কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰিলে ইৰাণৰ চাবাহাৰ বন্দৰ

author img

By

Published : Aug 21, 2022, 1:39 PM IST

Iran

ভাৰতৰ বাণিজ্যক্ষেত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ইৰাণৰ চাবাহাৰ বন্দৰ পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Minister Sarbananda Sonowal visits Chabahar Port in Iran)। ইৰাণৰ চাবাহাৰ বন্দৰক শক্তিশালী কৰাৰ লক্ষ্যৰে ৬ টা মোবাইল হাৰ্বাৰ ক্ৰেন "ইণ্ডিয়ান প'ৰ্টছ্ গ্ল'বেল চাবাহাৰ ফ্ৰী ট্ৰেড জ'ন" (IPGCFTZ)লৈ হস্তান্তৰ কৰে সৰ্বানন্দ সোণোৱালে । ইৰাণ আৰু ভাৰতৰ মাজত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তি অনুসৰি ইৰাণৰ চাবাহাৰ বন্দৰৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

নেশ্যনেল ডেস্ক,২১ আগষ্ট : চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Indian Shipping Minister visits Chabahar Port in Iran)। উপস্থিত হৈয়ে শনিবাৰে ইৰাণৰ চাবাহাৰৰ শ্বাহিদ বেহেস্তী বন্দৰ পৰিদৰ্শন কৰি উন্নয়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । চাবাহাৰ বন্দৰৰ সুযোগ-সম্ভাৱনাক ত্বৰান্বিত কৰাৰ বাবে সৰ্বানন্দ সোণোৱালে ৬টা ভ্ৰাম্যমাণ ক্ৰেন "ইণ্ডিয়ান প'ৰ্টছ্ গ্ল'বেল চাবাহাৰ ফ্ৰী ট্ৰেড জ'ন" (IPGCFTZ) লৈ হস্তান্তৰ কৰে (India offers 6 mobile cranes to Chabahar Port)।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে ইৰাণস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত জি ধৰ্মেন্দ্ৰই । ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংগঠনৰ উপ-মন্ত্ৰী তথা পৰিচালন সঞ্চালক ড° আলী আকবৰ ছাফায়ে এই কাৰ্যসূচীত ইৰাণৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ভাৰতীয় প্ৰতিনিধি দলটোৱে ইৰাণ আৰু ভাৰতৰ মাজত পাৰস্পৰিক সামুদ্ৰিক আৰু বন্দৰ সহযোগিতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ইৰাণৰ প্ৰতিনিধি দলৰ সৈতে এক বৈঠকতো মিলিত হয় (Meeting of representatives of India and Iran)। দক্ষিণ এছিয়া, আছিয়ান আৰু আনকি জাপান, কোৰিয়াৰ দৰে পূব এছিয়াৰ দেশসমূহৰ লগত মধ্য এছিয়াৰ দেশসমূহৰ বাণিজ্যিক সম্ভাৱনাক গতিশীলতা প্ৰদান সন্দৰ্ভত দুয়োটা প্ৰতিনিধি দলৰ মাজত বিতং আলোচনা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰিলে ইৰাণৰ চাবাহাৰ বন্দৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দূৰত্ব, সময় আৰু ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত চাবাহাৰ বন্দৰে কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তাৰ ওপৰত বিশদভাৱে আলোকপাত কৰে । এই বৈঠকত বন্দৰটোৰ মসৃণ কাৰ্যকৰীকৰণৰ বাবে এখন যুটীয়া কাৰিকৰী সমিতি গঠন কৰাৰো সিদ্ধান্ত লোৱা হয় । তদুপৰি বৈঠকত বন্দৰটোৰ উন্নয়নৰ দিশত ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়েও আলোচনা কৰা হয় ।

বন্দৰ পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ইণ্ডো-ইৰাণৰ ঐতিহাসিক সম্পৰ্ক হৈছে বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্কৰ আধাৰ (Maritime relations between India and Iran)। আগন্তুক দিনবোৰত ভাৰত আৰু ইৰাণ চৰকাৰৰ নিৰন্তৰ আৰু সৰ্বাংগীণ প্ৰচেষ্টাই এই দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীতকৰণ, সম্প্ৰসাৰণ আৰু গভীৰতাৰ বাবে এক আদৰ্শ মঞ্চ তৈয়াৰ কৰিব বুলিও তেওঁ আশাবাদী । সৰ্বানন্দ সোণোৱালে উল্লেখ কৰা মতে ২০১৬ চনত ইৰাণ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা দৃষ্টিভংগী অনুসৰি চাবাহাৰ বন্দৰৰ সৰ্বাংগীণ বিকাশৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ভাৰত চৰকাৰ ।

৬ টা ভ্ৰাম্যমাণ বন্দৰ ক্ৰেনৰ মুকলিয়ে শ্বাহিদ বেহেস্তী বন্দৰৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু চাবাহাৰ বন্দৰৰ বিকাশত অধিক ইন্ধন যোগাব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আশাবাদী যে মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বেপাৰ-বাণিজ্যৰ সম্ভাৱনা মুকলি কৰাৰ দিশত চাবাহাৰ বন্দৰৰ কৌশলগত ভূমিকা হ'ব সুদূৰ প্ৰসাৰী । সেয়েহে, আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰক ভাৰত-ইৰাণৰ পাৰস্পৰিক বাণিজ্যৰ পছন্দৰ পথ হিচাপে গঢ়ি তোলাৰ দিশত চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আছে ।

ইণ্ডিয়া প'ৰ্টছ্ গ্ল'বেল প্ৰাইভেট লিমিটেডে শ্বাহিদ বেহেস্তী বন্দৰৰ কাৰ্যকলাপ তদাৰক কৰাৰ পৰাই ই ৪.৮ নিযুত টনতকৈও অধিক কাৰ্গ' পৰিচালনা কৰিছে । এই সামগ্ৰীসমূহ অষ্ট্ৰেলিয়া, বাংলাদেশ, ব্ৰাজিল, জাৰ্মানী, ওমান, ৰোমানিয়া, ৰাছিয়া, থাইলেণ্ড, ইউ.এ.ই., ইউক্ৰেইন আৰু উজবেকিস্তানকে ধৰি বিভিন্ন দেশৰপৰা আমদানি-ৰপ্তানি কৰা হৈছে ।

বৈঠকত চাবাহাৰ চহৰৰ ৰাজ্যপাল তথা প্ৰাদেশিক উপ-ৰাজ্যপাল ছেপাহী, চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ সংগঠনৰ অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া ইব্ৰাহিমীৰ লগতে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, ভাৰতীয় দূতাবাস আৰু ইৰাণৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণ আৰু সংযুক্ত আৰৱলৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ৰাওনা হৈছিল (Iran and UAE tour of Sarbananda Sonowal)। ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰিও তেওঁ আৰৱৰ জেবেল আলী বন্দৰ পৰিদৰ্শন কৰিব । এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, UAEৰ মাজৰ সামুদ্ৰিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা । এই ভ্ৰমণে ইউৰোপ, ৰাছিয়া আৰু চি.আই.এছ. দেশসমূহৰ সৈতে ভাৰতীয় বাণিজ্যক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰৱেশদ্বাৰ হিচাপে চাবাহাৰ বন্দৰৰ গুৰুত্বক আলোকিত কৰি তুলিব ।

লগতে পঢ়ক :আফ্ৰিকাৰ 75 ফুট ওখ পৰ্বতত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে হিমাংশুৱে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.