ETV Bharat / bharat

Pakistan to tour India for WC : বিশ্বকাপৰ বাবে পাকিস্তানে ভাৰত ভ্ৰমণ কৰিব নালাগে-জাভেদ মিঁয়াদাদ

author img

By

Published : Jun 19, 2023, 6:24 PM IST

ক্ৰিকেটজগতত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত দীৰ্ঘদিনীয়া । যোৱা কেইবাবছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ কৰা নাই । এছিয়া কাপকলৈও চলি থকা বিতৰ্ক কিছু শান্ত হৈছিল । এইবাৰ প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰে দাবী কৰিছে যে ভাৰতীয় দলে প্ৰথমে পাকিস্তান ভ্ৰমণ কৰিব লাগিব । তাৰ পাছতহে পাকিস্তানেও ভাৰত ভ্ৰমণ কৰিব ।

Pakistan to tour India for WC
বিশ্বকাপৰ বাবে পাকিস্তানে ভাৰত ভ্ৰমণ কৰিব নালাগে

স্পৰ্টছ ডেস্ক,১৯ জুন : শেহতীয়াকৈ আইচিচিয়ে প্ৰস্তুত কৰা খচৰা অনুসূচী অনুসৰি পাকিস্তানে ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ ব্লকবাষ্টাৰ খেলখন ভাৰতৰ বিৰুদ্ধে খেলিব । কিন্তু এই খচৰা অনুসূচী প্ৰকাশৰ পাছতে বহু পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰে পুনৰ এবাৰ বিতৰ্ক আৰম্ভ কৰিছে । পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিঁয়াদাদে এই সন্দৰ্ভত কয় যে বিচিচিআইয়ে প্ৰথমে নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ সন্মত নোহোৱালৈকে পাকিস্তানে এই বছৰৰ আইচিচি এদিনীয়া বিশ্বকাপকে ধৰি যিকোনো খেলৰ বাবে চুবুৰীয়া দেশ অৰ্থাৎ ভাৰতলৈ ভ্ৰমণ কৰিব নালাগে ।

৬৬ বছৰীয়া প্ৰাক্তন অধিনায়ক মিঁয়াদাদৰ মতে ভাৰতে এতিয়া পাকিস্তান ভ্ৰমণ কৰি প্ৰতিদান দিয়াৰ সময় । পাকিস্তানে ২০১২ চনত ভাৰতলৈ আহিছে আৰু ২০১৬ চনতো পাকিস্তানৰ দলটো ভাৰত ভ্ৰমণ কৰিছে । তেওঁৰ মতে এইবাৰ ভাৰতীয়সকলে পাকিস্তান ভ্ৰমণ কৰিব লাগে । যদি তেওঁ সিদ্ধান্ত ল'ব লগা হয় তেন্তে তেওঁ কেতিয়াও কোনো মেচ খেলিবলৈ ভাৰতলৈ নাযায়, আনকি বিশ্বকাপ খেলিবলৈও নাযায় বুলি দাবী কৰে মিঁয়াদাদে । মিঁয়াদাদৰ অভিযোগ পাকিস্তানে সদায় ভাৰতত খেলিবলৈ সাজু কিন্তু ভাৰতে কেতিয়াও একে ধৰণে সঁহাৰি নিদিয়ে ।

তেওঁ দাবী কৰা মতে পাকিস্তান ক্ৰিকেট বৃহৎ, পাকিস্তানে এতিয়াও উন্নত মানদণ্ডৰ খেলুৱৈ প্ৰস্তুত কৰি আছে । গতিকে পাকিস্তানে ভাৰতলৈ নাহিলেও কোনো ক্ষতি নহয় বুলি তেওঁ দাবী কৰে । উল্লেখ্য যে ভাৰতে অন্তিমবাৰৰ বাবে ২০০৮ চনত ৫০ অভাৰৰ এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল । তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে দ্বিপাক্ষিক ক্ৰিকেট স্থগিত ৰখা হৈছে ।

মিঁয়াদাদৰ মতে ক্ৰীড়াক ৰাজনীতিৰ সৈতে একত্ৰিত কৰা উচিত নহয় । তেওঁৰ মতে চুবুৰীয়াসকলে ইজনে সিজনৰ সৈতে সহযোগিতা কৰি থকাটো ভাল । প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দাবী কৰা মতে ক্ৰিকেট হৈছে এনে এক খেল যি মানুহক ইজনে সিজনৰ ওচৰলৈ অনাত সহায় কৰে আৰু দেশসমূহৰ মাজত ভুল বুজাবুজি আৰু অভিযোগসমূহ আঁতৰ কৰিব পাৰে ।

উল্লেখ্য যে পাকিস্তানে আগন্তুক এছিয়া কাপ হাইব্ৰীড মডেলত অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে । যি হিচাপত ভাৰতে প্ৰতিখন খেল শ্ৰীলংকাত খেলিব । ইয়াৰ পাছতে মিঁয়াদাদে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু পাকিস্তানে ভাৰত ভ্ৰমণ কৰিব নালাগে বুলি দাবী কৰিছে ।

লগতে পঢ়ক :Intercontinental Cup 2023 : ৪৬ বছৰৰ পাছত লেবাননৰ বিৰুদ্ধে ভাৰতৰ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.