ETV Bharat / bharat

Farmers protest : পুনৰ আৰম্ভ হৈছে কৃষকৰ প্ৰতিবাদ

author img

By

Published : Jun 12, 2023, 5:46 PM IST

হাৰিয়ানাত কৃষকৰ তীব্ৰ প্ৰতিবাদ । সূৰ্যমুখী ফুলৰ এমএছপিৰ দাবীত পথ অৱৰোধ কৃষকৰ । দীৰ্ঘদিনলৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৃষক নেতা ৰাকেশ টিকায়টৰ ।

Farmers protest
পুনৰ আৰম্ভ হৈছে কৃষকৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,১২ জুন : দেশত পুনৰ আৰম্ভ কৃষকৰ প্ৰতিবাদ । হাৰিয়ানাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কৃষকসকলে । সূৰ্যমুখী ফুলৰ নিম্নতম সামৰ্থক মূল্যৰ দাবীত লগতে লাঠী চালনাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৃষকসকলৰ । প্ৰতিবাদৰ অংশস্বৰূপে পিপলিত কৃষকসকলে এখন মহাপঞ্চায়ত অনুষ্ঠিত কৰে । ইফালে চৰকাৰৰ সৈতে আলোচনাৰ বাবে প্ৰতিবাদকাৰী কৃষকসকলে দুপৰীয়া ২ বজালৈকে সময় দিছিল । কিন্তু কোনো ফলাফল পোৱা নগ'ল যাৰ বাবে কৃষকসকলে ঘাইপথ অৱৰোধ কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে যমুনানগৰত উপস্থিত হোৱা ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকায়টে কয় যে এমএছপিৰ বাবে আন্দোলন যিকোনো পৰিস্থিতিলৈ যাব পাৰে ।

প্ৰতিবাদৰ অংশস্বৰূপে কুৰুক্ষেত্ৰৰ জিটি ৰোডত হাজাৰ হাজাৰ কৃষক সমবেত হয় । বহু স্থানত কৃষকসকলে ট্ৰেক্টৰবোৰ ৰাস্তাৰ মাজলৈ লৈ যায় । কৃষকসকলে পিপলিৰ ওচৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । মুখ্য পথৰ উপৰিও কৃষকসকলে দলং আৰু উপপথসমূহো অৱৰোধ কৰে । যানজঁটৰ পৰিপ্ৰেক্ষিতত চণ্ডিগড়ৰ পৰা কৰ্ণাল-দিল্লী আৰু যমুনানগৰলৈ যোৱা বাহনবোৰৰ পথ সলনি কৰা হয় ।

ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকায়টে স্পষ্ট কৰি দিছে যে এই প্ৰতিবাদ দীৰ্ঘদিন ধৰি চলিব । তেওঁ কয় যে চৰকাৰৰ সৈতে সূৰ্যমুখী ফুলৰ এমএছপি আৰু আটক কৃষকসকলক মুকলি কৰাৰ বিষয়ে কথা পাতিব । তেওঁ উল্লেখ কৰা মতে বিজেপি বিৰোধীত থকা সময়ত সকলো দাবী মানি লৈছিল কিন্তু ক্ষমতালৈ অহাৰ লগে লগে সকলো পাহৰি গৈছে । টিকাইটৰ মতে স্বাধীনতা সংগ্ৰাম ৯০ বছৰ ধৰি চলিছিল । কৃষকসকলেও আকৌ এবাৰ দীঘলীয়া আন্দোলনৰ বাবে প্ৰস্তুতি চলাই আছে ।

কুৰুক্ষেত্ৰৰ শ্বাহবাদত একেটা বিষয়তে কৃষকসকলে প্ৰতিবাদ কৰিছিল কিন্তু কৃষকসকলৰ ওপৰত লাঠি চালনা কৰা হয় । যাৰ বাবে পুনৰ সোমবাৰে কুৰুক্ষেত্ৰৰ পিপলিত কৃষক মহাপঞ্চায়তৰ আহ্বান জনোৱা হয় । ৰাকেশ টিকায়টে লগতে ইংগিত দিছে যে যদি তেওঁ দিল্লীৰ দৰে আন্দোলন দীঘলীয়া কৰিব লগা হয় তেতিয়াও তেওঁ পিছুৱাই নাহিব ।

লগতে পঢ়ক :Haryana bandh on 14th June : মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই ১৪ জুনত বন্ধ হাৰিয়ানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.