ETV Bharat / bharat

লক্ষদ্বীপ প্ৰশাসনৰ সংস্কাৰৰ বিৰুদ্ধে পিআইএল(PIL) খাৰিজ আদালতৰ

author img

By

Published : Jun 17, 2021, 7:01 PM IST

লক্ষদ্বীপৰ গো-মাংস নিষিদ্ধ বিষয়টোকলৈ আদালতত কৰা এক পিআইএল(PIL) খাৰিজ কৰে কেৰালা উচ্চ ন্যায়ালয়ে । লক্ষদ্বীপ নতুন নীতি নিৰ্দেশনা সন্দৰ্ভত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল কেৰালা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৌশাদ আলীয়ে ।

Lakshadweep administration
লক্ষদ্বীপ প্ৰশাসনৰ সংস্কাৰৰ বিৰুদ্ধে পিআইএল খাৰিজ আদালতৰ

নেশ্যনেল ডেস্ক,১৭ জুন: লক্ষদ্বীপৰ গো-মাংস নিষিদ্ধ বিষয়টোৱে দেশজুৰি চৰ্চা অব্যাহত ৰাখিছে । লক্ষদ্বীপ প্ৰশাসনক এই ক্ষেত্ৰত বহুতে সমালোচনা কৰিছে । লক্ষদ্বীপ নতুন নীতি নিৰ্দেশনা সন্দৰ্ভত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল কেৰালা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৌশাদ আলীয়ে । কিন্তু আদালতে বুধবাৰে তেওঁৰ আবেদন খাৰিজ কৰে । নৌশাদ আলীয়ে অতিশীঘ্ৰে আদালতক লক্ষদ্বীপ প্ৰশাসনৰ সংস্কাৰমূলক নীতিসমূহ স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল ।

আদালতে লক্ষদ্বীপ প্ৰশাসনৰ পৰা দ্বীপটোত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব নে নাই তাৰ সঁহাৰি বিচাৰিছিল । লক্ষদ্বীপ প্ৰশাসনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সংস্কাৰৰ প্ৰৱৰ্তন প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু জনমতৰ ওপৰত ভিত্তি কৰি এই সন্দৰ্ভত সিদ্ধান্ত বিবেচনা কৰা হ'ব । আদালতে সেয়ে বুধবাৰে নৌশাদ আলীৰ আৱেদন বিবেচনা কৰাৰ সময়ত আবেদনকাৰীক সমালোচনা কৰি কয় যে আবেদনখন খাৰিজ কৰা হ'ব ।

উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰত দিনেশ্বৰ শৰ্মাৰ মৃত্যুৰ পিছত লক্ষদ্বীপৰ প্ৰশাসকৰ দায়িত্ব দিয়া প্ৰফুল খোদা পেটেলে তেওঁৰ নীতিগত সিদ্ধান্তক লৈ কিছুদিনৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে । লক্ষদ্বীপ আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বিৰোধী দলসমূহে তেওঁৰ নীতিসমূহক "জনবিৰোধী" বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক:অন্ধ্ৰপ্ৰদেশত দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকী টিডিপি নেতা নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.