ETV Bharat / bharat

Khalistan protest in London: ভাৰতীয় উচ্চাযুক্তালয়ৰ চৌহদত খালিস্তান সমৰ্থনকাৰীৰ আক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ

author img

By

Published : Mar 20, 2023, 11:58 AM IST

Khalistan protest in London
খালিস্তানী শ্লোগানকাৰীৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ

খালিস্তানী সমৰ্থকসকলে লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তালয় তছনছ কৰা আৰু ৰাষ্ট্ৰীয় পতাকা নমাই অনাৰ পিচত বিদেশ মন্ত্ৰণালয়ে ইউনাইটেড কিংডমৰ ওচৰত তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে (khalistan protest in london) । প্ৰতিবাদকাৰীসকলে খালিস্তানী পতাকা উৰুৱাই পঞ্জাৱৰ খালিস্তান পন্থী নেতা অমৃতপাল সিঙৰ মুক্তিৰ দাবীত শ্ল'গান দিছিল ।

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : দেওবাৰে সন্ধিয়া ভাৰতে নতুন দিল্লীত থকা ব্ৰিটেইনৰ সবাতোকৈ জ্যেষ্ঠ কূটনীতিবিদগৰাকীক লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তালয়ত আক্ৰমণ কৰা বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থী শক্তিৰ বিৰুদ্ধে ব্ৰিটেইন চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (Khalistan protest in London) । এই শক্তি সমূহক উচ্চায়ুক্তালয়ৰ চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া ব্ৰিটিছ নিৰাপত্তাৰ সম্পূৰ্ণ অনুপস্থিতিৰ ব্যাখ্যাৰ দাবী জনায় ভাৰতে ।

দেওবাৰে লণ্ডনত ভাৰতীয় উচ্চায়ুক্তালয়ৰ সন্মুখত খালিস্তানী সমৰ্থকে ত্ৰিৰংগ পতাকা আঁজুৰি তললৈ নমাই অনা ভিডিঅ’ প্ৰকাশ হৈছিল । তেওঁলোকে খালিস্তান পন্থী শ্ল'গান দিছিল আৰু পঞ্জাৱৰ খলিস্তানী সমৰ্থক তথা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ মুক্তি দাবী কৰিছিল । প্ৰতিবাদকাৰীসকলে খালিস্তানী পতাকাও উৰুৱাই থকা দেখা গৈছিল । ইয়াৰ পিচতে ভাৰতে নিজৰ কূটনৈতিক অভিযানৰ সুৰক্ষাক লৈ ব্ৰিটিছ চৰকাৰৰ ওচৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (India lodges strong protest with UK) । চৌহদত নিৰাপত্তাৰ অভাৱক লৈও প্ৰশ্ন উত্থাপন হয় ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনোৱা মতে, লণ্ডনত ভাৰতীয় উচ্চ আয়োগৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থী বাহিনীয়ে কৰা কাৰ্যক লৈ ভাৰতৰ তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিবলৈ নতুন দিল্লীত থকা ব্ৰিটেইনৰ জ্যেষ্ঠ কূটনীতিবিদজনক সাক্ষাৎ কৰিছিল । মন্ত্ৰণালয়ে (MEA) এক বিবৃতিত কয় যে, বিচ্ছিন্নতাবাদী শক্তিয়ে ভাৰতীয় উচ্চায়ুক্তালয়ৰ চৌহদত প্ৰৱেশ কৰাৰ সময়ত ব্ৰিটিছ নিৰাপত্তাৰ সম্পূৰ্ণ অনুপস্থিতিৰ ব্যাখ্যা দাবী কৰা হৈছিল । বিবৃতিটোত কোৱা হৈছে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভিয়েনা সন্ধিৰ বিধান অনুসৰি ব্ৰিটেইন চৰকাৰক নিজৰ মৌলিক দায়িত্বৰ বিষয়েও সোঁৱৰাই দিছে (MEA reacts to vandalising Indian mission) ।

বিদেশ মন্ত্ৰণালয়ে লগতে উল্লেখ কৰে যে, ব্ৰিটেইন চৰকাৰে নিজৰ দেশৰ ভাৰতীয় কূটনৈতিক চৌহদ আৰু কৰ্মীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি উদাসীন হৈ থকাটো ভাৰতে গ্ৰহণযোগ্য নহয় বুলি বিবেচনা কৰে (India protest against khalistani protest Britain) । বিদেশ মন্ত্ৰণালয়ে আশা কৰিছিল যে, ব্ৰিটেইন চৰকাৰে এই অগ্ৰহণযোগ্য কাণ্ডৰ সৈতে জড়িত সেই প্ৰতিজন উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ, গ্ৰেপ্তাৰ কৰিবলৈ আৰু জেৰা কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব । লগতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন আছিল বুলি বিদেশ মন্ত্ৰণালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : Amritpal Singh updates: পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে অমৃতপাল সিঙক; ইমান সিং খাৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.