ETV Bharat / bharat

বুধবাৰৰ পৰা কেজৰিৱালৰ ভাৰত ভ্ৰমণ অভিযান

author img

By

Published : Sep 6, 2022, 6:40 PM IST

Kejri
Kejri

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাইলৈ হাৰিয়ানাৰ হিছাৰ ভ্ৰমণ কৰিব । আৰু তাৰ পৰাই তেওঁৰ সমগ্ৰ দেশ ভ্ৰমণ আৰম্ভ কৰিব (Kejriwal to visit all over India) । তেওঁ আজি ঘোষণা কৰে যে 'মে'ক ইণ্ডিয়া নাম্বাৰ ৱান'ৰ অভিযানৰ (Make India number one campaign) সৈতে দেশৰ ১৩০ কোটি লোকক সংযোগ কৰিবলৈ তেওঁ সমগ্ৰ দেশ ভ্ৰমণ আৰম্ভ কৰিব ।

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : ৰাজধানী দিল্লীত আবকাৰী নীতিক লৈ বিতৰ্ক বৰ্তমানো শীৰ্ষত । ইফালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি ঘোষণা কৰে যে তেওঁ দেশক এক নম্বৰ স্থানলৈ উন্নীত কৰাৰ অভিযানত ১৩০ কোটি লোকক সংযোগ কৰিবলৈ এক ভ্ৰমণ সূচী আৰম্ভ কৰিব (Kejriwal Make India number one campaign) । তেওঁ ঘোষণা যে তেওঁ বুধবাৰৰ পৰা তেওঁ হাৰিয়ানাৰ নিজৰ জন্মস্থান হিছাৰৰ পৰাই এই যাত্ৰা আৰম্ভ কৰিব (Kejriwal to visit all over India) ।

বুধবাৰৰ পৰা কেজৰিৱালৰ ভাৰত ভ্ৰমণ অভিযান

তেওঁ কয়, "স্বাধীনতাৰ ৭৫ বছৰ পাছতো (75th years of Independence of India) আজি আমাৰ দেশ অন্যান্য স্বাধীন হোৱা দেশসমূহতকৈ যথেষ্ট পিছ পৰি আছে । এয়া কিয় হৈছে ? ইয়াৰ আঁৰত বহুতো কাৰণ আছে । কিন্তু এতিয়া সময় আহি পৰিছে যে দেশৰ ১৩০ কোটি লোকে একেলগে আমাৰ 'মে'ক ইণ্ডিয়া নাম্বাৰ ৱান'ত যোগদান কৰি দেশখনক এক নম্বৰ স্থানলৈ উন্নীত কৰক আৰু দেশখনক সমগ্ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলক । কাইলৈ এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই হাৰিয়ানাৰ হিছাৰৰ মোৰ জন্মগাঁৱলৈ যাম (Kejriwal to visit Hisar of Haryana) । তাৰ পৰাই মই 'মে'ক ইণ্ডিয়া নাম্বাৰ ৱান' কাৰ্যসূচী আৰম্ভ কৰিম ।"

উল্লেখ্য, মুখ্যমন্ত্ৰী কেজৰিৱালে 'মে'ক ইণ্ডিয়া নাম্বাৰ ৱান' কাৰ্যসূচীৰ অধীনত এই কাৰ্যসূচীত যোগদান কৰিবলৈ ৰাইজৰ বাবে এটা মোবাইল নম্বৰো প্ৰদান কৰিছে । কেজৰিৱালে কয়, "যদি আপুনি মে'ক ইণ্ডিয়া নাম্বাৰ ৱান অভিযানত যোগদান কৰিব বিচাৰে, তেন্তে 95 1000 1000 নম্বৰলৈ এটা মিছকল দিয়ক (Kejriwal launched mobile number to miscall) । যদি ভাৰত এক নম্বৰ হ'ব লাগে তেন্তে আমি এটা কাম কৰিব লাগিব আৰু সেয়া হৈছে প্ৰতিগৰাকী শিশুক ভাল শিক্ষা দিয়া ।"

কেজৰিৱালে লগতে কয় যে আজি ভাৰতক বিশ্বৰ এক নম্বৰ দেশ হিচাপে গঢ়ি তুলিবলৈ আমাৰ বহু কাম আছে (India to make number one country) । তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্তটো হ'ল যে আমাৰ দেশৰ প্ৰতিটো শিশুৱে ভাল আৰু উন্নত শিক্ষা লাভ কৰিব লাগিব । যিদৰে ধনী লোকসকলৰ সন্তানে ব্যক্তিগত বিদ্যালয়ত ভাল আৰু উন্নত শিক্ষা লাভ কৰে, প্ৰতিটো শিশুৱে সমগ্ৰ দেশতে তেনে শিক্ষা লাভ কৰিব লাগে । উক্ত শিশুটো যিকোনো শ্ৰেণীৰ পৰাই নাহক কিয়, শিশুটোৱে লাভ কৰিব লাগে ভাল আৰু বিনামূলীয়া শিক্ষা লাভ কৰিব লাগে । যেতিয়ালৈকে এনে নহয় আমাৰ দেশ আগবাঢ়িব নোৱাৰে ।

কেজৰিৱালে লগতে কয় যে ১৯৪৭ চনত আমাৰ দেশ স্বাধীন হোৱাৰ পিছত আমি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ, কিন্তু আমি এটা ডাঙৰ ভুল কৰিছোঁ । সেই ভুলটো হৈছে স্বাধীনতাৰ পিছত আমি সমগ্ৰ দেশতে বৃহৎ পৰিমাণত ভাল আৰু উন্নত চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰা নাছিলোঁ । প্ৰতিখন গাঁৱত আৰু প্ৰতিখন চহৰৰ প্ৰতিটো কোণত চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰা উচিত আছিল । যদি সেই সময়ত এই পদক্ষেপ গ্ৰহণ কৰা হ'লহেঁতেন, তেন্তে সমগ্ৰ দেশৰ আজি বিকাশ হ'লহেঁতেন আৰু সকলো শিশুৱে ভাল শিক্ষা লাভ কৰিলেহেঁতেন । যাৰ ফলত আজি আমাৰ দেশখন দৰিদ্ৰ দেশ হোৱাৰ পৰিৱৰ্তে এখন উন্নত দেশ হ'লহেঁতেন ।

আনহাতে, প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কেজৰিৱালে কয় (Kejriwal slammed Prime Minister Modi), "প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে দেশত প্ৰত্যেক বছৰে ১৪৫০০ খন বিদ্যালয় উন্নত কৰা হ'ব, মডেল কৰা হ'ব । সেইটো অতি ভাল কথা । কিন্তু কেৱল 14,500 খন বিদ্যালয় উন্নত আৰু আদৰ্শ হিচাবে গঢ়ি তুলিলেই হ'বনে ? সমগ্ৰ দেশত ১০.৫০ লাখতকৈও অধিক বিদ্যালয় আছে । যদি আমি এবছৰত 14,500 খন বিদ্যালয় উন্নত কৰোঁ, তেন্তে আমাক 70-80 বছৰ সময় লাগিব । আমাৰ হাতত ১০.৫০ লাখ বিদ্যালয় ঠিক কৰিবলৈ ইমান সময় নাই (Better education facility in India) । ইতিমধ্যেই ৭৫ বছৰ অপচয় হৈছে । মই প্ৰধানমন্ত্ৰীক সকলো ৰাজ্য চৰকাৰৰ সৈতে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে কেৱল এটা পৰিকল্পনা কৰাই নহয়, সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ উন্নতিৰ বাবে ইয়াক কাৰ্যকৰী কৰা হয় । যাতে ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ ১০ লাখ বিদ্যালয়ক একেসময়তে আধুনিক আৰু সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ কৰিব পৰা যায় । লগতে এইটোও চেষ্টা কৰিব লাগিব যে আমি 5 বছৰৰ ভিতৰতে এই লক্ষ্যত উপনীত হ'ব পাৰোঁ ।"

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ সংযোজন, "যেতিয়ালৈকে আমাৰ দেশে শিশুসকলক ভাল শিক্ষা দিব নোৱাৰে, তেতিয়ালৈকে দেশ আগবাঢ়িব নোৱাৰিব । বৰ্তমান পৃথিৱীৰ যিকোনো উন্নত দেশ যেনে জাপান, আমেৰিকা, ইংলেণ্ড, ব্ৰিটেইন আদি সকলো দেশেই তেওঁলোকৰ সন্তানক ভাল শিক্ষা প্ৰদান কৰি আছে । নিজৰ সন্তানক ভাল শিক্ষা প্ৰদান নকৰাকৈ দেশখন আগবাঢ়িব নোৱাৰে । ১৪৫০০ খন বিদ্যালয় ভাল কৰাৰ অৰ্থ হৈছে সাগৰত এক প্ৰকাৰে টোপাল পেলোৱা (Better education to child) ।"

লগতে পঢ়ক :জম্মুৰ আন্তৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.