প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৱেত 'Pod' retiring room

author img

By

Published : Nov 18, 2021, 4:08 PM IST

Indian Railways introduces first 'Pod' retiring rooms in Mumbai central station
প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৱেত 'Pod' retiring room ()

যাত্ৰীক অধিক সুবিধা প্ৰদান কৰিবলৈ মুম্বাই চেন্ট্ৰেল ষ্টেচন(Mumbai Central Railway station)ত উদ্বোধন কৰা হ'ল 'Pod' retiring room । প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰীৰে সু-সজ্জিত এই কোঠাবোৰত জিৰণি লৈ যাত্ৰীয়ে অপেক্ষা কৰিব পাৰিব তেওঁলোকৰ নিৰ্দিষ্ট ৰে'লখন আহি পোৱালৈকে । প্ৰথমে জাপানত এই 'Pod' retiring room উপলব্ধ কৰা হৈছিল ।

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: নিৰ্দিষ্ট ৰে'লখন ষ্টেচন আহি পোৱালৈকে যদি কেইবা ঘণ্টাৰো ব্যৱধান থাকে তেন্তে ষ্টেচনত সময় কটোৱা বহুতৰে বাবে অসুবিধাজনক হৈ পৰে । প্ৰয়োজনীয় সা-সুবিধাসমূহ উপলব্ধ নোহোৱাৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হয় যাত্ৰীয়ে । বুধবাৰে যাত্ৰীৰ সুবিধাৰ্থে প্ৰথমবাৰৰ বাবে 'Pod' retiring room উদ্বোধন কৰিলে ভাৰতীয় ৰে'ল বিভাগে(Indian Railways) । কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাওচাহেব পাটিল দানৱে(Raosaheb Patil Danve) বুধবাৰে মুম্বাই চেন্ট্ৰেল ষ্টেচন(Mumbai Central Railway station)ত এই কোঠাবোৰ উদ্বোধন কৰে ।

টুইটযোগে, 'Pod' কোঠাবোৰৰ ফটো শ্বেয়াৰ কৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । প্ৰথমে জাপানত এই 'Pod' retiring room উপলব্ধ কৰা হৈছিল । এই কোঠাবোৰত প্ৰাথমিক প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী উপলব্ধ হৈ আছে । ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেচন(Indian Railway Catering and Tourism Corporation)ৰ মতে, এই সুবিধা যাত্ৰীসকলৰ বাবে বিশেষকৈ ব্যৱসায়িক ভ্ৰমণত এক গেমচেঞ্জাৰ হিচাপে পৰিগণিত হ'ব । এই কোঠাবোৰ আৰামদায়ক হোৱাকৈ ডিজাইন কৰা হৈছে ।

প্ৰতিটো 'Pod' কোঠাত বিনামূলীয়া ৱাই-ফাই, বেগবোৰ থোৱা স্থান, টয়লেট, শ্বাৱাৰ ৰুম, সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ ৱাছৰুমৰ ব্যৱস্থা আছে । এই কোঠাবোৰৰ ভিতৰত থকা সময়ত যাত্ৰীয়ে টিভি, সৰু লকাৰ, আইনা, এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ ফিল্টাৰ ভেণ্ট, পঢ়িবলৈ ব্যৱহাৰ কৰা লাইট আদি সুবিধা লাভ কৰিব । অন্যান্য লাইট, মোবাইল চাৰ্জিঙৰ ব্যৱস্থা, স্ম'ক ডিটেক্টৰ, ডিএনডি ইণ্ডিকেটৰ আদিৰো ব্যৱস্থা আছে এই বিশেষ কোঠাবোৰত ।

লগতে পঢ়ক:Communist এ শোষণ চলাইছিল ত্ৰিপুৰাৰ কৃষকক : বিপ্লৱ কুমাৰ দেব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.