ETV Bharat / bharat

COVID-19:দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 24, 2021, 4:16 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত ৩১,৩৮২ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে । দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ ৯৭.৭৮ শতাংশ । যোৱা ২৪ ঘণ্টাত ৭২.২০ লাখৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

India COVID
দেশৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : কৰ’ণাৰ (Corona) ভয়াৱহতা কিছু হ্ৰাস হৈছে যদিও দেশত অব্যাহত আছে সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry) প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত পুনৰ বৃদ্ধি হৈছে কৰ'ণাৰ সংক্ৰমণ । তথ্য অনুসৰি ৩১,৩৮২ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩১৮ গৰাকী লোকৰ । ইয়াৰ লগে লগে ভাৰতত আক্ৰান্তৰ সংখ্যা ৩,৩৫,৯৪,৮০৩ লৈ বৃদ্ধি হৈছে ঠিক তেনেদৰে মৃত্যুৰ সংখ্যাও ৪,৪৬,৩৬৮ লৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অৱশ্যে যোৱা ১৮৮ দিনৰ ভিতৰত সক্ৰিয় ঘটনাৰ (active caseload) সংখ্যা সৰ্বনিম্ন ৩,০০,১৬২ লৈ হ্ৰাস হৈছে । প্ৰকাশ পোৱা তথ্য অনুসৰি দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ ৯৭.৭৮ শতাংশ । ইয়াৰ মাজতে দেশত প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে । এতিয়ালৈ দেশত ৮৪,১৫,১৮,০২৬ গৰাকী লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

সমান্তৰালকৈ যোৱা ২৪ ঘণ্টাত ৭২.২০ লাখৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । আৰোগ্য হোৱা লোকৰ সংখ্যা বৃহস্পতিবাৰলৈ ৩,২৮,৪৮,২৭৩ জনলৈ বৃদ্ধি পাইছে আৰু ৩২,৫৪২ গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (Indian Council of Medical Research) মতে, ২৩ ছেপ্টেম্বৰলৈকে মুঠ ৫৫,৯৯,৩২,৭০৯ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু কেৱল বৃহস্পতিবাৰৰ দিনটোত ১৫,৬৫,৬৯৬ টা নমুনা পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়ক :কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.