ETV Bharat / bharat

India-Israel Sign MoU : ভাৰত ইজৰাইলৰ অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ

author img

By

Published : May 9, 2023, 10:13 PM IST

India-Israel Sign MoU
India-Israel Sign MoU

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে ইজৰাইলী বিদেশ মন্ত্ৰী এলি কোহেনৰ সৈতে উৎপাদনশীল আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত বিস্তৃত আলোচনা কৰে আৰু ইউক্ৰেইন আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত দৃষ্টিভংগী বিনিময় কৰে (India-Israel sign MoU to boost partnership) ।

নিউজ ডেস্ক, ৯ মে' : ভাৰত আৰু ইজৰাইলৰ বৈদেশিক মন্ত্ৰীদ্বয়ে মঙলবাৰে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে পানী, কৃষি আৰু গতিশীলতাৰ ক্ষেত্ৰত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (India-Israel sign MoU to boost partnership) ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে (External Affairs Minister S Jaishankar) ইজৰাইলী বৈদেশিক মন্ত্ৰী এলি কোহেনৰ সৈতে গঠনমূলক আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত বিস্তৃত আলোচনাত মিলিত হয় । লগতে ইউক্ৰেইন আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰতো দেশ দুখনৰ দৃষ্টিভংগী বিনিময় কৰে । আনহাতে, দুয়োগৰাকী নেতাই I2U2-ৰ অগ্ৰগতি আৰু বহুপাক্ষিক মঞ্চত সহযোগিতাৰ কথাও উল্লেখ কৰে (Israeli External Affairs Minister India visit) ।

ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰে জয়শংকৰৰ বৈঠক
ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰে জয়শংকৰৰ বৈঠক

টুইটাৰযোগে বিদেশ মন্ত্ৰী জয়শংকৰে কয়, "আজি আবেলি ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনৰ সৈতে গঠনমূলক আৰু বিস্তৃত আলোচনা হয় । আমাৰ কৌশলগত অংশীদাৰিত্বৰ মুখ্য স্তম্ভ- কৃষি, পানী, প্ৰতিৰক্ষা আৰু নিৰাপত্তা- আমাৰ সম্পৰ্কক আগুৱাই নিছে । আজি পানী আৰু কৃষিৰ ক্ষেত্ৰত নতুন চুক্তিয়ে অধিক কাম কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে । উচ্চ-প্ৰযুক্তি, ডিজিটেল আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰাৰ লগতে সংযোগ, গতিশীলতা পৰ্যটন, বিত্ত আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আলোচনা কৰা হয় (S Jaishankar meet with Eli Cohen) ।"

"I2U2-ৰ অগ্ৰগতি আৰু বহুপাক্ষিক মঞ্চত সহযোগিতাৰ কথাও উল্লেখ হয় । আমাৰ নিজ নিজ অঞ্চল, ইউক্ৰেইন আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত দৃষ্টিভংগীৰ আদান-প্ৰদান কৰা হৈছে । গতিশীলতাৰ ক্ষেত্ৰত এক চুক্তি আৰম্ভ হৈছে ।" তেওঁ লগতে কয় ।

উল্লেখ্য, ইজৰাইলৰ বৈদেশিক মন্ত্ৰীগৰাকী মঙলবাৰে পুৱা নতুন দিল্লীত উপস্থিত হয় । আনহাতে, তেওঁৰ আগমনৰ পিচতে গাজা ষ্ট্ৰিপত হোৱা ইজৰাইলী বিমান আক্ৰমণৰ বাবে তেওঁৰ ভাৰত ভ্ৰমণসূচী হ্ৰাস কৰাৰ কথা ঘোষণা কৰে । দিনটোৰ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওঁ ইজৰাইললৈ উভতি যায় । মন কৰিবলগীয়া যে, তেওঁৰ ভ্ৰমণে এক গুৰুত্ব লাভ কৰিছে । কিয়নো দুয়োখন দেশে ৩০ বছৰৰ কূটনৈতিক সম্পৰ্ক উদযাপন কৰিছে ।

ভাৰত-ইজৰাইলৰ মাজত বুজাবুজিৰ চুক্তি
ভাৰত-ইজৰাইলৰ মাজত বুজাবুজিৰ চুক্তি

চলিত বছৰৰ আৰম্ভণিতে ইজৰাইলৰ বিত্ত মন্ত্ৰী নিৰ বৰকত আৰু নেছেটৰ অধ্যক্ষ আমিৰ ওহানাই ভাৰত ভ্ৰমণ কৰাৰ পিচত তেওঁ ভাৰত ভ্ৰমণলৈ আহে । এই ভ্ৰমণৰ প্ৰাথমিক উদ্দেশ্য হৈছে বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰা । নেতানিয়াহু চৰকাৰৰ অধীনত ইজৰাইলী প্ৰতিনিধি দলৰ ভাৰতলৈ এনেধৰণৰ এইটো দ্বিতীয় ভ্ৰমণ । বিগত বছৰবোৰত ভাৰত আৰু ইজৰাইলে বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ বাণিজ্য আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা বৃদ্ধি কৰিছে ।

লগতে পঢ়ক :Imran Khan Arrested : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.