ETV Bharat / bharat

ক'ভিড-১৯:ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : Oct 10, 2021, 11:32 AM IST

যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ কৰ'ণাত আক্ৰান্ত ১৮,১৬৬ গৰাকী লোক । বৰ্তমান দেশত সক্ৰিয়া ঘটনাৰ সংখ্যা ২,৩০,৯৭১ । ইফালে ভাৰতত আৰোগ্য হাৰ ৯৭.৯৯ শতাংশ ।

state wise report
ক'ভিড ১৯

নেশ্যনেল ডেস্ক, ১০ অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ভাৰতত শনিবাৰৰ দিনটোত ১৮,১৬৬ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । লগে লগে দেশৰ মুঠ আক্ৰান্তৰ সংখ্যা ৩,৩৯,৫৩,৪৭৫ লৈ বৃদ্ধি পালে । ইফালে বৰ্তমান দেশত সক্ৰিয়া ঘটনাৰ সংখ্যা ২,৩০,৯৭১ ।

দেওবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি দেশত নতুনকৈ ২১৪ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে । ইয়াৰ লগে লগে দেশত এতিয়ালৈ কৰ'ণা মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫০,৫৮৯ লৈ বৃদ্ধি পালে । সমান্তৰালকৈ দেশত ক'ভিড টীকাকৰণ অভিযান অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত দেশত ৬৬,৮৫,৪১৫ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

ভাৰতত এতিয়ালৈ প্ৰায় ৯৪.৭০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ হৈছে । যোৱা এটা দিনত ২৩,৬২৪ গৰাকী কৰ'ণা ৰোগী আৰোগ্য হৈছে । এতিয়ালৈ দেশত কৰ'ণাক পৰাজিত কৰি আৰোগ্য হোৱা ৰোগীৰ মুঠ সংখ্যা হৈছে ৩,৩২,৭১,৯১৫ টা ।

স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য মতে, দেশত আৰোগ্যৰ হাৰ ৯৭.৯৯ শতাংশ আৰু এই হাৰ ২০২০ চনৰ মাৰ্চ মাহৰ পাছত সৰ্বাধিক । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) মতে, ৯ অক্টোবৰলৈকে মুঠ ৫৮.২৫ কোটি নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত কেৱল শনিবাৰৰ দিনটোত ১২,৮৩,২১২ টা নমুনা পৰীক্ষা কৰা হৈছিল।

লগতে পঢ়ক: Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.