ETV Bharat / bharat

Modi Surname case: ‘মোদী’ উপাধি বিতৰ্ক; ৰাঁচী আদালতত হাজিৰ হ’ব নালাগে ৰাহুল গান্ধী

author img

By

Published : Aug 16, 2023, 4:54 PM IST

Modi Surname case
Modi Surname case

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এটা ডাঙৰ সকাহ প্ৰদান কৰিছে । ‘মোদী’ উপাধিৰ গোচৰত, উচ্চ ন্যায়ালয়ে তেওঁক আদালতত হাজিৰ হোৱাৰ পৰা সকাহ দিছে । ৰাহুল গান্ধীয়ে আদালতৰ শাৰীৰিক উপস্থিতিৰ নিৰ্দেশ বাতিল কৰিবলৈ বিচাৰি এখন আবেদন দাখিল কৰিছিল ।

নেশ্যনেল ডেস্ক, 16 আগষ্ট: বিতৰ্কিত ‘মোদী উপাধি’ গোচৰত আন এক সকাহ ৰাহুল গান্ধীলৈ ৷ ৰাহুল গান্ধীক ব্যক্তিগতভাৱে ৰাঁচী আদালতত হাজিৰ হ’বলৈ দিয়া নিৰ্দেশ বাতিল ৷ ন্যায়াধীশ এছ কে দ্বিবেদীৰ আদালতে নিম্ন আদালতত শুনানিৰ সময়ত ৰাহুল গান্ধীৰ ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ বাতিল কৰে । ৰাহুল গান্ধীয়ে ‘মোদী’ উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ৰাঁচী অসামৰিক আদালতত ব্যক্তিগত উপস্থিতিৰ পৰা অব্যাহতি বিচাৰি উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ৷

বিগত শুনানিত, ন্যায়াধীশ সঞ্জয় কুমাৰ দ্বিবেদীৰ আদালতে সকাহ দি পৰৱৰ্তী শুনানিৰ তাৰিখ হিচাপে 16 আগষ্ট নিৰ্ধাৰণ কৰিছিল । দুয়োপক্ষৰ শুনানিৰ পিচত, উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ আবেদনৰ অনুমতি দিছে ।

ৰাহুল গান্ধীৰ অধিবক্তা দীপংকৰ ৰয়ে আদালতক কয় যে বিচাৰ আদালতে ‘মোদী’ উপাধি সম্পৰ্কীয় এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছে । তেওঁক (ৰাহুল গান্ধী) ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ তেওঁক ব্যক্তিগতভাৱে উপস্থিত থকাৰ পৰা ৰেহাই দিয়া উচিত ।

ইয়াৰ পূৰ্বে, বিচাৰ আদালতে শুনানিৰ সময়ত ৰাহুল গান্ধীক ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল । তাৰ পিচত, ৰাহুল গান্ধীয়ে ৰাঁচী অসামৰিক আদালতত ব্যক্তিগত উপস্থিতিৰ পৰা অব্যাহতি বিচাৰি নিম্ন আদালতৰ কাষ চাপিছিল ।

কিন্তু বিচাৰ আদালতে ৰেহাই দিবলৈ অস্বীকাৰ কৰি তেওঁৰ আবেদন খাৰিজ কৰিছিল ৷ ৰাঁচীৰ প্ৰদীপ ‘মোদী’য়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাঁচী অসামৰিক আদালতত 'সকলো মোদী চোৰ' বুলি কৰা মন্তব্যৰ বাবে অভিযোগ দাখিল কৰিছিল ৷

4 জুলাইৰ শুনানিৰ সময়ত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক এক ডাঙৰ সকাহ দিয়ে আৰু সাংসদ-বিধায়ক আদালতত শাৰীৰিকভাৱে হাজিৰ হোৱাৰ নিৰ্দেশস্থগিত ৰাখে । শুনানিৰ পৰৱৰ্তী তাৰিখ 16 আগষ্টৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল । দৰাচলতে, প্ৰদীপ ‘মোদী’ নামৰ এজন ব্যক্তিয়ে ‘মোদী’ উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে এমপি-এমএলএ আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল ।

তেওঁ অভিযোগ কৰিছিল যে 2019 চনৰ 30 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে ৰাঁচীত অনুষ্ঠিত এক নিৰ্বাচনী জনসভাত ‘মোদী’ উপাধি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ।

স্মৰ্তব্য যে ‘মোদী’ উপাধি সন্দৰ্ভত ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যৰ বাবে গুজৰাটৰ নিম্ন আদালতে তেওঁক দণ্ডিত কৰিছিল । যাৰ বাবে তেওঁ লোকসভাৰ সদস্যপদো হেৰুৱাব লগা হৈছিল । অৱশ্যে, বৰ্ষাকালীন অধিৱেশনৰ ঠিক আগতে, উচ্চতম ন্যায়ালয়ে গুজৰাটৰ নিম্ন ন্যায়ালয়ৰ ৰায় স্থগিত ৰাখে ৷

লগতে পঢ়ক: BJP Preparations for Assembly Polls: পুনৰ ৰাজপাট দখলৰ প্ৰস্তুতিৰে দিল্লীত গেৰুৱা দলৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.