ETV Bharat / bharat

জয়া ললিতাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰ এছ ভাৰতীৰ

author img

By

Published : Mar 18, 2021, 5:37 PM IST

জয়াললিতাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আৰ এছ ভাৰতীৰ
জয়াললিতাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আৰ এছ ভাৰতীৰ

দ্ৰাবিড়া মুনেত্ৰা কাঝাগাম (ডিএমকে)ৰ কাৰ্যকৰী সম্পাদক আৰ এছ ভাৰতী আৰু ৰাজ্যিক পৰিষদৰ সদস্য এন আৰ ইলাংগোৰ চেন্নাইৰ আন্না অৰিভালায়ামত সংবাদ মাধ্যমেৰে বাৰ্তালাপ । এই সন্দৰ্ভত ডিএমকে আইনৰ অধীনত জয়া ললিতাৰ মৃত্যুৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । কিন্তু জয়া ললিতাৰ মৃত্যুৰ বাবে বিজেপিয়ে ৰাজনৈতিক চাপ প্ৰয়োগ কৰিছিল বুলি আৰ এছ ভাৰতীয়ে দাবী সংবাদ মাধ্যমৰ আগত এইদৰে দাবী উত্থাপন কৰে ।

নেশ্যনেল ডেস্ক, ১৮ মাৰ্চ: দ্ৰাবিড়া মুনেত্ৰা কাঝাগাম (ডিএমকে)ৰ কাৰ্যকৰী সম্পাদক আৰ এছ ভাৰতী আৰু ৰাজ্যিক পৰিষদৰ সদস্য এন আৰ ইলাংগোৱে চেন্নাইৰ আন্না অৰিভালায়ামত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত অভিযোগ উত্থাপন কৰি কয় যে পিএমকে জয়া ললিতাৰ ওপৰত মানসিকভাৱে যথেষ্ঠ চাপ পেলাইছিল । কিন্তু ডিএমকে এই কাৰ্য কৰা নাই । এই সন্দৰ্ভত ডিএমকে আইনৰ অধীনত জয়া ললিতাৰ মৃত্যুৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । কিন্তু জয়া ললিতাৰ মৃত্যুৰ বাবে বিজেপিয়ে ৰাজনৈতিক চাপ প্ৰয়োগ কৰিছিল বুলি আৰ এছ ভাৰতীয়ে দাবী সংবাদ মাধ্যমৰ আগত এইদৰে দাবী উত্থাপন কৰে ।

তামিলনাডুৰ মুখ্য়মন্ত্ৰী এডাপাড়ি কাৰুপ্পা পালানিস্বামী নিৰ্বাচনী প্ৰচাৰ সভাত জয়া ললিতাৰ মৃত্যুৰ বাবে ডিএমকে দায়বদ্ধ বুলি দোষাৰোপ কৰে । ডিএমকেৰ চলি থকা আদালতৰ গোচৰৰ বাবে হতাশাত ভূগি জয়া ললিতাৰ মৃত্যু হৈছিল বুলি মিছা অভিযোগ উত্থাপন কৰে । আইনীভাৱে সম্পত্তিৰ গোচৰত টিএএনএছই গোচৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ সকলোবোৰ ডিএমকেৰ তত্বাৱধানত হৈছিল । যদিও কৰ্ণাটক উচ্চ ন্যায়ালয়ে জয়া ললিতাক উক্ত গোচৰৰ পৰা মুক্তি দিছিল তথাপিও ডিএমকে ৰাজনৈতিকভাৱে ইয়াৰ কাষ চপা নাছিল ।

জয়াললিতাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আৰ এছ ভাৰতীৰ
জয়াললিতাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আৰ এছ ভাৰতীৰ

কিন্তু, পিএমকে নেতা জি কে মণি আৰু অধিবক্তা বালুয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়াৰ কাষ চাপিছিল আৰু তেওঁক আবেদন কৰিবলৈ আহ্বান জনাইছিল । পিএমকে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাৱে সাক্ষাৎ কৰি মানসিকভাৱে চাপ প্ৰয়োগ কৰিছিল । ইফালে, পিএমকেৰ অধিবক্তা বালুৱে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত জয়া ললিতাৰ স্মাৰকৰ বিৰুদ্ধেও কথা-বতৰা পাতিছিল বুলি এইদৰে কেতবোৰ মন্তব্য প্ৰকাশ কৰে আৰ এছ ভাৰতীয়ে ৷

লগতে পঢ়ক: চেন্নাইত শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.