ETV Bharat / bharat

সনাতন ধৰ্মক সুৰক্ষা দিবলৈ সকলোকে আহ্বান মোহন ভাগৱতৰ

author img

By

Published : Aug 27, 2022, 10:51 PM IST

Tripura Agartala RSS Chief Sanatan Dharma
ত্ৰিপুৰাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত

ত্ৰিপুৰাৰ অমৰপুৰ উপ-বিভাগত নৱনিৰ্মিত শান্তি কালী মন্দিৰ উদ্বোধন আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ(RSS Chief in Tripura) ৷ ভাৰতৰ 'সনাতন ধৰ্ম' সন্দৰ্ভত সমগ্ৰ বিশ্বৰ সন্মুখত উদাহৰণ স্থাপন কৰিবলৈ আহ্বান আৰ এছ এছৰ প্ৰধানগৰাকীৰ ৷

আগৰতলা, 27 আগষ্ট: ভাৰতত সনাতন ধৰ্মক সুৰক্ষা দিবলৈ সকলোকে আহ্বান জনাইছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ৷ শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হোৱা আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে, ভাৰতৰ 'সনাতন ধৰ্ম' সন্দৰ্ভত সমগ্ৰ বিশ্বৰ সন্মুখত এক উদাহৰণ স্থাপন কৰিবলৈ সকলোৱে আগবাঢ়ি আহিব লাগে(RSS Chief Mohan Bhagwat) ।

উল্লেখ্য যে, ত্ৰিপুৰাৰ অমৰপুৰ উপ-বিভাগত নৱনিৰ্মিত শান্তি কালী মন্দিৰ উদ্বোধনৰ পিছত শনিবাৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে সকলোকে এই আহ্বান জনায় । মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত মোহন ভাগৱতৰ লগত উপস্থিত থাকে মন্দিৰৰ মুখ্য মহাৰাজ চিত্তৰঞ্জন মহাৰাজ ৷ আৰ এছ এছৰ প্ৰধানগৰাকীয়ে মন্দিৰৰ উদ্বোধন উপলক্ষে আয়োজিত যজ্ঞতো অংশগ্ৰহণ কৰে ৷

আৰ এছ এছৰ প্ৰধানগৰাকীয়ে মন্দিৰৰ মুখ্য চিত্তৰঞ্জন মহাৰাজৰ কোবৰোক ভজনৰ এটা সংকলনো মুকলি কৰিছিল । তেওঁ সমগ্ৰ বিশ্বলৈ সনাতন জীৱনশৈলীৰ প্ৰচাৰৰ বাবে ভাৰতক এখন ৰাষ্ট্ৰ হিচাপে বিকাশিত কৰিবলৈ সকলোকে আহ্বান জনায়(Sanatan Dharma of India) । তেওঁ কয় যে, আমি একতা আৰু প্ৰেমত বিশ্বাস কৰো । যদিও সংস্কৃতি, ভাষা আৰু পোছাকৰ পাৰ্থক্য আছে, আমি মানুহৰ মাজত পাৰ্থক্য নকৰো ।

তেওঁ লগতে কয় যে, আমেৰিকা, চীন আৰু ৰাছিয়াৰ দৰে দেশৰ বিপৰীতে, ভাৰতে ইয়াৰ পেশীশক্তি আনৰ ওপৰত ব্যৱহাৰ নকৰে । এই দেশখনে অসহায় আৰু দৰিদ্ৰলোকৰ কাষত থিয় দিয়াৰ এক উদাহৰণ স্থাপন কৰিছে ৷ সনাতন জীৱনশৈলীত ধৰ্মান্তৰকৰণৰ কোনো স্থান নাই আৰু সকলোৱে সনাতন ধৰ্মক সুৰক্ষা দিব লাগিব ৷ অনুষ্ঠানত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা, কৃষিমন্ত্ৰী প্ৰাণজিৎ সিংগা ৰয় আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : ত্ৰিপুৰাত উপস্থিত বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.