ETV Bharat / bharat

COVID-19 : দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 21, 2021, 2:04 PM IST

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ লৈছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত ভাৰতত পুনৰ 26,115 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 252 গৰাকীৰ ৷

India COVID-19 tracker: state-wise report
COVID-19 : দেশৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 21 ছেপ্তেম্বৰ : ভাৰতত কৰ’ণাৰ ভয়াৱহতা হ্ৰাস পালেও অব্যাহত আছে সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত 26,115 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 252 গৰাকীৰ ।

ভাৰতত সক্ৰিয় ঘটনাৰ সংখ্যা সোমবাৰে 3,09,575 লৈ হ্ৰাস পাইছে, যি 184 দিনত সৰ্বনিম্ন ৷ আনহাতে ক’ভিড-19 পুনৰুদ্ধাৰৰ হাৰ হৈছে 97.75 শতাংশ আৰু দৈনিক ইতিবাচকতাৰ হাৰ 1.85 শতাংশ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত 81,85,13,827 গৰাকীক ক’ভিড 19ৰ ভেকছিন প্ৰদান কৰা হৈছে ৷ কেৱল সোমবাৰৰ দিনটোত প্ৰায় 96.46 লাখৰো অধিক লোকক ক’ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে, 20 ছেপ্টেম্বৰলৈকে মুঠ 55,50, 35,717 টা ক’ভিড নমুনা পৰীক্ষা কৰা হৈছিল, যাৰ ভিতৰত সোমবাৰে 14,13,951 টা নমুনা পৰীক্ষা কৰা হৈছিল । এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা সোমবাৰে 3,27,49,574 জনলৈ বৃদ্ধি পাইছে আৰু 34,469 জনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।

লগতে পঢ়ক : COVID-19 : দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.