ETV Bharat / bharat

India Summons Canada HC : বিচ্ছিন্নতাবাদী কাৰ্যকলাপ সন্দৰ্ভত কানাডাৰ উচ্চায়ুক্তক চমন ভাৰতৰ

author img

By

Published : Mar 26, 2023, 1:59 PM IST

শেহতীয়াভাৱে কানাডাত কূটনৈতিক মিছন আৰু কনছুলেটৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থী উপাদানসমূহৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । সেয়ে এই বিষয়ে ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে । যাৰ বাবে ভাৰতে কানাডাৰ উচ্চায়ুক্তক তলব কৰিছে (India summons Canada high commissioner) ।

Canada high commissioner
Canada high commissioner

নিউজ ডেস্ক, ২৬ মাৰ্চ : কানাডাৰ উচ্চায়ুক্তক চমন জাৰি কৰিছে ভাৰতে (India summoned Canadian high commissioner) । শেহতীয়াকৈ কানাডাত ভাৰতৰ কূটনৈতিক মিছন আৰু কনছুলেটৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থী উপাদানসমূহৰ কাৰ্যকলাপ বৃদ্ধি পাইছে (India concern about separatist in Canada) । যাৰ বাবে এই বিষয় ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে । ভাৰত চৰকাৰে শনিবাৰে আৰক্ষীৰ উপস্থিতিত এনে উপাদানসমূহক কূটনৈতিক মিছন আৰু কনছুলেটৰ নিৰাপত্তা ভংগ কৰিবলৈ কেনেদৰে অনুমতি দিয়া হৈছিল তাৰ ব্যাখ্যা বিচাৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে (India summons high commissioner of Canada) ।

কানাডাক ভিয়েনা সন্মিলনৰ (Vienna Convention) অধীনত দেশখনৰ দায়বদ্ধতাৰ কথা মনত পেলাই দিয়া হৈছে । লগতে ইতিমধ্যে এনে কাৰ্যত জড়িত বুলি চিনাক্ত কৰা ব্যক্তিসকলক গ্ৰেপ্তাৰ আৰু তেওঁলোকৰ বিৰুদ্ধে মোকৰ্দমা কৰিবলৈ কোৱা বুলি বিবৃতিটোত কোৱা হৈছে । লগতে মন্ত্ৰালয়ে আশা কৰে যে, কানাডিয়ান চৰকাৰে ভাৰতৰ কূটনীতিবিদসকলৰ সুৰক্ষা আৰু ভাৰতৰ কূটনৈতিক চৌহদৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব, যাতে তেওঁলোকে নিজৰ স্বাভাৱিক কূটনৈতিক কাৰ্যকলাপ পূৰণ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, যোৱা দেওবাৰে কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত ভাৰতীয় দূতে অংশগ্ৰহণ কৰিবলগা এটা অনুষ্ঠানত খালিস্তানী সমৰ্থকে হিংসাত্মক প্ৰতিবাদ জনাইছিল (Indian envoy to Canada in British Columbia province) । ইয়াৰ পিছতে নিৰাপত্তাজনিত কাৰণত অনুষ্ঠান বাতিল কৰিবলগা হৈছিল । ভাৰতৰ উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মাৰ পশ্চিম উপকূললৈ কৰিবলগা প্ৰথম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত তেওঁক আদৰণি জনোৱাৰ বাবে তাজ পাৰ্ক কনভেনচন চেণ্টাৰ চাৰেত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।

কানাডিয়ান গ্লোবেল টেলিভিছন নেটৱৰ্কৰ (Canadian Global Television Network) বাতৰি আৰু সাম্প্ৰতিক পৰিক্ৰমা বিভাগ গ্লোবেল নিউজে প্ৰকাশ কৰা অনুসৰি, নিৰাপত্তাজনিত কাৰণত অনুষ্ঠানটো অৱশেষত বাতিল কৰা হৈছিল । আনহাতে, উক্ত প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰিবলৈ অনুষ্ঠানস্থলীত উপস্থিত থকা ভাৰতীয় বংশোদ্ভৱ সাংবাদিক সমীৰ কৌশলকো প্ৰতিবাদকাৰীসকলে আক্ৰমণ কৰিছিল ।

কানাডাত শেহতীয়াকৈ খালিস্তানী সমৰ্থকসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপ বৃদ্ধি পাইছে । কিছুমান ঠাইত প্ৰতিবাদে অতি হিংসাত্মক ৰূপ ধাৰণ কৰে । হিন্দু মন্দিৰ ভাঙি চূড়মাৰ কৰা হয় । এই পৰিপ্ৰেক্ষিতত যোৱা ছেপ্টেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি ভাৰতীয়সকলৰ বিৰুদ্ধে ঘৃণামূলক অপৰাধ বৃদ্ধি আৰু কানাডাত ভাৰতবিৰোধী কাৰ্যকলাপক গৰিহণা দিয়ে (crimes against Indians in Canada) ।

লগতে পঢ়ক :Khalistan Supporters Threatening: বিমানযাত্ৰীক ভাবুকিপূৰ্ণ ফোন খালিস্তানী সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.