ETV Bharat / bharat

মধ্যপ্ৰদেশ কেবিনেটৰ সম্প্ৰসাৰণ; কৈলাস বিজয়বৰ্গীয়, প্ৰহ্লাদ পেটেলকে ধৰি ২৮ মন্ত্ৰীৰ শপত গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:44 PM IST

Mohan Yadav Cabinet Expansion : মধ্যপ্ৰদেশৰ মোহন যাদৱ নেতৃত্বাধীন বিজেপি চৰকাৰত মুঠ ২৮ গৰাকী বিজেপি নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । জ্যেষ্ঠ বিজেপি নেতা কৈলাস বিজয়বৰ্গীয় আৰু প্ৰহ্লাদ পেটেল সিঙে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

Madhya Pradesh cabinet expansion
মধ্যপ্ৰদেশ কেবিনেটৰ সম্প্ৰসাৰণ

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : সোমবাৰে মোহন যাদৱ নেতৃত্বাধীন মধ্যপ্ৰদেশ চৰকাৰত বিজেপি নেতা কৈলাস বিজয়বৰ্গীয় আৰু প্ৰহ্লাদ পেটেল সিঙে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । দুয়োকে মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেলে শপত বাক্য পাঠ কৰায় ।

আনহাতে, বিজয় শ্বাহ, কৰণ সিং বাৰ্মা, ৰাকেশ সিং আৰু উদয় প্ৰতাপ সিঙেও মোহন যাদৱ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সম্পাতিয়া উইকী, তুলসীৰাম চিলাৱত, আইদাল সিং কংসনা আৰু গোবিন্দ সিং ৰাজপুতেও মধ্যপ্ৰদেশৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

মুঠ ২৮ গৰাকী বিজেপি নেতাই সোমবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । প্ৰধুমান সিং তোমৰ আৰু বিশ্বাস চাৰাংকে ধৰি ১৮ গৰাকী নেতায়ো কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াৰে ভিতৰত ছয়গৰাকী নেতাই ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) হিচাপে শপত গ্ৰহণ কৰে আৰু চাৰিগৰাকীয়ে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লয় ।

কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাসকল হৈছে- বিজয় শ্বাহ, কৈলাস বিজয়বৰ্গীয়, প্ৰহ্লাদ পেটেল, কৰণ সিং বাৰ্মা, ৰাকেশ সিং, উদয় প্ৰতাপ সিং, সম্পাতিয়া উইকী, তুলসীৰাম চিলাৱত, আইদাল সিং কংসনা, গোবিন্দ সিং ৰাজপুত, বিশ্বস সৰং, নিৰ্মলা ভূৰিয়া, নাৰায়ণ সিং কুশৱাহা, নাগৰ সিং চৌহান, প্ৰদ্যুম্ন সিং তোমৰ, ৰাকেশ শুক্লা, চৈতন্য কাশ্যপ আৰু ইন্দৰ সিং পাৰমাৰ ।

আনহাতে, স্বতন্ত্ৰ দায়িত্বত থকা ৰাজ্যিক মন্ত্ৰীসকল হৈছে কৃষ্ণ গৌৰ, ধৰ্মেন্দ্ৰ ভৱ লোধি, দিলীপ জয়ছোৱাল, গৌতম তেটৱাল, লাখন পেটেল আৰু নাৰায়ণ সিং পাৱাৰ । ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আন বিধায়কসকল হৈছে নৰেন্দ্ৰ শিৱাজী পেটেল, প্ৰতিমা বাগৰী, দিলীপ আহিৰৱাৰ আৰু ৰাধা সিং ।

মুখ্যমন্ত্ৰী যাদৱৰ নেতৃত্বত মন্ত্ৰালয়ত অন্তৰ্ভুক্ত হোৱাসকলৰ ভিতৰত পাঁচগৰাকী মহিলা বিধায়ক । তেওঁলোক হৈছে সম্পাতিয়া উইকী, নিৰ্মলা ভূৰিয়া, কৃষ্ণ গৌৰ, প্ৰতিমা বগৰী আৰু ৰাধা সিং । মুখ্যমন্ত্ৰী যাদৱ আৰু দুগৰাকী উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱদাকে ধৰি বৰ্তমান কেবিনেটৰ মুঠ শক্তি ৩১ গৰাকীলৈ বৃদ্ধি পালে । উল্লেখ্য যে ২৩০ জনীয়া মধ্যপ্ৰদেশ বিধানসভাৰ মন্ত্ৰী পৰিষদৰ সৰ্বাধিক সংখ্যা মুখ্যমন্ত্ৰীকে ধৰি ৩৫ গৰাকী হ'ব পাৰে ।

উল্লেখ্য যে নতুন মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে নতুন কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকলৰ নিৰ্দেশনাত ৰাজ্যখনৰ উন্নতিৰ বাবে কাম কৰিব । শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰী ৰাজভৱনত উপস্থিত হয় ।

লগতে পঢ়ক :ইণ্ডিয়া ব্লকৰ ব্লুপ্ৰিণ্ট; ৩০-৩১ ডিচেম্বৰত আলোচনা কৰিব কংগ্ৰেছ পেনেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.