ETV Bharat / bharat

Jharsuguda Bypoll 2023 : ওড়িশাৰ ঝাৰচুগুড়া সমষ্টিৰ উপ নিৰ্বাচন, কটকটীয়া নিৰাপত্তা

author img

By

Published : May 10, 2023, 9:52 AM IST

Jharsuguda Bypoll 2023
ওড়িশাৰ ঝাৰচুগুড়া সমষ্টিৰ উপ নিৰ্বাচন

বিধায়ক নৱ কিশোৰ দাসৰ হত্যাৰ পাছত ঝাৰচুগুড়া সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে (Jharsuguda Bypoll 2023)। পুৱাৰে পৰা ২৫৩ টা ভোটকেন্দ্ৰত চলি আছে ভোট গ্ৰহণ । নবা কিশোৰ দাসৰ জীয়ৰী দীপালী দাস বিজেডিৰ প্ৰাৰ্থী ।

নেশ্যনেল ডেস্ক,১০ মে': কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ উপৰিও দেশখনৰ কেইবাখনো ৰাজ্যত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে (Jharsuguda Bypoll 2023)। উত্তৰ প্ৰদেশ, মেঘালয়, পঞ্জাৱ আৰু ওড়িশাত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে । ওড়িশাৰ ঝাৰচুগুড়া বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে (Jharsuguda Bypoll voting)। সন্ধিয়া ৬ বজালৈকে ভোটগ্ৰহণ অব্যাহত থাকিব ।

সমষ্টিটোৰ মুঠ ২,২১,০৭০ গৰাকী লোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । তাৰ ভিতৰত আছে ১,১০,৩২০ পুৰুষ, ১,১০,৬৮৭ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ৬৩ গৰাকী ভোটাৰ আছে । উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমষ্টিটোত । অৰ্ধসামৰিক বাহিনীৰ ৭ টা কোম্পানীকে ধৰি ১,০০০ তকৈও অধিক নিৰ্বাচনী বিষয়া আৰু পৰ্যাপ্ত সংখ্যক নিৰাপত্তা কৰ্মী মোতায়েন কৰা হৈছে ।

ঝাৰচুগুড়াৰ আৰক্ষী অধীক্ষক পাৰমাৰ স্মিত পৰশত্তম দাসে কোৱা মতে বিভিন্ন ৰাজনৈতিক দলৰ দাবী অনুসৰি ৩০ টা ভোটকেন্দ্ৰত চিচিটিভি কেমেৰা সংস্থাপন কৰাৰ লগতে মাইক্ৰ'পৰ্যবেক্ষক আৰু কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে । তেওঁ জনোৱা মতে ১০০ জন বিষয়াৰ উপৰিও প্ৰায় ৫৭০ জন আৰক্ষী কৰ্মীৰে গঠিত ১৯ টা প্লাটুন মোতায়েন কৰা হৈছে । জিলা নিৰ্বাচনী বিষয়া আবলি সুনীল নাৰাভানে জনোৱা মতে প্ৰথমবাৰৰ বাবে ২৫৩ টা ভোটকেন্দ্ৰতে ৱেবকাষ্টিং কৰা হৈছে ।

যোৱা ২৯ জানুৱাৰীত বিধায়ক তথা তদানীন্তন স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসৰ হত্যাৰ পাছতে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে (Naba Kishore Das died)। সমষ্টিটোত ৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও প্ৰতিযোগিতাখন মুখ্যতঃ বিজেডি, বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব বুলি ধাৰণা কৰা হৈছে । বিজেডিয়ে নবা কিশোৰ দাসৰ জীয়ৰী দীপালী দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আনহাতে বিজেপিয়ে তাংকাধৰ ত্ৰিপাঠীক মনোনীত কৰিছে ।

কংগ্ৰেছে প্ৰয়াত বিধায়ক বীৰেন পাণ্ডেৰ পুত্ৰ তৰুণ পাণ্ডেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তিনিগৰাকী প্ৰাৰ্থীয়ে নতুন মুখ । ইফালে ভোটগণনা ১৩ মে'ত অনুষ্ঠিত হ'ব । অহা বছৰ যিহেতু লোকসভা নিৰ্বাচন সেয়ে তাৰ পূৰ্বে এই উপ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :Karnataka Election 2023 : ইতিহাসৰ ওপৰত চকু বিজেপিৰ, প্ৰত্যাৱৰ্তনৰ আশাত কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.