ETV Bharat / bharat

G20 Summit : জি২০ সন্মিলনৰ বাবে দিল্লী বিমানবন্দৰত বাতিল ইণ্ডিগো বিমান

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:23 PM IST

ইণ্ডিগোৱে বুধবাৰে যাত্ৰীসকলক জি-২০ সন্মিলন সন্দৰ্ভত দিল্লী বিমানবন্দৰত বিমান বাতিলৰ বিষয়ে অৱগত কৰে । ৯ আৰু ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত জি-২০ সন্মিলন অনুষ্ঠিত হ'ব । ইণ্ডিগোৱে ৮-১১ ছেপ্টেম্বৰৰ ভিতৰত দিল্লীলৈ অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে এটা সময়ৰ ৰেহাই প্ৰদান কৰিছিল ।

G20 Summit
G20 Summit

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : জি-২০ সন্মিলনৰ বাবে ইণ্ডিগোৱে বিমান বাতিল কৰিছে । বুধবাৰে বিমান প্ৰতিষ্ঠানটোৱে এই সন্দৰ্ভত দিল্লী বিমানবন্দৰত বিমান বাতিলৰ বিষয়ে জাননী প্ৰদান কৰিছে । "নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ বাবে ইণ্ডিগোৱে ৮ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰৰ ভিতৰত দিল্লীলৈ অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে এবাৰৰ বাবো ৰেহাই প্ৰদান কৰিছে ।" এয়াৰলাইনছটোৱে এক বিবৃতিত কয় ।

অৱশ্যে বিমান প্ৰতিষ্ঠানটোৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা বিমানৰ সংখ্যাৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰা নাই । ৯ আৰু ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত জি-২০ সন্মিলন অনুষ্ঠিত হ'ব । "গ্ৰাহকসকলক ধন ঘূৰাই দিয়াৰ সৈতে তেওঁলোকৰ বিমান পুনৰ নিৰ্ধাৰণ বা বাতিল কৰাৰ বিকল্প আগবঢ়োৱা হৈছে । যাত্ৰীসকলক বিমান বাতিলৰ বিষয়ে আৰু আগতীয়াকৈ পৰিৱৰ্তনৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ জাননী দিয়া হৈছে ।" বিবৃতিটোত কোৱা হৈছে ।

উল্লেখ্য যে জি-২০ সন্মিলনৰ বাবে দিল্লী বিমানবন্দৰত বহুতো বিমান প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে আৰু এয়াৰলাইনছসমূহে তেওঁলোকৰ যাত্ৰাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা কৰাৰ উপৰি গ্ৰাহকসকলৰ বাবে বিমান ভাৰাত ৰেহাই প্ৰদান কৰিছে । এই সন্দৰ্ভত বিভাগীয় বিষয়াসকলে মঙলবাৰে কৈছিল যে এয়াৰলাইনছবোৰে তেওঁলোকৰ বিমান পৰিচালনাত সালসলনি কৰি আছে আৰু নিৰ্বাচিত কিছু বিমান বাতিল বা সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে । এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, অহা ৮-১০ ছেপ্টেম্বৰৰ সময়ছোৱাত প্ৰায় ১২০ খন বিমানৰ সেৱা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় ৰাজধানীত ডিআইএএলৰ দ্বাৰা পৰিচালিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে দেশৰ সৰ্ববৃহৎ বিমানবন্দৰ আৰু দৈনিক প্ৰায় ১৩০০ বিমান পৰিচালনা কৰে । ২৬ আগষ্টত ডিআইএএলে কৈছিল যে তেওঁলোকে ৮ ছেপ্টেম্বৰৰ পৰা তিনি দিনৰ ভিতৰত ৮০ খন বিমানৰ প্ৰস্থান আৰু সমানসংখ্যক ঘৰুৱা বিমান অৱতৰণ বাতিল কৰাৰ বাবে এয়াৰলাইনছৰ পৰা অনুৰোধ লাভ কৰিছে ।

লগতে পঢ়ক :G20 Summit: 'জি-২০ ইণ্ডিয়া মোবাইল এপ' ডাউনলোড কৰিবলৈ মন্ত্ৰীসকলক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.