ETV Bharat / bharat

International Kullu Dussehra: কুল্লুত সাংস্কৃতিক পেৰেড, 15 খন দেশৰ শিল্পীৰ প্ৰদৰ্শনত মোহিত হাজাৰ হাজাৰ পৰ্যটক

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 5:44 PM IST

হিমাচল প্ৰদেশৰ কুল্লুত আন্তৰ্জাতিক দশেৰা উৎসৱ পালন ৷ কুল্লু দশেৰাৰ দ্বিতীয় দিনা সাংস্কৃতিক কুচকাৱাজৰ আয়োজন ৷ 15 খন দেশৰ শিল্পীসকলে তেওঁলোকৰ প্ৰদৰ্শনেৰে হাজাৰ হাজাৰ পৰ্যটকক মোহিত কৰে ৷

International Kullu Dussehra
কুল্লুত সাংস্কৃতিক পেৰেড

কুল্লুত আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱ

নিউজ ডেস্ক, 26 অক্টোবৰ : সমগ্ৰ দেশতে বিজয়া দশমীৰ সৈতে অন্ত পৰিল দশেৰাৰ, কিন্তু হিমাচল প্ৰদেশত বিজয়া দশমীৰ পৰা আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় কুল্লু দশেৰা উৎসৱ ৷ 7 দিনীয়া এই দশেৰাত অংশগ্ৰহণ কৰে দেশ-বিদেশৰ বিভিন্ন সাংস্কৃতিক দলে ৷ কুল্লু দশেৰাৰ সময়ত ধলপুৰৰ ৰথমৈদান স্বৰ্গৰ দৰে হৈ পৰে ৷ প্ৰতি বছৰে লাখ লাখ পৰ্যটকে আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱৰ সাক্ষী হ’বলৈ কুল্লুত উপস্থিত হয় ৷ এই সময়ছোৱাত আটাইতকৈ আকৰ্ষণীয় আৰু মনোমোহা অনুষ্ঠান হ’ল সাংস্কৃতিক পেৰেড ৷ এইবাৰ সাংস্কৃতিক পেৰেডত 15খন দেশৰ শিল্পীয়ে নিজৰ দেশৰ সংস্কৃতি আৰু শিল্পকলা প্ৰদৰ্শন কৰে ৷ এই সময়ছোৱাত কুল্লুক সম্পূৰ্ণ বিদেশী কাৰ্নিভালৰ ৰঙেৰে ৰঙীণ হৈ পৰা দেখা যায় ৷

কুল্লু দশেৰা হিমাচলৰ পৰম্পৰা আৰু সংস্কৃতিৰ এক অনন্য ঐতিহ্য ৷ এই দশেৰাত ভাৰতৰ লগতে বিদেশৰ শিল্পীয়ে নিজৰ শিল্প-সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ আহে ৷ এইবাৰো কুল্লু দশেৰাৰ দ্বিতীয় দিনা 15 খন দেশৰ শিল্পীয়ে প্ৰদৰ্শন কৰে নিজৰ নিজৰ সংস্কৃতি ৷ হাজাৰ হাজাৰ লোক এই অনুষ্ঠান চাবলৈ আহি দেশ-বিদেশৰ সংস্কৃতি আৰু শিল্পকলাত আপ্লুত হয় ৷

কুল্লুৰ সাস্কৃতিক পেৰেডত ৰাছিয়া, ৰোমানিয়া, কাজাখাস্তান, থাইলেণ্ড, ক্ৰ’ৱেচিয়া, ভিয়েটনাম, টাইৱান, পানামা, ইৰাণ, ঘানা, মালদ্বীপ, মালয়েছিয়া, কেনিয়া আৰু ইথিওপিয়াৰ শিল্পীসকলে অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ এই সময়ত শিল্পীসকলে নিজৰ সংস্কৃতি, শিল্প আৰু নৃত্য প্ৰদৰ্শন কৰে ৷

এই সময়ছোৱাত ভাৰতৰ লগতে বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে এই সুন্দৰ আৰু স্মৰণীয় মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰি থকা দেখা যায় ৷ একে সময়তে বহিঃৰাষ্ট্ৰৰ পৰা সাংস্কৃতিক পেৰেডলৈ অহা শিল্পীসকলে কুল্লু দশেৰাৰ ভৱিষ্যৎ আৰু বিস্ময়কৰ ব্যৱস্থাক লৈ আনন্দ প্ৰকাশ কৰে ৷ তেওঁলোকে কয় যে ভাৰতৰ সংস্কৃতি আৰু বৈচিত্ৰ্য তেওঁলোকে অতিশয় ভাল পায় ৷ লগতে হিমাচল চৰকাৰক এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Para Asian Games 2023 : পেৰা এছিয়ান গেমছৰ চতুৰ্থ দিন; ভাৰতৰ অভিলেখ সংখ্যক ৭৩ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.