ETV Bharat / bharat

লালুৰ বিৰুদ্ধে অন্য এক গোচৰ : প্ৰশস্ত নহ’ব পাৰে কাৰামুক্তিৰ পথ

author img

By

Published : Apr 27, 2022, 9:10 PM IST

2015 চনৰ 27 ছেপ্তেম্বৰত গংগা ব্ৰীজ থানাৰ অন্তৰ্গত ৰাস্য বিহাৰীৰ এক জন সমাবেশত বৰ্ণ বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে আৰ জে ডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে (Casteist remarks by Lalu Prasad Yadav) ৷ বৃহস্পতিবাৰে লালু প্ৰসাদ যাদৱ মুকলি আকাশৰ তললৈ অহাতো নিশ্চিত হৈ পৰিছিল যদিও এই গোচৰৰ বাবে পুনৰ বাধা আহিব পাৰে লালুৰ কাৰামুক্তি প্ৰক্ৰিয়াত ৷

charges framed against lalu prasad
charges framed against lalu prasad

নিউজ ডেস্ক, 27 এপ্ৰিল : পশুখাদ্য কেলেংকাৰীৰ গোচৰত (The fodder scam) কাৰাবাস খাটি থকা আৰ জে ডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ইতিমধ্যে জামিন লাভ কৰিছে (Lalu Prasad Yadav granted bail) ৷ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে যোৱা 22 এপ্ৰিলত জামিন মঞ্জুৰ কৰিছে বৰ্ষীয়ান নেতাগৰাকীক ৷ কিন্তু এতিয়াও সমস্যা শেষ হোৱা নাই লালুৰ ৷ হাজিপুৰ আদালতে আন এটা গোচৰ আৰোপ কৰিছে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে ৷ 2015 চনৰ 27 ছেপ্তেম্বৰত গংগা ব্ৰীজ থানাৰ অন্তৰ্গত ৰাস্য বিহাৰীৰ এক জন সমাৱেশত বৰ্ণ বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে দেশৰ বৰ্ষীয়ান ৰাজনৈতিক নেতা গৰাকীৰ বিৰুদ্ধে (Casteist remarks by Lalu Prasad Yadav)৷

লালু প্ৰসাদ যাদৱে কৰা বিশেষ মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাচতে সদৰ চক্ৰ পৰিদৰ্শক নিৰঞ্জন কুমাৰে এটা গোচৰ ৰুজু কৰিছিল 29 ছেপ্তেম্বৰ 2015 ত ৷ প্ৰথমতে লালু প্ৰসাদ যাদৱে এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও মুখ্য ন্যায়িক দণ্ডাধীশ আস্মিত্ৰা ৰাজে ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি এই সন্দৰ্ভত গোচৰ দাখিল কৰে (Lalu Prasad Yadav updates) ৷

লালু প্ৰসাদ যাদৱৰ হৈ ওকালতি কৰা অধিবক্তা শ্যাম বাবু ৰায়ে কয় যে, গোচৰটো ভাৰতীয় দণ্ডবিধি আইনৰ 188 ধাৰা আৰু জনপ্ৰতিনিধিত্ব আইনৰ 125 ধাৰাত ৰুজু কৰা হৈছিল ৷ লালু প্ৰসাদ যাদৱৰ পক্ষৰ শুনানি গ্ৰহণৰ পাচত আদালত গোচৰটো বিচাৰৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷ অধিবক্তা গৰাকীয়ে লগতে কয় যে, কাকো দুখ দিয়াৰ অভিপ্ৰায় নাছিল লালু প্ৰসাদ যাদৱৰ ৷

ইতিপূৰ্বে লালু প্ৰসাদ যাদৱে এই গোচৰত জামিন লাভ কৰিছিল ৷ লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰো দায়িত্বত আছিল ৷ সেয়ে আদালতে তেওঁক জামিন প্ৰদান কৰিছিল ৷

উল্লেখ্য যে, যোৱা 22 এপ্ৰিলত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে লালু প্ৰসাদ যাদৱৰ ৷ পাঁচটাকৈ গুৰুতৰ কেলেংকাৰীত দোষী সাব্যস্ত হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ (Cases against Lalu Prasad Yadav)৷ দৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱাৰ বাবে লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰিছিল আদালতে ৷ তাৰোপৰি কুখ্যাত 950 কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰৰ সৈতে সম্পৰ্কিত আন চাৰিটা গোচৰতো দোষী সাব্যস্ত হৈছিল লালু প্ৰসাদ যাদৱ ৷

এতিয়া বৃহস্পতিবাৰে লালু প্ৰসাদ যাদৱ মুকলি আকাশৰ তললৈ অহাতো নিশ্চিত হৈ পৰিছিল যদিও এই গোচৰৰ বাবে পুনৰ বাধা আহিব পাৰে লালুৰ কাৰামুক্তি প্ৰক্ৰিয়াত ৷

লগতে পঢ়ক : Lalu Prasad Yadav updates: 28 এপ্ৰিলত কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.