ETV Bharat / bharat

ৰাহুল গান্ধীক উৎখাত কৰিবলৈয়ে খাৰ্গেক প্ৰধানমন্ত্ৰী হিচাপে প্ৰস্তাৱ; বিজেপি

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:57 AM IST

BJP target INDIA bloc : বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে কেজৰিৱাল আৰু মমতা বেনাৰ্জীয়ে অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিৰোধী ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে মল্লিকাৰ্জুন খাৰ্গেৰ নাম কেৱল এই কাৰণে প্ৰস্তাৱ কৰিছে যাতে ৰাহুল গান্ধীক এই দৌৰৰ পৰা 'উৎখাত' কৰিব পৰা যায় । উল্লেখ্য যে ইণ্ডিয়া ব্লকৰ নেতাসকলৰ এটা অংশই খাৰ্গেক দেশৰ 'প্ৰথম দলিত প্ৰধানমন্ত্ৰী' হিচাপে প্ৰক্ষেপ কৰিছে ।

BJP on INDIA bloc PM face
ৰাহুল গান্ধীক উৎখাত কৰিবলৈয়ে খাৰ্গেক প্ৰধানমন্ত্ৰী হিচাপে প্ৰস্তাৱ; বিজেপি

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে মঙলবাৰে কয় যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু তৃণমূলৰ ছুপ্ৰিমো মমতা বেনাৰ্জীয়ে ৰাহুল গান্ধীক দৌৰৰ পৰা 'উৎখাত' কৰিব বিচাৰিছে । সেই কাৰণেই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নাম ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰিছে ।

উল্লেখ্য যে মমতা আৰু কেজৰিৱালে মঙলবাৰে দিল্লীত অনুষ্ঠিত বৈঠকৰ পিছত বিৰোধী ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খাৰ্গেৰ নাম প্ৰস্তাৱ কৰি কয় যে তেওঁ হ'ব পাৰে দেশৰ 'প্ৰথম দলিত প্ৰধানমন্ত্ৰী' । কিন্তু ইয়াৰ ওপৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই ।

আনহাতে, এমডিএমকেৰ ভাইকোকে ধৰি কেইবাজনো নেতাই বিৰোধী গোটৰ বৈঠকৰ পিছত বহুকেইটা বিষয়ত আলোচনাৰ উন্নয়নৰ কথা নিশ্চিত কৰে । তেওঁ কয় যে আলোচনাৰ সময়ত খাৰ্গেয়ে কয় যে প্ৰথমে জয়ী হোৱাটো আৰু মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ । বাকী সকলোবোৰ সিদ্ধান্ত পিছত ল'ব পৰা যায় ।

"কেজৰিৱাল আৰু মমতা বেনাৰ্জীয়ে জানে যে খাৰ্গেজী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নহ'ব । তেওঁলোক দুয়োজনে ৰাহুল গান্ধীক (দৌৰৰ পৰা) উৎখাত কৰিবলৈ জাল পেলাইছে । তেওঁলোকে দুয়োকে (খাৰ্গে আৰু গান্ধী) তেওঁলোকৰ ফান্দত পেলাইছে ।" ইণ্ডি মিত্ৰজোঁটৰ বৈঠক সন্দৰ্ভত মন্তব্য বিচৰাত গিৰিৰাজ সিঙে পিটিআইৰ আগত এনেদৰে কয় । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেয়ে কয় যে বিৰোধী ইণ্ডিয়া ব্লকৰ অংশীদাৰসকলে দেশৰ প্ৰগতি বন্ধ কৰিবলৈ এই বৈঠক অনুষ্ঠিত কৰিছে ।

"আজি (মঙলবাৰে) ইয়াত বিৰোধী দলসমূহৰ ইণ্ডিয়া ব্লকৰ এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকখন এই কাৰণে অনুষ্ঠিত হৈছিল যাতে দেশৰ অগ্ৰগতি নহয় ।" বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) অংশীদাৰ ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়াৰ নেতাগৰাকীয়ে কয় । তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকৰ সকলো অংশীদাৰ 'কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰাস্ত কৰিবলৈ' একত্ৰিত হৈছে ।

"কিন্তু মোদীক পৰাস্ত কৰাটো ল'ৰা-ধেমালি নহয় ।" আঠৱালেয়ে লগতে কয় । "নৰেন্দ্ৰ মোদী এগৰাকী শক্তিশালী ব্যক্তি । তেওঁ এই দেশ আৰু ইয়াৰ জনসাধাৰণৰ বাবে কাম কৰিছে । বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপিয়ে তিনিখন ৰাজ্যত চৰকাৰ গঠন কৰিছে ।" তেওঁ কয় । "তেলেংগানা বিধানসভা নিৰ্বাচনত বিজেপিৰ ভোটৰ শতাংশ আৰু আসনৰ সংখ্যা বৃদ্ধি পাইছে । এখন আসনৰ পৰা আঠখনলৈ বিজেপিৰ আসন বৃদ্ধি পাইছে । সেয়েহে মই অনুভৱ কৰোঁ যে জনতা আমাৰ সৈতে আছে ।" আঠৱালেয়ে লগতে কয় ।

লগতে পঢ়ক :কি কি কাৰ্যৰ পৰা বঞ্চিত হ’ব নিলম্বিত 141 সাংসদ ! বিশেষ জাননী জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.