ETV Bharat / bharat

কেদাৰনাথলৈ যায় যদি...

author img

By

Published : Apr 7, 2022, 9:28 PM IST

কেদাৰনাথ ধামত এতিয়া কম বৰফ পৰিছে, আৰম্ভ হৈছে চাৰধাম যাত্ৰাৰ প্ৰস্তুতি ৷ ভক্তৰ সুচল যাত্ৰাৰ বাবে এতিয়া যুদ্ধগতিত চলিছে কাম । একে সময়তে, হেলি সেৱাৰ প্ৰস্তুতিও সম্পূৰ্ণ কৰা হৈছে আৰু অনলাইন টিকট বুকিং আৰম্ভ কৰা হৈছে । হেলি সেৱাৰ বাবে টিকটৰ বুকিং কেনেদৰে কৰিব লাগে, টিকটৰ দাম কিমান, জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Kedarnath Yatra From May 6
কেদাৰনাথ যাত্ৰা

নিউজ ডেস্ক, 7 এপ্ৰিল : উত্তৰাখণ্ডত 6 মে'ৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা(Kedarnath Yatra From May 6) । চাৰধাম যাত্ৰাৰ বাবে সাজু হৈছে উত্তৰাখণ্ড প্ৰশাসন । এইবাৰ চাৰধাম যাত্ৰা বিভিন্ন ধৰণে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰাৰ হৈছে । ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ পাছত তথা ক’ভিড-১৯ মহামাৰীৰ পিছত আৰম্ভ হোৱা এইবাৰৰ যাত্ৰাক লৈ এতিয়া ভক্তসকলৰ মাজত উৎসাহ দুগুণ বৃদ্ধি হৈছে ।

চাৰধাম যাত্ৰাৰ বাবে উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন প্ৰাধিকৰণে হেলি সেৱা বুকিং কৰাৰ বাবে গড়ৱাল মণ্ডল বিকাশ নিগমৰ ৱেবছাইটত অনলাইন বুকিং আৰম্ভ কৰিছে(Pilgrims Can Now Book Helicopter Service Online) । উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ এই হেলি বুকিং 6 মে’ৰ পৰা 20 মে’লৈ খোলা থাকিব ৷ কেদাৰনাথ ধাম ভ্ৰমণৰ বাবে, উত্তৰাখণ্ড চৰকাৰে হেলি সেৱাৰ বাবে 3 টা পথ নিৰ্ধাৰণ কৰিছে ।

উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষই গুপ্তকাশীৰ পৰা কেদাৰনাথ ধামলৈ, ফাটাৰ পৰা কেদাৰনাথ ধামলৈ আৰু চিৰচিৰ পৰা কেদাৰনাথ ধামলৈ যাত্ৰাৰ বাবে নিৰ্ধাৰণ কৰিছে ৷ কেদাৰনাথ ধামৰ বাবে হেলি সেৱাৰ ভাড়াৰ উত্তৰাখণ্ড চৰকাৰে আন ব্যক্তিগত কোম্পানীৰ তুলনাত যথেষ্ট কম হাৰত নিৰ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ বাবে উত্তৰাখণ্ড চৰকাৰৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত হেলি সেৱাৰ পৰা টিকট বুক কৰিব লাগিব । ভাড়াৰ বিষয়ে ক'বলৈ গ'লে, কেদাৰনাথ ধামলৈ গুপ্তকাশী পৰা প্ৰতিজন ব্যক্তিৰ বাবে 7750 টকা(অহা-যোৱা) নিৰ্ধাৰণ কৰা হৈছে । একেদৰে ফাটাৰ পৰা কেদাৰনাথ ধামলৈ প্ৰতিজন ব্যক্ৰিত বাবদ 4720 টকা আৰু চিৰচিৰ পৰা কেদাৰনাথ ধামলৈ প্ৰতিজন ব্যক্তিৰ বাবে 4680 টকা নিৰ্ধাৰণ কৰা হৈছে । প্ৰতিজন যাত্ৰীয়ে লগত 2-3 কিলোগ্ৰাম ওজনৰ বস্তু নিব পাৰিব ৷

উল্লেখ্য যে, গড়ৱাল বিভাগীয় উন্নয়ন নিগমক উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই কেদাৰনাথ ধাম হেলি সেৱাৰ বাবে টিকট বুকিং কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে । টিকট বুকিঙৰ 70 শতাংশ টিকট অনলাইন বুকিঙত ৰখা হৈছে আৰু 30 শতাংশ টিকট উক্ত স্থানৰ পৰা সংগ্ৰহ কৰিব পৰা যাব ৷

ইয়াৰে 30 শতাংশ টিকট কেৱল জৰুৰীকালীন আৰু অনিবাৰ্য পৰিস্থিতিৰ বাবে ৰখা হৈছে ৷ আনহাতে কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি, হেলি সেৱা প্ৰদানকাৰীসকলক 12 টা টিকট দিয়াৰ ব্যৱস্থা কৰা হৈছে । যাত্ৰীয়ে যিকোনো প্ৰকাৰে লাভ কৰা টিকটৰ ভাড়া যিকোনো ক্ষেত্ৰতে চৰকাৰী ভাড়াতকৈ বেছি নহ'ব বা টিকট বুকিং কৰা ব্যক্তিৰ বাহিৰে আন কোনো ব্যক্তিয়ে ভ্ৰমণ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : মহাশিৱৰাত্ৰি উপলক্ষে ঘোষণা কৰা হ'ব কেদাৰনাথ মন্দিৰ খোলাৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.