ক'ভিড-১৯: ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : Oct 6, 2021, 11:48 AM IST

India COVID

দেশত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ লগতে প্ৰতিখন ৰাজ্যতে টীকাকৰণ অভিযানো চলি আছে । এতিয়ালৈ দেশত ৯২ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । সাপ্তাহিক হিচাপত সম্প্ৰতি দেশত ক'ভিডত আক্ৰান্তৰ হাৰ ১.৬৮ শতাংশ । ৫ অক্টোবৰ পৰ্যন্ত দেশত মুঠ ৫৭.৬৮ কোটি নমুনা পৰীক্ষা কৰা হৈছে ৷

নিউজ ডেস্ক, ৬ অক্টোবৰ : দেশত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । কিন্তু দৈনিক আক্ৰান্তৰ সংখ্যা ২০ হাজাৰৰো তললৈ গৈছে । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৮,৮৩৩ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে দেশত বৰ্তমানলৈকে মুঠ ৩,৩৮,৫৩,০৪৮ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে ।

ইফালে যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৭৮ গৰাকী ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে । এই মৃত্যুৰ লগে লগে দেশত এতিয়ালৈ মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৪,৪৯,৫৩৮ হ'লগৈ । আনহাতে দেশত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২,৪৬,৬৮৭ টা ।

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালকৈ দেশত ক'ভিড টীকাকৰণ (vaccination) অভিযানো অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত ৫৯,৪৮,৩৬০ লোকক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতৰ ক'ভিড টীকাকৰণৰ সংখ্যা বুধবাৰে ৯২ কোটি (৯২,১৭,৬৫,৪০৫) অতিক্ৰম কৰিছে । দেশত ক'ভিড পৰীক্ষাও যথেষ্ট পৰিমাণে কৰা হৈছে । অৱশ্যে তাৰ তুলনাত আক্ৰান্তৰ হাৰ কিছু হ্ৰাস হৈছে ।

সাপ্তাহিক হিচাপত সম্প্ৰতি দেশত আক্ৰান্তৰ হাৰ ১.৬৮ শতাংশ । যোৱা ১০৩ দিনৰ ভিতৰত এই সংখ্যা ৩ শতাংশতকৈও কম । ইফালে দেশত দৈনিক আক্ৰান্তৰ হাৰ ১.৩৪ শতাংশ । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (Indian Council of Medical Research) মতে, ৫ অক্টোবৰ পৰ্যন্ত মুঠ ৫৭.৬৮ কোটি নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত কেৱল মঙলবাৰৰ দিনটোত ১৪,০৯,৮২৫ টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.