu Prasad Yadav Will be released from jail) । ২২ এপ্ৰিলত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে । মুকলিৰ পাছতে লালু প্ৰসাদ যাদৱে ৩০ এপ্ৰিলত পাটনাত উপস্থিত হ'ব ।

Lalu Prasad Yadav
আজি মুকলি আকাশৰ তললৈ আহিব লালু

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল : মুকলি আকাশৰ তললৈ আহিব লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav Will be released) । পশু খাদ্য কেলেংকাৰী (Fodder scam), দৰন্দা কোষাগাৰৰ পৰা অবৈধভাৱে ধন উলিওৱাকে ধৰি কেইবাটাও গোচৰত দোষী সাব্যস্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বৃহস্পতিবাৰে মুক্তি দিয়া হ'ব ।

যোৱা ২২ এপ্ৰিলত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে (Lalu was granted bail by Jharkhand High Court) ৷ বুধবাৰে দুপৰীয়া ১২ বজাত জামিনৰ আদেশ জাৰি কৰা হয় যদিও একেদিনাই জামিন বণ্ড দাখিল কৰিব পৰা নগ’ল ৷

বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি লালু প্ৰসাদ যাদৱৰ জামিন বণ্ড চিবিআইৰ বিশেষ আদালতত দাখিল কৰা হ’ব ৷ ইয়াৰ পাছতে লালু প্ৰসাদক কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়া হ'ব । ৩০ এপ্ৰিলত আৰ জে ডি-ৰ নেতা লালু প্ৰসাদ যাদৱ পাটনাস্থিত আৱাসত উপস্থিত হ'ব ।

লালু প্ৰসাদৰ অধিবক্তা প্ৰভাত কুমাৰে সদৰি কৰা মতে, ২৭ এপ্ৰিলত জামিনৰ আদেশ উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰা হৈছে । বৃহস্পতিবাৰে নিম্ন আদালতত জামিনৰ বণ্ড দাখিল কৰা হ'ব । আদালতৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত, বিচাৰ আদালতৰ পৰা জামিনৰ আদেশ কাৰাগাৰ প্ৰশাসনলৈ প্ৰেৰণ কৰা হ'ব ।

তেওঁ লগতে কয় যে, কাৰাগাৰ কৰ্তৃপক্ষই AIIMS ৰ সঞ্চালককো এই জামিনৰ বিষয়ে অৱগত কৰিব (Lalu Prasad Yadav granted bail) ৷ কিয়নো বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যজনিত সমস্যাৰ বাবে AIIMS ত চিকিৎসাধীন হৈ আছে (Lalu Prasad Yadav in AIIMS) ৷ তেওঁ কয় যে, কাৰাগাৰ প্ৰশাসনৰ তথ্য পোৱাৰ পিছতহে তেওঁক মুকলি কৰি দিয়া হ'ব ।

উল্লেখ্য যে, লালু যাদৱক অৰ্ধ শাস্তি লাভ আৰু স্বাস্থ্যজনিত কাৰণত জামিন দিয়া হৈছে । লালু প্ৰসাদ যাদৱে জৰিমনা হিচাপে ১ লাখ টকা আৰু ১০ লাখ টকাৰ বণ্ড দাখিল কৰিব লাগিব । লালুৱে ইতিমধ্যে চাৰিটাকৈ পশুখাদ্য কেলেংকাৰী সম্পৰ্কীয় গোচৰত পূৰ্বে দোষী সাব্যস্ত হৈছে আৰু সেইবোৰত জামিন লাভ কৰিছে ।

লগতে পঢ়ক : লালুৰ বিৰুদ্ধে অন্য এক গোচৰ : প্ৰশস্ত নহ’ব পাৰে কাৰামুক্তিৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.