ETV Bharat / bharat

অস্বীকৃত ৰাজনৈতিক দলৰ বিৰুদ্ধে আয়কৰৰ অভিযান

author img

By

Published : Sep 7, 2022, 10:10 PM IST

দেশৰ বিভিন্ন ঠাইত আয়কৰ বিভাগে চলাইছে বৃহৎ অভিযান(IT conducts raid )। পঞ্জীভুক্ত অস্বীকৃত ৰাজনৈতিক দলসমূহ(registered unrecognised political parties)আৰু তেওঁলোকৰ সন্দেহজনক পুঁজিৰ বিৰুদ্ধে এই অভিযান ।

registered unrecognised political parties
অস্বীকৃত ৰাজনৈতিক দলৰ বিৰুদ্ধে আয়কৰৰ অভিযান

নেশ্য়নেল ডেস্ক, ৭ছেপ্তেম্বৰ:পঞ্জীভুক্ত অস্বীকৃত ৰাজনৈতিক দলসমূহ(registered unrecognised political parties)আৰু তেওঁলোকৰ সন্দেহজনক পুঁজিৰ বিৰুদ্ধে কৰ ফাঁকিৰ তদন্তৰ অংশ হিচাপে বুধবাৰে আয়কৰ বিভাগে(income tax department raid) একাধিক ৰাজ্যত অভিযান আৰম্ভ কৰে । গুজৰাট, দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু আন কিছুমান ৰাজ্যত তালাচী চলোৱা হৈছে । এই বিষয়ে চৰকাৰী সূত্ৰই সদৰি কৰিছে ।

চৰকাৰী সূত্ৰটোৱে পুনৰ উল্লেখ কৰে যে আৰ ইউপিপি, তেওঁলোকৰ সংযুক্ত সংস্থা, অপাৰেটৰ আৰু অন্যান্যসকলৰ বিৰুদ্ধে কৰ বিভাগে এক সমন্বিত পদক্ষেপ আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগৰ(Election Commission)পৰামৰ্শ অনুসৰি বিভাগটোৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ অস্তিত্বৰ প্ৰমাণীকৰণৰ সময়ত(non existent during physical verification)অস্তিত্বহীন পোৱাৰ পিছত ৮৭ টা প্ৰতিষ্ঠানক ইয়াৰ RUPP ৰ তালিকাৰ পৰা বাদ দিছে আয়কৰ বিভাগে ।

নিৰ্বাচনী পেনেলে উল্লেখ কৰিছে যে তেওঁলোকে নিয়ম আৰু নিৰ্বাচনী আইন অমান্য কৰাৰ বাবে ২,০০০ ৰো অধিক পঞ্জীভুক্ত অস্বীকৃত ৰাজনৈতিক দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে আৰ্থিক অৱদান দাখিল কৰা, তেওঁলোকৰ ঠিকনা আৰু কাৰ্যবাহীসকলৰ নাম উন্নীত কৰাত ব্যৰ্থ হোৱা আদি বিষয় । ইয়াৰ ভিতৰত কিছুমান দলে গুৰুতৰ বিত্তীয় অনিয়মত লিপ্ত থকা বুলি কয় আয়কৰ বিভাগে ।

ইপিনে,দেশৰ বিভিন্ন ঠাইত আয়কৰ বিভাগে চলাইছে বৃহৎ অভিযান (IT raid)। বুধবাৰে সমগ্ৰ দেশৰ ১০০ টা স্থানত আয়কৰ বিভাগে অভিযান চলাইছে । চৰকাৰী পুঁজি সম্পৰ্কীয় এক গোচৰত চলোৱা হৈছে এই অভিযান ।জানিব পৰা মতে পুৱাই মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডত আয়কৰ বিভাগৰ দল উপস্থিত হয়(IT raid in Maharashtra)। সূত্ৰৰ মতে,মধ্যাহ্ন ভোজন আঁচনিৰ সৈতে জড়িত সকলো লোকৰ ওপৰত আয়কৰ বিভাগৰ দৃষ্টি নিৱদ্ধ আছে । ছট্টিশগড়ত মধ্য প্ৰদেশৰ আয়কৰ বিভাগৰ দল পুৱতি নিশা উপস্থিত হৈ ৰায়পুৰ, ৰায়গড় আৰু খাৰচিয়াৰ বহু ব্যৱসায়ীৰ ঘৰত অভিযান চলায় । তথ্য অনুসৰি, বিভিন্ন ব্যৱসায়ীৰ ঘৰ, কাৰ্যালয় আদিত আয়কৰ বিভাগে অভিযান চলাইছে ।

লগতে পঢ়ক:সহযোগিতা নীতিৰ খচৰা প্ৰস্তুতৰ বাবে ৪৭ জনীয়া পেনেল গঠনৰ ঘোষণা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.