ETV Bharat / bharat

Lalu Prasad Yadav updates: 28 এপ্ৰিলত কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ

author img

By

Published : Apr 27, 2022, 7:20 PM IST

জামিন পালে দেশৰ অতিকৈ চৰ্চিত ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে (Lalu Prasad Yadav granted bail) ৷ পাঁচটাকৈ গুৰুতৰ কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈছিল বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকী ৷ ২০১৭ চনৰ ডিচেম্বৰৰ পৰা কাৰাবাস খাটি আছে লালু প্ৰসাদ যাদৱে ৷

Lalu Prasad Yadav updates
Lalu Prasad Yadav updates

নিউজ ডেস্ক, 27 এপ্ৰিল : দীৰ্ঘদিনীয়া কাৰাবাসৰ অন্তত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহিব আৰ জে ডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱ (RJD chief Lalu Prasad Yadav) ৷ যোৱা 22 এপ্ৰিলত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে লালু প্ৰসাদ যাদৱৰ ৷ বুধবাৰে দুপৰীয়া 12 বজাত জামিনৰ আদেশ জাৰি কৰা হয় যদিও একেদিনাই জামিন বণ্ড দাখিল কৰিব পৰা নগ’ল ৷

বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি লালু প্ৰসাদ যাদৱৰ কাৰামুক্তিৰ বাবে জামিন বণ্ড চি বি আইৰ বিশেষ আদালতত দাখিল কৰা হ’ব ৷ সংবাদ মাধ্যমৰ আগত লালু প্ৰসাদ যাদৱৰ অধিবক্তা প্ৰভাত কুমাৰে কয় যে, ‘‘আমি উচ্চ ন্যায়ালয়ৰ পৰা জামিনৰ নিৰ্দেশনা লাভ কৰিছোঁ ৷ এতিয়া নিম্ন আদালতত জামিন বণ্ড দাখিল কৰিব লাগিব ৷ আইনী প্ৰক্ৰিয়া সমাপনৰ পাচত এই নিৰ্দেশনা কাৰাগাৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব’’ ৷

তেওঁ লগতে কয় যে, কাৰাগাৰ কৰ্তৃপক্ষই AIIMS ৰ সঞ্চালককো এই জামিনৰ বিষয়ে অৱগত কৰিব (Lalu Prasad Yadav granted bail)৷ কিয়নো বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্য জনিত সমস্যাৰ বাবে AIIMS ত চিকিৎসাধীন হৈ আছে (Lalu Prasad Yadav in AIIMS)৷ অধিবক্তাজনে আৰু জনাই যে লালু প্ৰসাদৰ মুক্তিৰ বাবে এই প্ৰক্ৰিয়াবোৰ গুৰুত্বপূৰ্ণ ।

উল্লেখ্য যে, পাঁচটাকৈ গুৰুতৰ কেলেংকাৰীত দোষী সাব্যস্ত হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ (Cases against Lalu Prasad Yadav)৷ দৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱাৰ বাবে লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰিছিল আদালতে ৷ তাৰোপৰি কুখ্যাত 950 কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰৰ সৈতে সম্পৰ্কিত আন চাৰিটা গোচৰতো দোষী সাব্যস্ত হৈছিল লালু প্ৰসাদ যাদৱ ৷

চাইবাচা কোষাগাৰৰ পৰা 37.7 কোটি টকা আৰু 33.13 কোটি টকা, দেওঘৰ কোষাগাৰৰ পৰা 89.27 কোটি টকা আৰু দুমকা কোষাগাৰৰ পৰা 3.76 কোটি টকা অবৈধভাৱে উলিওৱাৰ গোচৰ আছে তেওঁৰ বিৰুদ্ধে । ২০১৮ চনত দুমকা গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে তেওঁক ৬০ লাখ টকাৰ জৰিমনা প্ৰদান কৰা হৈছিল । ২০১৭ চনৰ ডিচেম্বৰৰ পৰা কাৰাবাস খাটি আছে লালু প্ৰসাদ যাদৱে ৷

লগতে পঢ়ক : Fodder Scam : পুনৰ কাৰাগাৰ যাত্ৰাৰ দিশে লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.