ETV Bharat / bharat

দেশৰ প্ৰায় ১০০ টা স্থানত আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Sep 7, 2022, 11:42 AM IST

দেশৰ ভিন্ন প্ৰান্তত চলিছে আয়কৰ বিভাগৰ অভিযান (IT raids in India)। মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, ছট্টিশগড়কে ধৰি ১০০ টা স্থানত চলিছে এই অভিযান । চৰকাৰী পুঁজি সন্দৰ্ভত এই অভিযান চলোৱা হৈছে ।

IT
দেশৰ প্ৰায় ১০০ টা স্থানত আয়কৰ বিভাগৰ অভিযান

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : দেশজুৰি আয়কৰ বিভাগৰ বৃহৎ অভিযান (IT raid)। বুধবাৰে সমগ্ৰ দেশৰ ১০০ টা স্থানত আয়কৰ বিভাগে অভিযান চলাইছে । চৰকাৰী পুঁজি সম্পৰ্কীয় এক গোচৰত চলোৱা হৈছে এই অভিযান ।

জানিব পৰা মতে পুৱাই মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডত আয়কৰ বিভাগৰ দল উপস্থিত হৈছে (IT raid in Maharashtra)। সূত্ৰৰ মতে মধ্যাহ্ন ভোজন আঁচনিৰ সৈতে জড়িত সকলো লোক আয়কৰ বিভাগৰ দৃষ্টিত আছে । ছট্টিশগড়ত মধ্য প্ৰদেশৰ আয়কৰ বিভাগৰ দল পুৱতি নিশা উপস্থিত হৈ ৰায়পুৰ, ৰায়গড় আৰু খাৰচিয়াৰ বহু ব্যৱসায়ীৰ ঘৰত অভিযান চলাইছে । অৱশ্যে সঠিক তথ্য এতিয়াও লাভ কৰিব পৰা হোৱা নাই ।

তথ্য অনুসৰি, বিভিন্ন ব্যৱসায়ীৰ ঘৰ, কাৰ্যালয় আদিত আয়কৰ বিভাগে অভিযান চলাইছে । ব্যৱসায়ী আৰু স্থানসমূহ হৈছে বিৰগাঁৱৰ ষ্টীলৰ ব্যৱসায়ী সুনীল ৰামদাসৰ বাসগৃহ, কাৰ্যালয় আৰু কাৰখানা, সুনীল আগৰৱালা, সুশীল আগৰৱালা, অনিল আগৰৱালাৰ বাসগৃহ, ৰায়গড়ৰ লাভিষ্টা, ঐশ্বৰ্য কিংডম আৰু ফ্ৰেইণ্ডছ কলনী, খাৰচিয়ানৰ ঠিকাদাৰ মুকেশ আগৰৱালা, নাটৱাৰ ৰেট্ৰিয়াৰ ৰায়গড় বাসগৃহ, শ্ৰী প্ৰকল্প নিৰ্মাণ কোম্পানী, কয়লা খনি,ৰায়গড়ৰ আকাশ জিন্দল । অমোলক ভাটিয়াৰ বাসগৃহ, বিলাসা কাটোৰা তালাব, আৰ কে গুপ্তা, চিএ অনিল আগৰৱালা ।

আয়কৰ বিভাগৰ এই অভিযানক লৈ দেশত তোলপাৰ লাগিছে । দুৰ্নীতিৰ বিৰুদ্ধে আয়কৰ বিভাগৰ এই অভিযানক সকলো প্ৰশংসা কৰাও দেখা গৈছে । বহুতে আকৌ আয়কৰ বিভাগৰ এই অভিযান সৰ্ববৃহৎ অভিযান বুলি স্বীকৃতি দিছে ।

লগতে পঢ়ক :ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ NSEৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাৰায়ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.