ETV Bharat / bharat

Vice Presidential Polls 2022: সন্মুখ সমৰত জগদ্বীপ ধানখাড় আৰু মাৰ্গাৰেট আলভা ; কোনে মাৰিব শেষ হাঁহি ?

author img

By

Published : Aug 6, 2022, 10:57 AM IST

It's Jagdeep Dhankar vs Margaret Alva in VP polls today
সন্মুখ সমৰত জগদ্বীপ ধানখাড় আৰু মাৰ্গাৰেট আলভা ; কোনে মাৰি শেষ হাঁহি?

কোনে মাৰি শেষ হাঁহি ? আজি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন (Vice Presidential Polls 2022) ৷ দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি দিনৰ 10 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷

নেশ্যনেল ডেস্ক, 6 আগষ্ট: আজি উপ ৰাষ্ট্ৰপতি নিৰ্বাচন (Vice Presidential Polls 2022) ৷ দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি দিনৰ 10 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বাবে দুগৰাকী প্ৰতিদ্বন্দী অৱতীৰ্ণ হোৱা এই নিৰ্বাচনত লোকসভাৰ 543 গৰাকী নিৰ্বাচিত আৰু দুগৰাকী মনোনীত সদস্যৰ লগতে ৰাজ্যসভাৰ 233 গৰাকী নিৰ্বাচিত আৰু 12 গৰাকী মনোনীত সদস্যই ভোটদান কৰিব ৷

উল্লেখযোগ্য যে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি পদবীৰ বাবে শাসকীয় এন ডি এয়ে পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল জগদ্বীপ ধানখাড়ক মনোনীত কৰাৰ বিপৰীতে বিৰোধী দলসমূহে তেওঁলোকৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে জ্যেষ্ঠা কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাক মনোনীত কৰিছে (Jagdeep Dhankhar is NDAs Vice President candidate) ৷ সন্ধিয়া 5 বজালৈকে চলিবলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতেই ভোট গণনা অনুষ্ঠিত হ’ব আৰু বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ উত্তৰসূৰী জগদ্বীপ ধানখাড় হ’বনে মাৰ্গাৰেট আলভা হ’ব সেই কথা 5 বজাৰ পিছতেই পৰিস্কাৰ হ’ব ৷ আজি নিৰ্বাচিত হ’বলগীয়া উপ ৰাষ্ট্ৰগৰাকীয়ে অহা 11 আগষ্টত শপত গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: Next CJI of India: উদয় উমেশ ললিত হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.