ETV Bharat / bharat

দুবছৰৰ পাছত পুনৰ ভাৰত-বাংলাদেশৰ মাজত আৰম্ভ বাছসেৱা

author img

By

Published : Jun 10, 2022, 1:49 PM IST

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ভাৰত-বাংলাদেশৰ বাছসেৱা(India Bangladesh bus services) পুনৰ আৰম্ভ কৰা হৈছে । শুকুৰবাৰৰ পৰা আৰম্ভ কৰা হয় এই বাছসেৱা । ক'ভিড সংক্ৰমণ(COVID-19 pandemic)ৰ বাবে স্থগিত ৰখা হৈছিল কলকাতা-ঢাকা বাছ সেৱা ।

India Bangladesh bus service resumes after two years
দুটা বছৰৰ পাছত পুনৰ আৰম্ভ ভাৰত-বাংলাদেশৰ মাজত বাছসেৱা

নেশ্যনেল ডেস্ক,১০ জুন: কলকাতাৰ পৰা ঢাকালৈ যাত্ৰা কৰা সকলৰ বাবে এক সুখবৰ । শুকুৰবাৰে বাংলাদেশস্থিত ভাৰতৰ উচ্চ আয়োগৰ বিষয়াসকলে(High Commission of India in Bangladesh) শুভাৰম্ভ কৰে ঢাকা-কলকাতা-ঢাকা বাছসেৱা(India Bangladesh bus services) । ক’ভিডৰ ভয়াবহতাৰ(COVID-19 pandemic ) বাবে স্থগিত কৰি ৰখা হৈছিল ভাৰত বাংলাদেশৰ মাজৰ বাছসেৱা ৷ প্ৰায় দুটা বছৰ ধৰি বন্ধ হৈ আছিল এই সেৱা ।

এই সন্দৰ্ভত বাংলাদেশ পথ পৰিবহণ নিগম(Bangladesh Road Transport Corporation)ৰ অধ্যক্ষ তাজুল ইছলামে বৃহস্পতিবাৰে এক বিবৃতি প্ৰকাশ কৰিছিল । তেঁও ঢাকা-চিলেট-শ্বিলং-গুৱাহাটী-ঢাকা পথৰ বাহিৰে, শুক্ৰবাৰৰ পৰা আন চাৰিটা পথত সেৱা পুনৰ আৰম্ভ হ'ব বুলি বিবৃত্তিটোত প্ৰকাশ কৰিছিল । ইছলামে জনোৱা অনুসৰি প্ৰথমখন বাছ মতিঝিলৰ পৰা পুৱা ৭:০০ বজাত ওলাই যাব ।

বাছখন কলকাতাৰ পৰা ঢাকা হৈ আগৰতলালৈ যাত্ৰা কৰিব । এই বাছসেৱা যাত্ৰী পৰিবহনৰ বাবে জনপ্ৰিয় হোৱাৰ উপৰিও বাণিজ্যিকভাৱেও সফল বুলিও উল্লেখ কৰে উচ্চ পদস্থ বিষয়াসকলে । যাত্ৰীসকলৰ মাজত এই বাছসেৱা যথেষ্ট জনপ্ৰিয় । বাছখনে ঢাকা হৈ কলকাতালৈ ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২০ ঘণ্টা সময় ল’ব বুলি জানিব পৰা গৈছে । শুকুৰবাৰে কলকাতা-ঢাকা আন্তঃৰাষ্ট্ৰীয় বাছখন পুৱা ১০ বজাত ত্ৰিপুৰাৰ কৃষ্ণনগৰ বাছ আস্থানৰ পৰা ৰাওনা হয় ।

  • Resumption of 🇮🇳 🇧🇩 Cross-Border Bus Services!

    Bus services b/w🇮🇳🇧🇩via ICP Agartala-Akhaura &ICP Haridaspur-Benapole resumed with Dhaka-Kolkata-Dhaka bus being flagged off from Dhaka early morning today-a major step forward in enhancing affordable,people-centric connectivity. pic.twitter.com/vLaef7QBEe

    — India in Bangladesh (@ihcdhaka) June 10, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বাছ যাত্ৰাৰ বাবে কৃষ্ণনগৰৰ ত্ৰিপুৰা পথ পৰিবহণ নিগমৰ কাউণ্টাৰত উপলব্ধ হ'ব টিকটসমূহ । উল্লেখ্য যে টিকট লাভ কৰিবলৈ বৈধ পাছপোৰ্ট, ট্ৰেঞ্জিট ভিছা আৰু প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব কাউন্টাৰত । ইফালে কলকাতাৰ পৰা ঢাকালৈ যাত্ৰাৰ ভাড়া প্ৰতিজন যাত্ৰীৰ বাবে ২,৩০০ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ত্ৰিপুৰাৰ পৰা ঢাকালৈ ভাড়াৰ নিৰিখ ১,০০০ টকা ।

উল্লেখ্য যে ২৯ মে'ত কলকাতা আৰু ঢাকাৰ মাজত ৰেল সেৱা পুনৰ আৰম্ভ কৰা হৈছিল(train services between India and Banglades) । দুয়োখন দেশৰ মাজত বন্ধুত্বমূলকভাৱে চলি থকা ৰে'লসেৱা ক'ভিদ কালত স্থগিত ৰখা হৈছিল ।কলকতাৰ পৰা ঢাকালৈ ৰে'লৰে যাত্ৰা কৰিবলৈ প্ৰায় ৩৫ ৰ পৰা ৩৮ ঘণ্টা সময় লাগে । কিন্তু, এই বাছসেৱাই মাত্ৰ ২০ ঘন্টাতে যাত্ৰা সম্পন্ন কৰিব পাৰে ।

লগতে পঢ়ক: Red Corner Notice against Goldy Brar : গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.