ETV Bharat / bharat

জনা-নজনা : স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰা অসমৰ এখন গাঁও

author img

By

Published : Sep 21, 2021, 4:45 PM IST

A village in Assam that has been highlighted by cleanliness.
স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰা অসমৰ এখন গাঁও

দেশ তথা বিশ্বৰ বিভিন্ন তথ্য জানিবলৈ আমি সদায়ে আগ্ৰহী ৷ কিন্তু নিজৰ জন্মভূমি তথা স্ব-ভূমিৰ বিষয়ে জানিবলৈ আমি কিমান আগ্ৰহী ৷ দেশ বিশেষকৈ বিশ্বৰ জনা-নজনা বিভিন্ন কথা জানিবলৈ যুৱ প্ৰজন্মক সদায়েই প্ৰধানত অনলাইনত ব্যস্ত থকা দেখিবলৈ পোৱা যায় ৷ কিন্তু কোনোবাদিনা আমি আমাৰ স্ব-ভূমিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোনে ? আনহে নালাগে, অসমৰ ভিতৰত স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰা গাঁওখনৰ বিষয়ে আপুনি জানেনে ?

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ : মেঘালয়ৰ পূৱ খাচী হিলচত অৱস্থিত মাওলিনং গাঁৱৰ বিষয়ে প্ৰায় অধিকাংশ লোক জ্ঞাত ৷ মাওলিনং এখন সৰু কিন্তু আটক ধুনীয়া পাহাৰীয়া গাঁও । এই গাঁওখনে এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে ৷ কিন্তু অসমতো যেন এনে এখন গাঁও আছে যিখন গাঁৱে দেশৰ ভিতৰত স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে, আপুনি জানেনে ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানে সম্প্ৰতি ভাৰতৰ লগতে বিশ্বজুৰি সমাদৰ লাভ কৰিছে ৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰতিবছৰে স্বচ্ছতাৰ ক্ষেত্ৰত নিদৰ্শন দাঙি ধৰা গাঁৱক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয় ৷ স্বচ্ছতাৰ পুৰস্কাৰ লাভ কৰা গাঁৱৰ ভিতৰত আছে অসমৰো গাঁও ৷ আপুনি জানেনে এই গাঁৱকেইখনৰ বিষয়ে ৷

অসমৰ ভিতৰত স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰা গাঁৱৰ অন্যতম হৈছে গোৱালপাৰা জিলাৰ ৰংছাপাৰা । গোৱালপাৰা চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগত থকা ৰংছা পাৰা গাঁওখন ২০১৬-১৭ বৰ্ষত অসম চৰকাৰে স্বচ্ছ আৰু নিকা গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছে । ৫০০ জনসংখ্যা থকা গাঁওখনত এজন গাওঁবুঢ়া আছে, নাম ৰবাৰ্টজন মমিন । ৰবাৰ্ট জন মমিনৰ প্ৰচেষ্টাতে ৰংছাপাৰা অসমৰ ভিতৰত স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন

গাঁওখনৰ গাৰো জনগোষ্ঠীয় লোকসকলৰ মাজত আছে যথেষ্ট মিলা-প্ৰীতি । এই গাঁওখনৰ আন এটা বিশেষত্ব হৈছে, গাঁওখন সম্পূৰ্ণৰূপে ধপাত মুক্ত গাঁও । গাঁওখনৰ কোনো এজন ব্যক্তিয়ে নিচা জাতীয় বস্তু সেৱন কৰিলে ৰাজহুৱাকৈ ৫০০১ টকা জৰিমনা বিহা হয় । কেৱল এই নিৰ্দেশ গাঁওখনৰ বাবেই নহয়, পৰ্যটকৰ বাবেও আছে একে নিৰ্দেশনা । যাৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰংছাপাৰা গাঁও ।

ৰংছাপাৰাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা পৰ্যটকৰ বাবে আছে নিৰ্দেশনা, গাঁওখনত সোমাওতে কোনোধৰণৰ গুটখা তথা নিচা জাতীয় সামগ্ৰী লৈ প্ৰৱেশ কৰা নিষেধ । প্ৰায় ৫০০ জনসংখ্যা থকা গাঁওখনৰ সেউজীয়া পৰিবেশে প্ৰতিজন পৰ্যটকৰ আকৰ্ষিত কৰে । প্ৰতিটো ৰাস্তাৰ চাফ-চিকুণ, ৰাস্তাৰ কাষে কাষে আছে শাৰী শাৰী ফুলগছ, আছে বাঁহেৰে নিৰ্মিত ডাষ্টবিন ।

সপ্তাহৰ শনিবাৰ আৰু বুধবাৰে গাঁওখন সকলো পুৰুষ-মহিলাই চাফা কৰিব লাগিব ৷ অৱশ্যে ইয়াৰ বাবে আছে সুকীয়া আইন । শনিবাৰে মহিলাসকলে আৰু বুধবাৰে পুৰুষসকলে চাফ-চিকুণৰ কামত নিয়োজিত হ’ব লাগে, কোনোবাই যদি চাফ-চিকুনৰ কামত উপস্থিত নাথাকে তেন্তে ভৰিবলগীয়া হয় জৰিমনা । পুৰুষৰ বাবে ৩০ টকা আৰু মহিলাৰ বাবে ১৫ টকা ।

বিগত প্ৰায় ১৮ বছৰে গাঁওখনৰ কোনো এগৰাকী লোকে ভৰিব লগা হোৱা নাই জৰিমনা । গাঁও পৰিস্কাৰ কৰি ৰখাৰ বাবে গাঁওখনৰ প্ৰতিগৰাকী পুৰুষ মহিলা হাঁহিমুখে ওলাই আহে । শিক্ষাৰ ক্ষেত্ৰত গাঁওখনত আছে মাত্ৰ প্ৰাইমেৰী স্কুল আৰু আপাৰ প্ৰাইমেৰী স্কুল ৷ কিন্তু তাৰ পাছতো স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এইখন গাঁও ৷

লগতে পঢ়ক : জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.