ETV Bharat / bharat

Tawang Marathon : টাৱাং মাৰাথনৰ ঘোষণা ভাৰতীয় সেনা আৰু অৰুণাচল চৰকাৰৰ

author img

By

Published : Jun 20, 2023, 6:00 PM IST

Updated : Jun 20, 2023, 6:32 PM IST

Tawang Marathon
টাৱাং মাৰাথনৰ ঘোষণা ভাৰতীয় সেনা আৰু অৰুণাচল চৰকাৰৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে টাৱাং মাৰাথনৰ শুভাৰম্ভ কৰে । ইতিমধ্যে এই প্ৰতিযোগিতাৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিজে পঞ্জীয়ন কৰে ।

তেজপুৰ,২০ জুন : অহা ১ অক্টোবৰত অনুষ্ঠিত হ'ব টাৱাং মাৰাথন প্ৰতিযোগিতা । পশ্চিম অৰুণাচলৰ এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । হিমালয় পাদদেশত অৱস্থিত অৰুণাচলৰ মনোমোহা চহৰ টাৱাঙে বিভিন্ন পৰ্যটকক আকৰ্ষিত কৰি আহিছে । ৰাজ্যখনে তাৰ অংশস্বৰূপে এই মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।

টাৱাং মাৰাথন ৪টা শ্ৰেণী অনুষ্ঠিত হ'ব । খেলুৱৈসকলে মাৰাথন (৪২.১৯৫ কিঃমিঃ), হাফ মাৰাথন (২১.০৯৭৫ কিঃমিঃ), ১০ কিঃমিঃ দৌৰ আৰু ৫ কিঃমিঃ দৌৰৰ পৰা বাছনি কৰিব পাৰিব । শ্ৰেণী যিয়েই নহঁওক টাৱাঙৰ মনোমোহা পৰিৱেশত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

মঙলবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই টাৱাং মাৰাথনৰ শুভাৰম্ভ কৰে । শুভাৰম্ভ অনুষ্ঠানত ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰা জিঅ'চি, বল অফ ফায়াৰ ডিভিজনৰ বিষয়াসকলো উপস্থিত থাকে । ইফালে এই বিশাল অনুষ্ঠানটোৰ প্ৰতি সমৰ্থন আৰু উৎসাহ প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে নিজেই প্ৰথম অংশগ্ৰহণকাৰী হিচাপে পঞ্জীয়ন কৰে আৰু অঞ্চলটোৰ লোকসকলৰ বাবে মাৰাথনৰ তাৎপৰ্য বৰ্ণনা কৰে ।

টাৱাং মাৰাথন হৈছে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ভাৰতীয় সেনাৰ পূব কমাণ্ডৰ মাজৰ এক সহযোগিতামূলক প্ৰচেষ্টাৰ অংশ । যি একতাৰ মনোভাৱ প্ৰদৰ্শন কৰে আৰু ক্ৰীড়া আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচাৰৰ বাবে অংশীদাৰী প্ৰতিশ্ৰুতিক দেখুৱায় । এই অনন্য অংশীদাৰিত্বই অংশগ্ৰহণকাৰীসকলক এক অতুলনীয় মাৰাথন অভিজ্ঞতা প্ৰদান কৰাৰ সুযোগ দিব । ভাৰতীয় সেনা আৰু অৰুণাচল ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে এই অনন্য পদক্ষেপে টাৱাঙক কেৱল আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত স্থান দিয়াই নহয় অঞ্চলটোলৈ পৰ্যটকৰ সংখ্যাও বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

টাৱাং মাৰাথনৰ লক্ষ্য হৈছে ফিটনেছ, স্বাস্থ্যকৰ জীৱন যাপন আৰু খেলুৱৈৰ মনোভাৱ বৃদ্ধি কৰা । এয়া হৈছে ব্যক্তিসকলৰ বাবে নিজকে প্ৰত্যাহ্বান জনোৱা, নতুন ব্যক্তিগত অভিলেখ স্থাপন কৰা আৰু আনক তেওঁলোকৰ কৃতিত্বৰ সৈতে অনুপ্ৰাণিত কৰাৰ এক সুযোগ । টাৱাং মাৰাথনৰ প্ৰস্তুতিৰ বাবে পেছাদাৰী ক্ৰীড়া অনুষ্ঠান ব্যৱস্থাপনা কোম্পানী চাইৰান্সক অৰ্পণ কৰা হৈছে । অংশগ্ৰহণকাৰীসকলে অৰুণাচল প্ৰদেশৰ সমৃদ্ধ ঐতিহ্য আৰু পৰম্পৰাত জীৱনশৈলীও উপভোগ কৰিব পাৰিব ।

টাৱাং মাৰাথনৰ বাবে পঞ্জীয়ন এতিয়া মুকলি কৰা হৈছে আৰু আগ্ৰহী অংশগ্ৰহণকাৰীসকলে অফিচিয়েল ইভেণ্ট ৱেবছাইট https://tawangmarathon.com/ত চাব পাৰে । সামাজিক মাধ্যমৰ তলৰ লিংকবোৰো ফ'ল' কৰিব পাৰে :
Facebook: https://www.facebook.com/TawangMarathonIndia
Instagram: https://www.instagram.com/tawangmarathon/
Website: https://tawangmarathon.com/

লগতে পঢ়ক :Pakistan to tour India for WC : বিশ্বকাপৰ বাবে পাকিস্তানে ভাৰত ভ্ৰমণ কৰিব নালাগে-জাভেদ মিঁয়াদাদ

Last Updated :Jun 20, 2023, 6:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.