ETV Bharat / bharat

ক'ভিড-১৯: দেশত প্ৰায় ৯৪ কোটি প্ৰতিষেধক প্ৰদান সম্পন্ন

author img

By

Published : Oct 9, 2021, 12:39 PM IST

দেশত ক'ভিড সংক্ৰমণ অব্যাহত থকাৰ মাজতে টীকাকৰণ অভিযানো ক্ষীপ্ৰতৰ কৰি তোলা হৈছে । এতিয়ালৈ দেশত প্ৰায় ৯৪ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । যোৱা ২৪ ঘণ্টাত দেশত ১৯,৭৪০ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৷

India COVID
দেশত প্ৰায় ৯৪ কোটি প্ৰতিষেধক প্ৰদান সম্পন্ন

নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ : দেশত যদিও কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে কিন্তু কেন্দ্ৰীয় চৰকাৰে দেশজুৰি টীকাকৰণ (vaccination) অভিযান অব্যাহত ৰাখিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry) প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৭৯,১২,২০২ ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । লগে লগে টীকাকৰণ অভিযানে প্ৰায় ৯৪ কোটিৰ (৯৩,৯৯,১৫,৩২৩) ঘৰত প্ৰৱেশ কৰিলে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৯,৭৪০ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৩৯,৩৫,৩০৯ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে, শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ২৪৮ গৰাকী লোকৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দেশত কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫০,৩৭৫ লৈ বৃদ্ধি পাইছে । বৰ্তমান দেশত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২,৩৬,৬৪৩ টা । যোৱা ২০৬ দিনৰ ভিতৰত এই সংখ্যা আটাইতকৈ কম আৰু ই মুঠ আক্ৰান্তৰ সংখ্যাৰ ০.৭০ শতাংশ ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ২৩,০৭০ গৰাকী ৰোগী আৰোগ্য হৈছে আৰু ইয়াৰ ফলত মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ৩,৩২,৪৮,২৯১ লৈ বৃদ্ধি পাইছে । দেশত সাপ্তাহিক আক্ৰান্তৰ হাৰ ১.৬২ শতাংশ । আনহাতে দৈনিক আক্ৰান্তৰ হাৰ ১.৫৬ শতাংশ ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে ৮ অক্টোবৰলৈকে মুঠ ৫৮ কোটি নমুনা পৰীক্ষা কৰা হৈছে । কেৱল শুক্ৰবাৰৰ দিনটোতে দেশত ১৩,৮৫,৭০৬ টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক :কপিল ছিব্বাল : লখিমপুৰ খেৰীৰ ঘটনাকৈ লৈ কিয় মৌন প্ৰধানমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.