ETV Bharat / bharat

যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৯৯৮ জনৰ ক’ভিডত মৃত্যু

author img

By

Published : Jul 21, 2021, 1:58 PM IST

ভাৰতত বিগত ২৪ ঘণ্টাত ক'ভিড-১৯ মহামাৰীৰ কবলত পৰিছে ৪২,০১৫ জন লোক । আনহাতে আৰোগ্য হৈ উঠিছে ৩৬,৯৭৭ জন ৰোগী । যোৱা ২৪ ঘণ্টাত ৩,৯৯৮ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে ।

India logs 42,015 new COVID cases in 24 hours
যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৪২,০১৫ জন লোক আক্ৰান্ত হৈছে ক'ভিডত

নেশ্যনেল ডেস্ক, ২১ জুলাই : ভাৰতত অব্যাহত আছে কৰ'ণা(CORONA)ৰ সংহাৰ । নিতৌ হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে মহামাৰীয়ে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱা ৮ বজাত জনোৱা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত নতুনকৈ ৪২,০১৫ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । মহামাৰীৰ কবলত পৰি এদিনৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে ৩,৯৯৮ জন লোকে । আনহাতে যোৱা ২৪ ঘণ্টাত ৩৬,৯৭৭ জন ৰোগী আৰোগ্য হৈ উঠিছে ।

এই পৰ্যন্ত দেশত ৩,১২,১৬,৩৩৭ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । মুঠ ৪,১৮,৪৮০ জনৰ মৃত্যু হৈছে । দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৭,১৭০ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে মুঠ ৩,০৩,৯০,৬৮৭ জন লোক আৰোগ্য হৈ উঠিছে । টীকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে মুঠ ৪১,৫৪,৭২,৪৫৫ জন লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে( Indian Council of Medical Research) প্ৰকাশ কৰা তথ্য মতে, ২০ জুলাই পৰ্যন্ত ৪৪,৯১,৯৩,২৭৩টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে ১৮,৫২,১৪০টা নমুনা মঙলবাৰে পৰীক্ষা কৰা হৈছিল ।

উল্লেখ্য যে, কৰ'ণাৰ দ্বিতীয় ঢৌৰ ফলত দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল । চিকিৎসালয়ত বিচনা আৰু অক্সিজেনৰ অভাৱ হোৱা বাবে হাৰাশাস্তি ভুগিবলগীয়া হৈছিল ৰোগীয়ে । কেৱল এয়াই নহয়, মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে শ্মাশানতো ঠাইৰ অভাৱ হৈছিল । এতিয়া পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও ক'ভিড মহামাৰীৰ ভয়াৱহতা শেষ হোৱা নাই ।

লগতে পঢ়ক:১৪ বছৰীয়া নম্যাই প্ৰশিক্ষণ দিয়ে শিক্ষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.