কানপুৰত নতুনকৈ ২৫ গৰাকী আক্ৰান্ত হ'ল জিকা ভাইৰাছত

author img

By

Published : Nov 4, 2021, 10:44 AM IST

Zika virus

উত্তৰ প্ৰদেশৰ কানপুৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা । পুনৰ ২৫ জন লোকৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছৰ অৱস্থিতি । জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিছে ।

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : কৰ'ণা মহামাৰীৰ ভয়াৱহতা সম্পূৰ্ণৰূপে দূৰ নৌহওতেই এইবাৰ আৰম্ভ হৈছে জিকা(Zika) ভাইৰাছৰ সংক্ৰমণ । উত্তৰ প্ৰদেশৰ কানপুৰত এই পৰ্যন্ত ৩৬ জন লোক এই ভাইৰাছবিধৰ কবলত পৰিছে । বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, নতুনকৈ ২৫ জন লোকৰ দেহত জিকা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । বুধবাৰে দুগৰাকী গৰ্ভৱতী মহিলাও জিকা ভাইৰাছত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে ।

কানপুৰৰ মুখ্য চিকিৎসা বিষয়া ডাঃ নেপাল সিঙে জনাইছে যে, প্ৰতিদিনে ৪০০-৫০০ লোকৰ নমুনা পৰীক্ষা কৰি থকা হৈছে । স্বাস্থ্য বিভাগৰ কৰ্মীয়ে ঘৰে ঘৰে গৈও নমুনা সংগ্ৰহ কৰিছে । তেওঁ লগতে কয় যে, কানপুৰবাসীক ভাইৰাছৰ বৰ্ধিত সংক্ৰমণক লৈ আতংকিত নহ'বলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পৰামৰ্শ আগবঢ়োৱা হৈছে । চহৰখনৰ তিৱাৰীপুৰ, আশ্ৰফাবাদ, পোখৰপুৰ, শ্যাম নগৰ আৰু আদৰ্শ নগৰ অঞ্চলত নতুনকৈ জিকা ভাইৰাছৰ সংক্ৰমণ হোৱা দেখা গৈছে । ভাইৰাছবিধৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু উৎস বিচাৰি উলিয়াবলৈ স্বাস্থ্য বিভাগৰ কেইবাটাও দলক চেনিটাইজেচন কাৰ্যসূচীত নিয়োজিত কৰা হৈছে ।

প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে এণ্টি লাৰ্ভে লিকুইড স্প্ৰে কৰা, জ্বৰৰ ৰোগী চিনাক্তকৰণ, গুৰুতৰভাৱে অসুস্থ লোক আৰু গৰ্ভৱতী মহিলাৰ স্ক্ৰীনিং আদি কৰা হৈছে । জিকা হৈছে এক ম’হৰ দ্বাৰা সংক্ৰমিত হোৱা ভাইৰাছ ।

ম’হে কামোৰাৰ ফলতে এই ভাইৰাছবিধ বিয়পে । যোৱা ২৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ কানপুৰৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ এজন জোৱানৰ দেহত এই ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ পাচতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যখনলৈ উচ্চস্তৰীয় বহুমুখী দল প্ৰেৰণ কৰিছিল । স্বাস্থ্য বিভাগে কানপুৰবাসীক আতংকিত নহ'বলৈ আহ্বান জনাইছে যদিও ক্ৰমান্বয়ে সংক্ৰমিত ৰোগীৰ বৰ্ধিত সংখ্যাই চিন্তা বৃদ্ধি কৰিছে ।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.