ETV Bharat / bharat

ভাৰতীয় পৰিয়ালে বিদেশত বিয়া পতাক লৈ অসন্তুষ্ট প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 5:53 PM IST

Mann Ki Baat
ভাৰতীয় পৰিয়ালে বিদেশত বিয়া পতাক লৈ অসন্তুষ্ট প্ৰধানমন্ত্ৰী

শেহতীয়াকৈ বহু ভাৰতীয় পুঁজিপতি বা ধনী পৰিয়ালে বিদেশত গৈ বিবাহ অনুষ্ঠানৰ আয়োজন কৰিছে । যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । 'মন কি বাত' অনুষ্ঠানৰ জৰিয়তে সেই পৰিয়ালসকললৈ বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে ।

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : ভাৰতৰ একাংশ পুঁজিপতি পৰিয়ালৰ বিদেশত বিবাহ আয়োজন কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে । শেহতীয়া বছৰবোৰত ভাৰতৰ বহু পুঁজিপতি পৰিয়ালে বহু কোটি টকা খৰছ কৰি বিদেশত বিবাহ অনুষ্ঠানৰ আয়োজন কৰিছে । এনে প্ৰৱণতাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বেগ প্ৰকাশ কৰে । ভাৰতৰ অৰ্থনীতিৰ বাবে ই ক্ষতিকাৰক । সেয়েহে এনে ধৰণৰ অনুষ্ঠান বিদেশৰ পৰিৱৰ্তে ভাৰতৰ ভিতৰতে অনুষ্ঠিত কৰিব লাগে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে ।

'মন কি বাত' অনুষ্ঠানৰ সময়ত মোদীয়ে দেশবাসীক সম্বোধন কৰি দেশবাসীক বিবাহৰ বাবে প্ৰস্তুতি কৰোতে ভাৰতত তৈয়াৰ কৰা সামগ্ৰী ক্ৰয়ক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । কিছুমান বাণিজ্যিক সংগঠনে বিবাহৰ বতৰৰ এই সময়ছোৱাত প্ৰায় ৫ লাখ কোটি টকাৰ ব্যৱসায় হ'ব পাৰে বুলি অনুমান কৰিছে । প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে বিবাহৰ বাবে বজাৰ কৰোতে, ভাৰতত একচেটিয়াভাৱে তৈয়াৰ কৰা সামগ্ৰীসমূহক প্ৰাথমিকতা দিয়া উচিত ।

প্ৰধানমন্ত্ৰীয়ে কয়, "যিহেতু বিবাহৰ বিষয়টো আহিছে, এটা বস্তুৱে মোক দীৰ্ঘদিন ধৰি অসুবিধাত পেলাই আহিছে আৰু যদি মই মোৰ পৰিয়ালৰ সদস্যসকলৰ বাবে মোৰ হৃদয়ৰ বেদনাৰ কথা নকওঁ কাৰ আগত কম ? আজিকালি চিন্তা কৰক কিছুমান পৰিয়ালে বিদেশলৈ গৈ বিবাহ অনুষ্ঠিত কৰাৰ এক নতুন পৰিৱেশৰ সৃষ্টি কৰিছে । এইটো প্ৰয়োজনীয় নেকি ?"

তেওঁ কয় যে যদি মানুহে ভাৰতৰ মাটিত, দেশৰ জনসাধাৰণৰ মাজত বিবাহৰ অনুষ্ঠান আয়োজন কৰে, তেন্তে দেশৰ ধন দেশতে থাকিব । তেওঁ কয় যে এনে বিবাহ অনুষ্ঠানত দেশৰ জনসাধাৰণে সেৱা আগবঢ়োৱাৰ সুযোগ পাব ।

প্ৰধানমন্ত্ৰীয়ে কয়, "আনকি দৰিদ্ৰ লোকসকলেও তেওঁলোকৰ সন্তানক আপোনাৰ বিয়াৰ বিষয়ে ক'ব । আপুনি 'Vocal for Local'ৰ এই অভিযানত সহায় কৰিব পাৰিবনে ?" আমি আমাৰ নিজৰ দেশতে এনে ব্যয়বহুল বিবাহ অনুষ্ঠান কিয় অনুষ্ঠিত নকৰো বুলিও তেওঁ প্ৰশ্ন কৰে ।

তেওঁ কয় যে হয়টো পৰিয়ালবোৰে বিচৰা ধৰণৰ প্ৰণালী ভাৰতত নাথাকিব পাৰে । কিন্তু যদি আমি এনে অনুষ্ঠান আয়োজন কৰো সেই প্ৰণালীবোৰো বিকশিত হ'ব । তেওঁ কয় যে এইটো বহুত পুঁজিপতি পৰিয়ালৰ সৈতে সম্পৰ্কিত এটা বিষয় । তেওঁ আশা কৰিছে যে তেওঁৰ এই বেদনা নিশ্চিতভাৱে সেই পুঁজিপতি তথা ডাঙৰ পৰিয়ালবোৰৰ কাষলৈ যাব । মোদীয়ে লগতে কয় যে যেতিয়া বৃহৎ পৰিমাণে ৰাইজে ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব লয়, তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে সেই দেশক আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে । তেওঁ কয় যে আজি ভাৰতত স্পষ্টভাৱে দেখা গৈছে যে দেশৰ ১৪০ কোটি জনসাধাৰণে বহুতো পৰিৱৰ্তনৰ নেতৃত্ব দিছে ।

এই উৎসৱৰ বতৰত ইয়াৰ পোনপটীয়া উদাহৰণ দেখা পোৱা গৈছে বুলিও তেওঁ উল্লেখ কৰে । যোৱা মাহত 'মন কি বাত'ত তেওঁ স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । যোৱা কেইদিনমানৰ ভিতৰত দেশত দীপাৱলী, ভাতৃ দ্বিতীয়া আৰু ষঠ পূজাত ৪ লাখ কোটি টকাৰ অধিক মূল্যৰ ব্যৱসায় হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :সংযুক্ত কিষাণ মৰ্চাৰ ৩ দিনীয়া প্ৰতিবাদ; মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ একত্ৰিত হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.