ETV Bharat / bharat

Agnipath scheme: অগ্নিপথ আঁচনিৰ অধীনত সেনা-নৌসেনাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Jul 2, 2022, 11:44 AM IST

agnipath
Agnipath scheme:অগ্নিপথ আঁচনিত সেনা-নৌসেনাৰ আৰম্ভ নিযুক্তি প্ৰক্ৰিয়া

ভাৰতীয় সেনা আৰু নৌসেনাই অগ্নিপথ আঁচনিৰ অধীনত আৰম্ভ কৰিছে নিযুক্তি প্ৰক্ৰিয়া । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই সদৰি কৰিছে এই তথ্য়(Defense ministry stated about recruitment)। বৃহস্পতিবাৰলৈকে ২.৭২ লাখ আবেদন লাভ কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ ।

নেচনেল ডেস্ক,২ জুলাই: ভাৰতীয় সেনা আৰু নৌসেনাই শুকুৰবাৰে অগ্নিপথ আঁচনিৰ অধীনত তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে( Indian Army and Navy began recruitment processes under Agnipath scheme)। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই এই কথা সদৰি কৰিছে(Defense ministry stated about recruitment)। উল্লেখ্য় যে ভাৰতীয় বায়ু সেনাই যোৱা ২৪ জুনত এই আঁচনিখনৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বৃহস্পতিবাৰৰ পূৰ্বলৈকে ২.৭২ লাখ আবেদন লাভ কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰটোত প্ৰকাশ ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে শুকুৰবাৰে টুইটাৰত উল্লেখ কৰি কয়, "ভাৰতীয় নৌসেনাত অগ্নিবীৰৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে । ভাৰতীয় সেনাত যোগদান কৰক। অগ্নিবীৰ হিচাপে দেশৰ সেৱা কৰাৰ আপোনাৰ সপোন পূৰণ কৰক।" অগ্নিপথ নিযুক্তি আঁচনিৰ বাবে পঞ্জীয়ন ১ জুলাইৰ পৰা মুকলি কৰা বুলিও টুইটটোত উল্লেখ কৰা হৈছে ।

উল্লেখ্য় যে অগ্নিপথ আঁচনিৰ অধীনত চাৰে ১৭ বছৰৰ পৰা ২১ বছৰলৈকে যুৱক-যুৱতীসকলক চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। আনহাতে, তেওঁলোকৰ ২৫ শতাংশক পৰৱৰ্তী সময়ত নিয়মীয়া সেৱাৰ বাবে অন্তৰ্ভুক্ত কৰা হ'ব ।

চৰকাৰে ১৬ জুনত আঁচনিখনৰ অধীনত নিযুক্তিৰ বাবে উচ্চতম বয়সৰ সীমা এই বছৰৰ বাবে ২১ ৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰিছিল( Government had increased upper age limit for recruitment)। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত অগ্নিবীৰ আৰু প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত অগ্ৰাধিকাৰ দিয়াৰ দৰে কেইবাটাও স্পষ্ট পদক্ষেপ ঘোষণা কৰে । সশস্ত্ৰ বাহিনীয়ে স্পষ্ট কৰি দিছে যে নতুন নিযুক্তি আঁচনিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ আৰু অগ্নিসংযোগত লিপ্ত হোৱা সকলক অন্তৰ্ভুক্ত কৰা নহ'ব ।

ইপিনে, বিজেপি শাসিত ৰাজ্যসমূহে এইটোও ঘোষণা কৰিছে যে অগ্নিপথ আঁচনিৰ অধীনত অন্তৰ্ভুক্ত সৈনিকসকলক ৰাজ্যৰ আৰক্ষী বাহিনীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত 'অগ্নিবীৰ'ক অগ্ৰাধিকাৰ দিয়া হ'ব । অৱশ্য়ে যোৱা ১৪ জুনত আঁচনিখন মুকলি হোৱাৰ পিছত ইয়াৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদে প্ৰায় এসপ্তাহ ধৰি কেইবাখনো ৰাজ্যক জোকাৰি গৈছিল । তদুপৰি বিৰোধী দলসমূহে আঁচনিখন প্ৰত্য়াহাৰৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:National Doctors Day 2022: নাজিৰাৰ হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় পালন চিকিৎসক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.