ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত চাহ বিক্ৰী কৰা দোকানখনৰ কথা

author img

By

Published : Sep 17, 2022, 1:13 PM IST

Updated : Sep 17, 2022, 2:33 PM IST

modi
modi

মেহছানা আজি দেশ আৰু বিশ্বৰ দৃষ্টিত (Mehsana become tourist place) । এই মেহছানা গুজৰাটৰ ভাদনগৰত অৱস্থিত । ই এখন ঐতিহাসিক চহৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহভূমি হিচাপে পৰিচিত । চৰকাৰে এই চহৰখনৰ বিকাশৰ বাবে এটা নতুন পৰীক্ষা কৰিছে । ভাদনগৰ ৰে'ল ষ্টেচনটো পৰ্যটকৰ স্থান হিচাপে আধুনিক ধৰণে বিকশিত কৰা হৈছে ।

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত ভাদনগৰ ৰে'ল ষ্টেচনত চাহ বিক্ৰী কৰিছিল (Prime Minister Modi sold tea in childhood) । সেই দোকানখন এতিয়াও তাত আছে । চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন (PM Narendra Modi birthday) উপলক্ষে উক্ত চাহৰ দোকানখন সংগ্ৰহালয়ত ৰাখিব লাগে (Modi tea stall kept in museum) । ইয়াৰ লগতে তালৈ পৰ্যটকৰ আগমনৰ বাবে স্থানীয় লোকসকলেও সুখী অনুভৱ কৰিছে ।

মেহছানা আজি দেশ আৰু বিশ্বৰ দৃষ্টিত (Mehsana become tourist place) । এই মেহছানা গুজৰাটৰ ভাদনগৰত অৱস্থিত । ই এখন ঐতিহাসিক চহৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহভূমি হিচাপে পৰিচিত । চৰকাৰে এই চহৰখনৰ বিকাশৰ বাবে এটা নতুন পৰীক্ষা কৰিছে । ভাদনগৰ ৰে'ল ষ্টেচনটো পৰ্যটকৰ স্থান হিচাপে আধুনিক ধৰণে বিকশিত কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত চাহ বিক্ৰী কৰা দোকানখনৰ কথা
প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত চাহ বিক্ৰী কৰা দোকানখনৰ কথা

আধুনিক সেৱাৰে সজ্জিত ভাদনগৰ ৰে'ল ষ্টেচনৰ (Vadnagar railway station) এখন বিখ্যাত চাহৰ দোকান আজি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে । কিয়নো এই চাহৰ দোকানখন বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃ বুলি কোৱা হয় । লগতে নৰেন্দ্ৰ মোদীৰ শৈশৱৰ কিছু স্মৃতি এই চাহৰ দোকানৰ সৈতে জড়িত হৈ আছে (Narendra Modi father teal stall) ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম ভাদনগৰত । তেওঁ তেওঁৰ শৈশৱ তাতেই অতিবাহিত কৰিছিল । এটা সাধাৰণ পৰিয়ালৰ পৰা অহা নৰেন্দ্ৰ মোদী শিক্ষাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল । কিন্তু পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ জোৰা মাৰিববলৈ তেওঁৰ দেউতাকে ৰে'ল ষ্টেচনত চাহৰ ব্যৱসায় কৰিছিল । গতিকে দেউতাকক সহায় কৰিবলৈ তেওঁ স্কুল ছুটিৰ পিছত ৰে'ল ষ্টেচনত থকা দেউতাকৰ চাহৰ দোকানলৈ গৈছিল ।

কেইবছৰমান আগতে এই ক্ষেত্ৰত লাভ কৰা তথ্য অনুসৰি, নৰেন্দ্ৰ মোদীয়ে ভাদনগৰ ৰে'ল ষ্টেচনত চাহ বিক্ৰী কৰি যাত্ৰীসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল । বৰ্তমান উক্ত ৰে'ল ষ্টেচনটোত তেওঁৰ স্মৃতিত এটা ষ্টল স্থাপন কৰা হৈছে । এইটো ৰে'ল ষ্টেচনটো বৰ্তমান ভ্ৰমণৰ যোগ্য স্থানবোৰৰ এখন হৈ পৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত চাহ বিক্ৰী কৰা দোকানখনৰ কথা
প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত চাহ বিক্ৰী কৰা দোকানখনৰ কথা

ভাদনগৰ ৰে'ল ষ্টেচনৰ চাহৰ দোকানখনে আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱৰ সংগ্ৰামৰ কাহিনী কয় । বৰ্তমান ইয়াত চৰকাৰে এটা সংগ্ৰহালয়ত চাহৰ দোকান স্থাপনৰ ব্যৱস্থা কৰি আছে । আনহাতে, চাহৰ দোকানৰ পৰা ভাদনগৰ ৰে'ল ষ্টেচনলৈ অহা লোকসকল আৰু তেওঁলোকক পুৰণি স্মৃতিৰে নষ্টালজিক কৰিবলৈ এখন ডুপ্লিকেট চাহৰ দোকান স্থাপন কৰা হ'ব ।

যিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেউতাকৰ চাহৰ দোকানৰ সমতুল্য কৰা হ'ব । ইয়াৰ উপৰি ভাদনগৰ ৰে'ল ষ্টেচন এটা ঐতিহাসিক ৰে'ল ষ্টেচন হোৱাৰ বাবে তালৈ পৰ্যটকৰ আগমনৰ ফলত স্থানীয় ব্যৱসায়ীসকলে ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰক ধন্যবাদ জনাই স্থানীয় ৰাইজে গৌৰৱ অনুভৱ কৰিছে ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদীৰ জীৱনত মাতৃ হীৰাবাৰ ভূমিকা

Last Updated :Sep 17, 2022, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.