ETV Bharat / bharat

Rajasthan Congress Meet : ৰাজস্থানৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে বৈঠক ৰাহুল-খাৰ্গেৰ

author img

By

Published : Jul 6, 2023, 6:01 PM IST

ৰাজস্থান নিৰ্বাচনৰ বাবে এক ৰণনীতি বৈঠকৰ পিছত কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয় যে প্ৰাৰ্থীসকলক তেওঁলোকৰ জয়ী হোৱাৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হ'ব । প্ৰাৰ্থীৰ তালিকা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব ।

Rajasthan Congress Meet
Rajasthan Congress Meet

নিউজ ডেস্ক, ৬ জুলাই : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰু ৰণনীতি সন্দৰ্ভত দলটোৰ ৰাজ্যিক গোটৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে চিন্তা-চৰ্চা কৰে । বৈঠকৰ পিছত খাৰ্গেয়ে কয় যে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ৰাজস্থানত চৰকাৰ সলনি হোৱাৰ ইতিহাস এইবাৰ সলনি হ'ব ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ বক্তব্য

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতি সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে মুখ্যমন্ত্ৰী আৰু পিচিচি প্ৰধানকে ধৰি ৰাজস্থান কংগ্ৰেছৰ ২৯ জন নেতাই বৈঠকত অংশগ্ৰহণ কৰে । সকলো নেতাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় যে কংগ্ৰেছে ৰাজস্থান নিৰ্বাচনত জয়ী হ'ব পাৰিব, যদিহে ৰাজস্থান কংগ্ৰেছত একতা থাকে । বৃহস্পতিবাৰে সকলো নেতাই ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লয় । প্ৰাৰ্থীসকলক তেওঁলোকৰ জয়ৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হ'ব । প্ৰাৰ্থীৰ তালিকা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব ।

  • 29 leaders from Rajasthan Congress including the CM & PCC chief participated in this meeting today. All the leaders unanimously decided that Congress can win the Rajasthan elections provided there is unity among Rajasthan Congress. Today, all leaders decided to fight the… pic.twitter.com/aLTXhzDjsV

    — ANI (@ANI) July 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শচীন পাইলটৰ বিবৃতি

আনহাতে, কংগ্ৰেছৰ ৰণনীতি বৈঠকৰ পিছত শচীন পাইলটে কয় যে ৰাজস্থানত প্ৰতিবাৰেই চৰকাৰ সলনি হোৱাৰ পৰম্পৰা কেনেদৰে সলনি কৰিব পাৰি তাৰ ওপৰত এক অৰ্থপূৰ্ণ আলোচনা হৈছে । "আমি সকলো বিষয় মুকলি মনেৰে আলোচনা কৰোঁ আৰু সকলোৱে বিশ্বাস ব্যক্ত কৰে যে আমি ৰাজস্থানত পুনৰ চৰকাৰ গঠন কৰিব পাৰোঁ । পূৰ্বৱৰ্তী বিজেপি চৰকাৰৰ ৰাজস্থানত দুৰ্নীতি, প্ৰশ্নকাকত ফাদিল, লোকসেৱা আয়োগত সংস্কাৰৰ বিষয় উত্থাপন হয় আৰু আনন্দিত হৈছোঁ যে এআইচিচিয়ে ইয়াৰ ওপত গুৰুত্ব প্ৰদান কৰিছে ।" শচীন পাইলটে কয় ।

  • #WATCH | Delhi: Congress leader Sachin Pilot on meeting with Congress leaders at AICC headquarters, says, "...There was a very meaningful, extensive and important discussion. We discussed all the issues...Our organisation, our leaders, our MLAs, and ministers all will work… pic.twitter.com/hzxoobV8rg

    — ANI (@ANI) July 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে খাৰ্গে আৰু দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰা বৈঠকখনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, শচীন পাইলট, দলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া সুখজিন্দৰ ৰন্ধাৱা, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গোবিন্দ সিং দোতাচাৰা আৰু আন কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে । আনহাতে, ভৰিৰ আঘাতৰ বাবে মুখ্যমন্ত্ৰী গেহলটে জয়পুৰৰ পৰা অনলাইনযোগে বৈঠকত যোগদান কৰে । বৈঠকখনক মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ বিবাদ সমাধানৰ প্ৰয়াস হিচাপেও দেখা গৈছে ।

বৈঠকৰ পিছত খাৰ্গেয়ে টুইট কৰি কয়, "ৰাজস্থান ৰাজহুৱা সেৱা, সকাহ আৰু সকলোৰে উন্নতিৰ পথত আগবাঢ়িছে । কংগ্ৰেছ দলে সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণৰ আঁচনিসমূহ ৰাজস্থানৰ প্ৰতিটো পৰিয়াললৈ লৈ গৈছে । ৰাজস্থানৰ প্ৰতিটো শ্ৰেণী যেনে কৃষক, খেতিয়ক, যুৱ, মহিলা আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে কংগ্ৰেছ দলৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে । আমি সকলোৰে আশা-আকাংক্ষাৰ যত্ন ল'ম । ৰাজস্থানৰ বৰ্তমান আৰু ভৱিষ্যত দুয়োটা কংগ্ৰেছৰ হাতত সুৰক্ষিত । এইবাৰ ইতিহাস সলনি হ'ব ।"

"মই আজি ৰাজস্থান কংগ্ৰেছৰ নেতাসকলৰ সৈতে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেজীৰ নেতৃত্বত এখন বৈঠকত মিলিত হওঁ । কংগ্ৰেছে ৰাজস্থানত পুনৰ এবাৰ চৰকাৰ গঠন কৰিব আৰু জনসাধাৰণৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কাম কৰি যাব ।" ৰাহুল গান্ধীয়ে ফেচবুক পোষ্টত কয় । উল্লেখ্য, বৈঠকখনৰ এদিন পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে কৈছিল যে নামভৰ্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ শাস্তি বৰ্তমানৰ ১০ বছৰৰ পৰা বৃদ্ধি কৰি যাৱজ্জীৱন কাৰাদণ্ড কৰাৰ বাবে চৰকাৰে পৰৱৰ্তী বিধানসভা অধিবেশনত এখন বিধেয়ক আনিব ।

উল্লেখ্য যে নিজৰ 'জন সংগ্ৰাম যাত্ৰা'ৰ সময়ত পাইলটে ৰাজ্য চৰকাৰৰ সন্মুখত তিনিটা দাবী আগবঢ়াইছিল- ৰাজস্থান লোকসেৱা আয়োগৰ (আৰপিএছচি) পুনৰ্গঠন, চৰকাৰী পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত ক্ষতিগ্ৰস্ত যুৱক-যুৱতীসকলক ক্ষতিপূৰণ আৰু পূৰ্বৰ বসুন্ধৰা ৰাজে চৰকাৰৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত । যোৱা মাহত গেহলট আৰু পাইলটৰ সৈতে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ এক মাৰাথন বৈঠকৰ পিছত কংগ্ৰেছে কৈছিল যে দুয়োগৰাকী নেতাই আগন্তুক বিধানসভা নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছে আৰু তেওঁলোকৰ মাজৰ সমস্যাবোৰ হাইকমাণ্ডে সমাধান কৰিব ।

লগতে পঢ়ক :Data Protection Bill 2022 : তথ্য সুৰক্ষা বিধেয়ক ২০২২ৰ বিশেষত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.