ETV Bharat / bharat

যৌন সম্ভোগৰ বাবে সংগী সাল-সলনি কৰি বিপদত একাধিক দম্পতী

author img

By

Published : Jan 10, 2022, 5:38 PM IST

Updated : Jan 10, 2022, 7:44 PM IST

বিবাহৰ সম্পৰ্কক কেৱল মাত্ৰ শৰীৰ সৰ্বস্ব এক সম্পৰ্কৰূপে কৰি প্ৰতিষ্ঠা কৰি ইয়াক লৈ ব্যৱসায় কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল একাধিক দম্পতী ৷ যৌন সম্ভোগৰ বাবে সংগী সলনি কৰা (Exchange of partners for sex) এই বৃহৎ চক্ৰ এতিয়া আছে আৰক্ষীৰ নিৰীক্ষণত ৷ সবিশেষ জানো আহক ৷

Kerala Police arrest 7 in exchange of partners for sex
যৌন সম্ভোগৰ বাবে সংগী সাল-সলনি কৰি বিপদত একাধিক দম্পতী

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : পতি-পত্নীৰ সম্পৰ্ক আজন্ম প্ৰেমৰ ৷ সেইবাবেই হয়তো ভাৰতীয় সমাজ ব্যৱস্থাত বিয়াক কেৱল মাত্ৰ এটা নহয় সাত জনমৰ বাবে গঢ়ি উঠা এটা সম্পৰ্ক হিচাপে বিবেচনা কৰা হয় ৷ দৰা-কইনাও সেইবাবেই বিয়াৰ দিনা এজনে আনজনৰ সৈতে এটা নহয়, সাতটা জনমৰ বাবে এক হৈ থকাৰ প্ৰতিজ্ঞাবদ্ধ হয় ৷

মুঠৰ ওপৰত বিবাহ যে শাৰিৰীক সম্পৰ্কৰ মিলনৰ সলনি আত্মাৰহে মিলন, সেই কথা ভাৰতীয় সমাজ ব্যৱস্থাই সদায়েই প্ৰতিষ্ঠা কৰি আহিছে ৷ পিছে, এখন আদৰ্শ সমাজ প্ৰায়েই আদৰ্শ হৈয়েই থাকি যায় ৷ কিয়নো বহুজনে বহু সময়ত বহুধৰণৰ অ-সামাজিক কাৰ্যত লিপ্ত হৈ আহি আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি মাতি আনে ভাবুকি ৷

তেনেই এক ঘটনা আজি লৈ আনিছো আপোনাৰ বাবে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে যৌন সম্ভোগৰ বাবে সংগী সলনি কৰা (Swingers for sex) এটা চক্ৰৰ আশ্চৰ্যকৰ খবৰ ৷ আৰক্ষীয়ে ইতিমধ্যে এই গোচৰত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে (Police arrested people for exchanging sex partners) ৷

অৱশ্যে, এই গোচৰৰ সৈতে জড়িত এজন ব্যক্তিয়ে পলায়ন কৰিছে চৌদি আৰৱলৈ ৷ প্ৰায় 25 জন লোকক এই ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগত নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, এই ঘটনা সংঘটিত হৈছে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত ৷ আৰক্ষীৰ মতে সমগ্ৰ ৰাজ্যখনৰ 1000 তকৈও অধিক দম্পতী এই ঘটনাৰ সৈতে জড়িত হৈছে ৷ প্ৰথমে টেলিগ্ৰাম অথবা আন মেচেঞ্জাৰ এপৰ একোটা গ্ৰুপত (Telegram and Messenger groups) চামিল হয় এই দম্পতীসমূহ ৷

পিছলৈ সময় সুবিধা চাই তেওঁলোক মিলিত হয় আৰু যৌন সম্ভোগৰ বাবে সংগী সলনি কৰাৰ ক্ষেত্ৰত বুজা-পৰা কৰে ৷ ইয়াৰ পিছতে হয় মহিলাৰ লেন-দেন ৷ অভিযোগ অনুসৰি, এই ঘটনাৰ সৈতে একাংশ পতিয়ে কৰি আহিছে ব্যাপক ধনৰ আদান-প্ৰদান ৷ সম্প্ৰতি, সমগ্ৰ ৰাজ্যখনৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত পূৰ্ণগতিত চলাই ৰাখিছে ৷

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সকলৰ পৰা তথা আন সূত্ৰৰ পৰা এইক্ষেত্ৰত আৰক্ষীয়ে যথেষ্ট তথ্য লাভ কৰিছে যদিও কোনো অভিযুক্তৰ নাম তদন্তৰ খাতিৰত পোহৰলৈ আহিব দিয়া নাই আৰক্ষীয়ে ৷ বিবাহৰ সম্পৰ্কক কেৱল মাত্ৰ শৰীৰ সৰ্বস্ব এক সম্পৰ্কৰ ৰূপত প্ৰতিষ্ঠা কৰা এইসকলক এতিয়া নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে সঠিক ব্যৱস্থা লোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ সচেতন মহলে ৷

লগতে পঢ়ক : Strict action against illegal sale of liquor: মাজুলীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

Last Updated : Jan 10, 2022, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.