ETV Bharat / bharat

AICC in charge appointment : ৩ খন ৰাজ্যত নিযুক্তি দিয়া হ'ব কংগ্ৰেছৰ নতুন প্ৰভাৰী

author img

By

Published : Jun 9, 2023, 5:15 PM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডু, মহাৰাষ্ট্ৰ আৰু গুজৰাটত নিযুক্তি দিয়া হ'ব নতুন প্ৰভাৰী (AICC in charge appointment in 3 state)। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ইতিমধ্যে এই সন্দৰ্ভত পৰিকল্পনা আৰম্ভ কৰিছে । অৱশ্যে তামিলনাডুক বাদ দি বাকী বাকী দুখনত কংগ্ৰেছৰ সন্মুখত কিছু সমস্যা আছে ।

AICC appointment
৩ খন ৰাজ্যত দিয়া হ'ব কংগ্ৰেছৰ নতুন ভাৰপ্ৰাপ্তক নিযুক্তি

নেশ্যনেল ডেস্ক,৯ জুন : শীঘ্ৰে তামিলনাডু, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দায়িত্বত কংগ্ৰেছৰ তিনিগৰাকী নতুন সাধাৰণ সম্পাদক নিযুক্ত দিয়া হ'ব (Kharge to appoint AICC in charge)। সাংগঠনিক পৰিৱৰ্তনসমূহ পৰ্যালোচনা কৰাৰ পাছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই নিযুক্ত দিব । এআইচিচিৰ এগৰাকী জ্যেষ্ঠ কৰ্মীয়ে উল্লেখ কৰা মতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে সাংগঠনিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে । এনে পৰিৱৰ্তনৰ পূৰ্বে পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

দলৰ ভিতৰুৱা খবৰ অনুসৰি তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ এআইচিচি ভাৰপ্ৰাপ্ত হিচাপে থকা দিনেশ গুণ্ডু ৰাও আৰু এইচ কে পাটিলে তেওঁলোকৰ দায়িত্ব পালন কৰিব নোৱাৰিব । কিয়নো শেহতীয়াকৈ কৰ্ণাটকৰ মন্ত্ৰীসভাত তেওঁলোকে স্থান লাভ কৰিছে (Tamil Nadu AICC in charge)।

গুজৰাট এআইচিচিৰ প্ৰভাৰী ৰঘু শৰ্মাই ২০২২ চনৰ বিধানসভা নিৰ্বাচনত দলৰ শোচনীয় পৰাজয়ৰ পাছতে খাৰ্গেৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল । কিন্তু বিষয়টো কংগ্ৰেছে স্থগিত ৰাখিছিল । ৰঘু শৰ্মা ৰাজস্থানৰ এগৰাকী বিধায়ক য'ত এই বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাত তেওঁ বেছিভাগ সময় থাকিব লাগিব ।

সেয়েহে, গুজৰাটৰ বাবেও নতুন এআইচিচিৰ প্ৰভাৰীৰ প্ৰয়োজনীয়তা আছে । জানুৱাৰীত, খাৰ্গেয়ে অমিত চাৱদাক গুজৰাট বিধানসভাত নতুন চিএলপি নেতা হিচাপে নিযুক্তি দিয়ে, কিন্তু তেওঁ এতিয়াও পিচিচি প্ৰধান জগদীশ ঠাকুৰৰ ঠাইত নতুন মুখৰ সিদ্ধান্ত লোৱা নাই । দলৰ ভিতৰুৱা তথ্য অনুসৰি, গুজৰাটৰ কেইবাজনো জ্যেষ্ঠ নেতাই শেহতীয়াকৈ খাৰ্গেক সাক্ষাৎ কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক পৰিচালনা কৰাৰ বাবে নতুন এআইচিচিৰ ভাৰপ্ৰাপ্ত নিযুক্তিৰ দাবী জনাইছে ।

মহাৰাষ্ট্ৰতো একে ধৰণৰ সমস্যা দেখা গৈছে । এআইচিচিৰ জ্যেষ্ঠ নেতা এইচ কে পাটিলৰ সলনি আন এজনক দায়িত্ব দিব লাগিব । প্ৰদেশ কংগ্ৰেছে নতুন এআইচিচিৰ ভাৰপ্ৰাপ্ত নিযুক্তি দাবী কৰি আহিছে ।

উল্লেখ্য যে খাৰ্গেই প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ সৈতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ কিছুদিন পাছতে ৰাজ্যিক সভাপতি পাটোলেৰ সমৰ্থকসকলে দিল্লীত উপস্থিত হৈ খাৰ্গেক সাক্ষাৎ কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি নকৰিবলৈ আহ্বান জনায় । খাৰ্গে দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰ কংগ্ৰেছত হৈ থকা বিবাদৰ বাবে বিৰক্ত হৈ আছিল আৰু ফেব্ৰুৱাৰীত ৰাজ্যখনৰ বিষয়বোৰ নিৰীক্ষণ কৰিবলৈ আৰু তৎক্ষণাৎ প্ৰতিবেদন দাখিল কৰিবলৈ কেৰালাৰ প্ৰবীণ নেতা ৰমেশ চেন্নিথালাক তেওঁৰ বিশেষ দূত হিচাপে নিয়োজিত কৰিছিল ।

দলৰ ভিতৰুৱা তথ্য মতে চেন্নিথালাৰ প্ৰতিবেদনখন খাৰ্গে নতুন ৰাজ্যিক নিযুক্তি চূড়ান্ত কৰিবলৈ ব্যৱহাৰ কৰিব । অৱশ্যে তামিলনাডুত নতুন এআইচিচি প্ৰভাৰী নিযুক্তিৰ ক্ষেত্ৰত বেছি সমস্যা নহ'ব । কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰে ৩৯ খন লোকসভা আসনৰ বাবে যুটীয়াভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

লগতে পঢ়ক :9th Years of Narendra Modi Govt : দুদিনত ৪ ৰাজ্যত ৰাজহুৱা সভা সম্বোধন কৰিব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.