নিষিদ্ধ হোৱাৰ দিশে অনলাইন গেম

author img

By

Published : Sep 22, 2021, 10:08 AM IST

Karnataka Assembly passes Karnataka Police Amendment Bill

অনলাইন গেমত অধিক ব্যস্ত হৈ থকা সন্তানক লৈ এতিয়া আৰু অভিভাৱকসকল চিন্তিত হোৱাৰ প্ৰয়োজন নাই । নিষিদ্ধ হোৱাৰ পথত অনলাইন গেম । বিগত দিনবোৰত অনলাইন গেমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে চৰকাৰে ।

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ : অনলাইন গেমে(online game) একাংশ শিশু, কিশোৰ-কিশোৰীক আমোদ দিয়াৰ সমান্তৰালকৈ একাংশৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে । অনলাইন গেমক আহিলা হিচাপে লৈ চাইবাৰ অপৰাধীয়ে নিজৰ জালত পেলাইছে বহু শিশুক । ধ্বংসৰ গৰাহলৈ ঠেলিছে বহুজনক । অনলাইন গেমৰ বাবে সন্তানে পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব নিদিয়াক লৈও একাংশ অভিভাৱক চিন্তিত হৈ পৰিছে ।

শেহতীয়াকৈ চাইবাৰ অপৰাধৰে জড়িত কেইবাটাও অভিযোগ উত্থাপিত হৈছে । সেয়ে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন গেম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । কিয়নো, অনলাইন গেমে আমোদ দিলেও চাইবাৰ অপৰাধৰ ই এক অন্যতম কাৰণ হৈ পৰিছে । সেয়ে, অনলাইন গেম বন্ধ কৰাই সমীচিন হ'ব বুলি চৰকাৰে বিবেচনা কৰিছে ।

বহুতেই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে । কিন্তু স্বাভাৱিকভাৱেই অনলাইন গেমৰ সমৰ্থন কৰা আন একাংশই চৰকাৰৰ বিৰোধিতাও কৰা দেখা গৈছে । অৱশ্যে এই সিদ্ধান্ত অসম চৰকাৰে নহয়, কৰ্ণাটক চৰকাৰেহে গ্ৰহণ কৰিছে ।

কৰ্ণাটক বিধানসভাই বুধবাৰে অনলাইন গেম নিষিদ্ধ কৰিবলৈ কৰ্ণাটক আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২১ গৃহীত কৰে । এই আইনখনৰ জৰিয়তে অনলাইনযোগে চলা জুৱাৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হ'ব । ৰাজ্যখনৰ গৃহ মন্ত্ৰী অৰাগা জ্ঞানেন্দ্ৰ(Araga Jnanendra)ই বিধেয়কখন বিধানসভাত উত্থাপন কৰে আৰু অনলাইন জুৱা নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়ে । তেওঁ যুক্তি দৰ্শাইছিল যে এই আইনে মোবাইল প্ৰিমিয়াৰ লীগ, ড্ৰীম ১১, গেমচ 24x7 আৰু আন বহুতো অনলাইন গেমিং প্লেটফৰ্মক প্ৰভাৱিত কৰিব ।

চলিত মাহৰ আৰম্ভণিতে, কৰ্ণাটক কেবিনেটেও অনলাইন গেমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল । উল্লেখ্য যে, শেহতীয়াকৈ অসমৰ শিৱসাগৰতো অনলাইন গেম PUBG খেলা এটি কিশোৰৰ মাতৃৰ বেংক একাউণ্টৰ পৰা অপৰাধীয়ে ১৯ লাখ টকা সৰকাইছিল । এই ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: স্বৰ্ণ মন্দিৰ দৰ্শন চৰণজিৎ সিং চান্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.