ETV Bharat / bharat

Kedarnath Yatra 2023 : প্ৰতিকূল বতৰৰ বাবে ব্যাহত কেদাৰনাথ যাত্ৰা

author img

By

Published : Jul 11, 2023, 4:09 PM IST

Kedarnath Yatra 2023
প্ৰতিকূল বতৰৰ বাবে ব্যাহত কেদাৰনাথ যাত্ৰা

প্ৰতিকূল বতৰে কেদাৰনাথ যাত্ৰাত ব্যাপক প্ৰভাৱ পেলাইছে । বহু স্থানত যাত্ৰীসকল আবদ্ধ হৈ আছে । ভূমিস্খলনৰ বাবে একাংশ পথ বন্ধ হৈ পৰিছে । বতৰৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথ যাত্ৰা কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

নেশ্যনেল ডেস্ক,১১ জুলাই : সমগ্ৰ উত্তৰ ভাৰত প্ৰকৃতিৰ ৰোষত পৰিছে । ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনৰ কবলত পৰিছে উত্তৰ ভাৰতৰ ৰাজ্যসমূহ । উত্তৰাখণ্ডত বৰষুণ আৰু বানে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে । ইয়াৰ পোনপটীয়া প্ৰভাৱ কেদাৰনাথ যাত্ৰাত পৰিছে । কেদাৰনাথ মন্দিৰ থকা ৰুদ্ৰপ্ৰয়াগ জিলাত ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে । যাৰ বাবে জিলাখনৰ কিছু ঠাইত শিল আৰু ধ্বংসাৱশেষবোৰে পথ বন্ধ কৰি ৰাখিছে । ইফালে নিৰাপত্তাজনিক কাৰণতো কেদাৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।

পুৱা কেদাৰনাথলৈ যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলক সুৰক্ষিত স্থানত ৰখাই দিয়া হৈছে । ইফালে নিশা কেদাৰনাথ ঘাইপথত এটা প্ৰকাণ্ড শিল খহি পৰাৰ ফলত দুগৰাকী যাত্ৰী নিহত হয় । এনে পৰিস্থিতিত আৰক্ষী অধীক্ষক বিশাখা অশোক ভদানে কেদাৰনাথ ধামলৈ অহা ভক্ত, কানৱাৰী আৰু সাধাৰণ ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে । এনে পৰিস্থিতিত পাহাৰীয়া অঞ্চল ত্যাগ কৰি সুৰক্ষিত স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনাইছে ।

পাহাৰৰ পৰা নামি অহা পানীয়ে ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে । ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ যাত্ৰাৰ মুখ্য ষ্টপ গৌৰীকুণ্ড যোৱা নিশা বানত প্লাবিত হৈছে । পানী আৰু আৱৰ্জনা দোকানবোৰৰ ভিতৰত প্ৰৱেশ কৰিছে । পথচাৰী আৰু যাত্ৰীসকলে পানীৰ মাজেৰে চলাচল কৰিবলগীয়া হৈছে । একে সময়তে, সোণপ্ৰয়াগ-গৌৰীকুণ্ড সংযোগী পথত পাহাৰৰ পৰা ধ্বংসাৱশেষ নিৰন্তৰভাৱে খহি পৰি আছে । যাৰ বাবে কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিবলগীয়া হৈছে । যাত্ৰীসকল বহু ঠাইত আৱদ্ধ হৈ আছে ।

যাত্ৰীসকলক বতৰ উন্নত হ'লেহে ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । আনহাতে, নিৰন্তৰ বৰষুণৰ বাবে চিৰোবগড়ত বদ্ৰীনাথ ঘাইপথ বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে, সংযোগী পথবোৰো শিল আৰু মাটি খহি পৰাৰ ফলত বন্ধ হৈ আছে । ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনৰ ৪ টা ৰাজ্যিক পথো বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে । বৰষুণৰ ফলত গ্ৰামাঞ্চলত জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে কোৱা মতে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটো সতৰ্ক হৈ আছে ।

লগতে পঢ়ক :Heavy rains in North India : প্ৰকৃতিৰ ৰোষত উত্তৰ ভাৰত; ৩ দিনত প্ৰায় ৪২ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.