ETV Bharat / bharat

Karnataka govt withdraws order: চৰকাৰী কাৰ্যালয়ত ফটোগ্ৰাফী-ভিডিঅগ্ৰাফীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ

author img

By

Published : Jul 16, 2022, 12:09 PM IST

শুকুৰবাৰে কৰ্ণাটক চৰকাৰে জাৰি কৰিছিল এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা । ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়সমূহত ফটোগ্ৰাফী তথা ভিডিঅ'গ্ৰাফীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল(Karnataka government had banned shooting photography and videos inside government offices); কিন্তু তাৎক্ষনিকভাবে সন্ধিয়াৰ ভাগত এই নিষেধাজ্ঞাৰ আদেশ প্ৰত্যাহাৰ কৰে চৰকাৰে (Karnataka government withdraws ban order) ।

karnataka govt withdraws order of ban on photo slash videography in state govt offices
Karnataka govt withdraws order: চৰকাৰী কাৰ্যালয়ত ফটোগ্ৰাফী-ভিডিঅগ্ৰাফীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ আদেশ প্ৰত্যাহাৰ

নেশ্যনেল ডেস্ক, ১৬ জুলাই: অৱশেষত সমালোচনাই সেও মনালে চৰকাৰক । একেদিনাই প্ৰত্যাহাৰ কৰিলে নিষেধাজ্ঞাৰ আদেশ । কৰ্ণাটক চৰকাৰে শুকুৰবাৰে চৰকাৰী কাৰ্যালয়ত জাৰি কৰিছিল কিছু নিষেধাজ্ঞা । চৰকাৰী কাৰ্যালয়ৰ ভিতৰত ফটোগ্ৰাফী তথা ভিডিঅ' শ্বুট কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল কৰ্ণাটক চৰকাৰে(Karnataka government had banned shooting photography and videos inside government offices) । কিন্তু ইয়াৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় চৰকাৰ । তাৎক্ষনিকভাবে সন্ধিয়ালৈ প্ৰত্যাহাৰ কৰিলে নিষেধাজ্ঞাৰ আদেশ(Karnataka government withdraws ban order) ।

কৰ্ণাটকৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ আবেদনৰ ভিত্তিত চৰকাৰে জাৰি কৰিছিল এই নিষেধাজ্ঞা(Karnataka government had issued a ban on the plea of karnataka government employees) । চৰকাৰী কৰ্মচাৰীসকলে অভিযোগ কৰিছিল যে কিছুলোকে চৰকাৰী কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকক হাৰাশাস্তি তথা বদনামী কৰাৰ উদ্দেশ্যৰে ভিডিঅ' শ্বুটিং কৰে । চৰাকাৰী কাৰ্যালয়ৰ ভিতৰত গ্ৰহণ কৰা ফটো বা ভিডিঅ' পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত প্ৰচাৰ কৰে জনতাই । এই অভিযোগৰ ভিত্তিতে চৰকাৰে শুকুৰবাৰে জাৰি কৰিছিল এই নিৰ্দেশনা ।

কিন্তু এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল কৰ্ণাটক চৰকাৰ । সামাজিক মাধ্যমকে ধৰি বহু ঠাইত ব্যাপক সমালোচনা আৰু প্ৰতিবাদৰ হুংকাৰৰ পাছতেই তাৎক্ষণিক ভাৱে প্ৰত্যাহাৰ কৰা হয় নিষেধাজ্ঞাৰ আদেশ । উল্লেখ্য যে এই সন্দৰ্ভত বিৰোধী দলৰ নেতা সিদ্ধাৰামাইয়াই তীব্ৰ ভাষাৰে সমালোচনা কৰে চৰকাৰক । তেওঁ কয় যে চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ অনুমতি দিয়াৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই নিৰ্দেশ জাৰি কৰিছিল । এয়া হৈছে চৰকাৰে লাভ কৰা ৪০% কমিছনৰ অংক ।

লগতে পঢ়ক: Under construction house collapsed: দিল্লীত নিৰ্মীয়মান গুদামঘৰ খহি নিহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.