ETV Bharat / bharat

Jawan injured in IED blast: ছত্তীশগড়ত আইইডি বিস্ফোৰণ; সেনা জোৱান আহত

author img

By

Published : Apr 20, 2023, 11:21 AM IST

ছত্তীশগড়ৰ বিজাপুৰত আইইডি বিস্ফোৰণ । সেনাই নিষ্ক্ৰিয় কৰিবলৈ লোৱাৰ সময়তে বিস্ফোৰণ আইইডিটো । ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী জোৱান (Jawan injured in IED blast)। চলিত মাহত কেইবাটাও স্থানত উদ্ধাৰ আইইডি ।

Jawan injured in IED blast
ছত্তীশগড়ত আইইডি বিস্ফোৰণ

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : ছত্তীশগড়ত মাওবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । বিভিন্ন স্থানত মাওবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে (Maoist attack in Chhattisgarh)। প্ৰায় প্ৰতিদিনে ছত্তীশগড়ৰ বস্তাৰত মাওবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । এপ্ৰিল মাহতে ৰাজ্যখনৰ বিভিন্ন স্থানত আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । আইইডি বিস্ফোৰণত সেনা জোৱানসকলৰো ক্ষতি হোৱা দেখা গৈছে ।

শেহতীয়াকৈ বিজাপুৰৰ নেলচনাৰৰ ওচৰত এটা আইইডি বিস্ফোৰণ হয় (IED blast near Nelsnar)। এই বিস্ফোৰণত এগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় । ইফালে আহত জোৱানজনক দান্তেৱাড়াত প্ৰাথমিক চিকিৎসাৰ অন্তত চৌপাৰৰ পৰা ৰায়পুৰলৈ প্ৰেৰণ কৰা হয় । তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

আৰক্ষী অধীক্ষক অঞ্জনেয়া বৰ্ষনিয়ে ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ মতে নেলচনাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত মাওবাদীৰ আধিপত্য দীৰ্ঘদিনীয়া আছিল । বঙ্গপাল গাঁৱৰ পৰা ৩ কিলোমিটাৰ দূৰৈত এটা আইইডি প্ৰত্যক্ষ কৰা গৈছিল । সেই সময়ত আইইডিটো নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল সেনা জোৱানে । তেনে সময়তে আইইডিটো বিস্ফোৰণ হয় আৰু জোৱানজন আঘাতপ্ৰাপ্ত হয় (Jawan injured in IED blast in Chhattisgarh)। আহত জোৱানজন সীতাৰাম কুদিয়াম বুলি জানিব পৰা গৈছে ।

চলিত মাহত অঞ্চলটোত কেইবাটাও মাওবাদীৰ আক্ৰমণ প্ৰতিহত কৰা হৈছে । ১৮ এপ্ৰিলত নাৰায়ণপুৰ জিলাৰ ছোটেডোংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজপুৰ গাঁৱত তালাচীৰ সময়ত ডিআৰজি আৰু বিডিএছৰ এটা দলে প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ এটা আইইডি উদ্ধাৰ কৰি ধ্বংস কৰে (IED recovered)। অৱশ্যে ইয়াত কোনো জোৱানৰ ক্ষতি হোৱা নাই ।

তাৰ পূৰ্বে ১৭ এপ্ৰিলত বিজাপুৰৰ জংলা আৰক্ষী থানাৰ অন্তৰ্গত বাদে তুঙ্গলী গাঁৱৰ ওচৰত আৰক্ষী আৰু মাওবাদীৰ মাজত ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । অৱশ্যে সংঘৰ্ষৰ পাচতে মাওবাদীসকল পলাই যাবলৈ সক্ষম হয় । সংঘৰ্ষটোৰ পাচত অঞ্চলটোত এটা আইইডি উদ্ধাৰ হয় । আইইডিটো নিষ্ক্ৰিয় কৰাৰ সময়ত শংকৰ পাৰেট নামৰ এজন ডিআৰজি জোৱান আহত হয় ।

১৪ এপ্ৰিলতো নাৰায়ণপুৰৰ কুকদাঝোৰ আৰক্ষী থানাৰ অন্তৰ্গত তাডোনাৰ ৰোডত এটা সক্ৰিয় আইইডি উদ্ধাৰ কৰা হয় । আইইডিটোৰ ওজন আছিল ৫ কিলোগ্ৰাম । বোমা বিশেষজ্ঞ দলে ঘটনাস্থলীত এটা আইইডি নিষ্ক্ৰিয় কৰে । তাৰ পূৰ্বে ৪ এপ্ৰিলতো মাওবাদীয়ে নাৰায়ণপুৰৰ কাদেনাৰ আৰু কাদেমেটাৰ পথত ৫ কিলোগ্ৰামৰ আইইডি স্থাপন কৰিছিল । নাৰায়ণপুৰ জিলা আৰক্ষী বাহিনী, বিডিএছ আৰু আইটিবিপিৰ যুটীয়া অভিযানত আইইডিটো উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :NSCN Cadre apprehended: ৩ দিনত অৰুণাচলত গ্ৰেপ্তাৰ NSCN-K(YA)ৰ ৮ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.