ETV Bharat / bharat

দেশত তুলনামূলকভাৱে হ্ৰাস দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 10, 2021, 5:02 PM IST

বিগত কেইবাদিনো ধৰি ভাৰতত ধাৰাবাহিকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকাৰ পিছত দেওবাৰে মহামাৰীৰ সংক্ৰমণ হ্ৰাস হোৱা পৰিলক্ষিত হয় । যোৱা ২৪ ঘণ্টাত ৩,৬৬,১৬১ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । আনহাতে, শনিবাৰৰ দিনটোত ক'ভিড-১৯ আক্ৰান্ত হৈছিল ৪,০৩,৭৩৮ জন লোক ।

Covid cases in India
যোৱা ২৪ ঘণ্টাত ভাৰতত ক'ভিডত ৩,৬৬,১৬১ জন লোক আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১০ মে': ভাৰতত টীকাকৰণ অভিযান অব্যাহত থকাৰ মাজতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । অক্সিজেনৰ অভাৱ, চিকিৎসালয়ত বিচনাৰ অভাৱে ক'ভিড ৰোগীক ভয়াৱহ বিপদৰ মাজলৈ ঠেলি দিছে । এনে পৰিস্থিতিৰ মাজতে দেওবাৰে মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত কিছু ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

দেওবাৰে দেশত ৩,৬৬,১৬১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । বিগত কেইবাদিনো ধৰি ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ এই সংখ্যা তুলনামূলকভাৱে কম । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৫৩,৮১৮ জন লোক সুস্থ হৈ উঠিছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৩,৭৫৪ জন ৰোগীয়ে ।

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত ২,২৬,৬২,৫৭৫ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭,৪৫,২৩৭ জন । আনহাতে, এতিয়ালৈকে ১,৮৬,৭১,২২ জন আৰোগ্য হৈ উঠিছে । ইফালে, মহামাৰীৰ কবলত পৰি ভাৰতত বৰ্তমানলৈকে ২,৪৬,১১৬ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:বিদেশৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.