ETV Bharat / bharat

Maharashtra Crisis: ৫৬ বছৰত চতুৰ্থটো বিদ্ৰোহৰ সন্মুখীন শিৱসেনা, উদ্ধৱৰ কাৰ্যকালত প্ৰথম

author img

By

Published : Jun 22, 2022, 8:23 PM IST

নেতৃত্বৰ প্ৰতি অদম্য আনুগত্য থকা এদল প্ৰতিশ্ৰুতিবদ্ধ কেডাৰৰ দল (committed cadres with unflinching loyalty to leadership) হোৱা সত্ত্বেও শিৱসেনাই কিন্তু পদবীক লৈ বিদ্ৰোহৰ সন্মুখীন হৈছে (Shiv Sena vulnerable to rebellions) । এইবাৰৰ সৈতে চাৰিবাৰ শিৱসেনা দলটোৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই বিদ্ৰোহৰ সন্মুখীন হৈছে ।

Udhav Thakre
৫৬ বছৰত চতুৰ্থটো বিদ্ৰোহৰ সন্মুখীন শিৱসেনা, উদ্ধৱৰ কাৰ্যকালত প্ৰথম

নিউজ ডেস্ক, ২২ জুন : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক (Maharashtra Political Crisis) সংকটে কোনটো দিশে গতি কৰে সেইটো এতিয়াই পৰিষ্কাৰকৈ ক'ব পৰা হোৱা নাই । কিন্তু আমি এবাৰ উভতি যাব বিচাৰিছোঁ শিৱসেনাৰ অতীতলৈ । ইয়াৰ পূৰ্বে শিৱসেনা এনে বিদ্ৰোহৰ সন্মুখীন হৈছিলনে ? তাৰ বাবে আমি বিশ্লেষণ কৰিব লাগিব শিৱসেনাৰ ৰাজনৈতিক পটভূমি ।

নেতৃত্বৰ প্ৰতি অদম্য আনুগত্য থকা এদল প্ৰতিশ্ৰুতিবদ্ধ কেডাৰৰ দল (committed cadres with unflinching loyalty to leadership) হোৱা সত্ত্বেও শিৱসেনাই কিন্তু পদবীক লৈ বিদ্ৰোহৰ সন্মুখীন হৈছে (Shiv Sena vulnerable to rebellions) । এইবাৰৰ সৈতে চাৰিবাৰ শিৱসেনা দলটোৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই বিদ্ৰোহৰ সন্মুখীন হৈছে । ইয়াৰে ভিতৰত তিনিবাৰ দলটোৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ (Bal Thackeray) নেতৃত্বত আৰু এইবাৰ এই তালিকাত শেহতীয়াভাৱে যোগ হৈছে একনাথ সিন্দেৰ নাম (Eknath Shinde becoming the latest leader) ।

এদল শিৱসেনা বিধায়কৰ সৈতে আঁতৰি যোৱা কেবিনেট মন্ত্ৰী সিন্দেৰ (Cabinet minister Shinde) বিদ্ৰোহ সংগঠনটোৰ ৫৬ বছৰীয়া ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে (56 year old history of Shiv Sena) । কিয়নো ই মহাৰাষ্ট্ৰত দলটোৰ নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰক পতন ঘটোৱাৰ ভাবুকি প্ৰদান কৰিছে (Maha Vikas Aghadi government in Maharashtra)। আনহাতে, আন বিদ্ৰোহবোৰ ৰাজ্যখনত দলটো শাসনত নথকাৰ সময়ত সংঘটিত হৈছিল ।

বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পিছত সোমবাৰে মাজনিশাৰ পৰা ই বিদ্ৰোহৰ ৰূপ ল'বলৈ আৰম্ভ কৰে (Legislative Council poll results)। বৰ্তমানৰ বিদ্ৰোহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেৰ (Udhav Thakre) সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান থিয় কৰাইছে । কিয়নো পূৰ্বৰ তিনিটা বিদ্ৰোহ তেতিয়া সংঘটিত হৈছিল যেতিয়া তেওঁৰ পিতৃ বাল থাকৰে (Bal Thackeray) তেওঁৰ ওচৰত আছিল । শিৱসেনাই ১৯৯১ চনত প্ৰথমটো ডাঙৰ জোকাৰণিৰ সাক্ষী হৈছিল । সেই সময়ত মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত সংগঠনটোৰ ভেটি সম্প্ৰসাৰিত কৰাৰ কৃতিত্ব লাভ কৰা দলটোৰ অ'বিচি (OBC) নেতা ছগন ভুজবলে (Chhagan Bhujbal) দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল ।

ভুজবলে দল ত্যাগ কৰাৰ কাৰণ হিচাপে দলটোৰ নেতৃত্বৰ অশলাগ বুলি উল্লেখ কৰিছিল । ভুজবলে শিৱসেনাক মহাৰাষ্ট্ৰৰ কিছু অংশত যথেষ্টসংখ্যক আসনত জয়লাভ কৰোৱাত সহায় কৰা সত্ত্বেও বাল থাকৰেয়ে মনোহৰ যোশীক বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিযুক্তি দিছিল (Manohar Joshi appointed Leader of Opposition in Assembly) । তাৰ ফলত অসন্তুষ্ট ভুজবলে নাগপুৰত পৰৱৰ্তী শীতকালীন অধিৱেশনত শিৱসেনাৰ ১৮ জন বিধায়কৰ সৈতে দল ত্যাগ কৰে । লগতে সেই সময়ত ৰাজ্যত শাসনৰ গাদীত থকা কংগ্ৰেছক তেওঁলোকৰ সমৰ্থন ঘোষণা কৰে (Bhujbal support to Congress) । অৱশ্যে ১২ জন বিদ্ৰোহী বিধায়ক একেদিনাই শিৱসেনাৰ মূলসুঁতিলৈ উভতি আহে ।

ভুজবল আৰু অন্যান্য বিদ্ৰোহী বিধায়কসকলক তদানীন্তন বিধানসভাৰ অধ্যক্ষই (Assembly speaker) পৃথক গোট হিচাপে স্বীকৃতি দিয়ে আৰু তেওঁলোকৰ বিপক্ষে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল । এইটো এক দুঃসাহসিক পদক্ষেপ বুলিয়েই ক'ব পাৰি, কিয়নো শিৱসেনাৰ কৰ্মীসকল তেওঁলোকৰ আক্ৰমণাত্মক দৃষ্টিভংগীৰ বাবে সুপৰিচিত । আনকি তেওঁলোকে মুম্বাইস্থিত ছগন ভুজবলৰ চৰকাৰী বাসগৃহত আক্ৰমণো কৰে (Chhagan Bhujbal Mumbai residence)। এজন জ্যেষ্ঠ ৰাজনৈতিক সাংবাদিকে সংবাদ মাধ্যমক জনোৱা মতে, বাসগৃহটো সাধাৰণতে ৰাজ্যিক আৰক্ষীৰ দ্বাৰা সুবেষ্টিত হৈ আছিল ।

অৱশ্যে ভুজবল ১৯৯৫ চনৰ বিধানসভা নিৰ্বাচনত মুম্বাইৰ পৰা তদানীন্তন শিৱসেনাৰ নেতা বালা নন্দগাঁওকাৰৰ হাতত পৰাজিত হয় আৰু পিছত নাছিক জিলালৈ তেওঁৰ সমষ্টি স্থানান্তৰিত কৰে । ১৯৯৯ চনত কংগ্ৰেছ ত্যাগ কৰি শাৰদ পাৱাৰে (Sharad Pawar)নিজৰ দল গঠন কৰাত প্ৰবীণ ৰাজনীতিবিদজনে এনচিপি (NCP)ত যোগদান কৰে (veteran politician joined NCP)। ভুজবল (৭৪) বৰ্তমান শিৱসেনা নেতৃত্বাধীন এমভিএ চৰকাৰৰ এজন মন্ত্ৰী আৰু সিন্দেৰ কেবিনেট সহকৰ্মী ।

2005 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেয়ে (former chief minister Narayan Rane) দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাত শিৱসেনাই আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হয় । পৰৱৰ্তী সময়ত কংগ্ৰেছ ত্যাগ কৰা ৰাণে বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদ আৰু লগতে এজন কেন্দ্ৰীয় মন্ত্ৰী (Narayan Rane BJP MP and Union minister) । শিৱসেনাৰ পৰৱৰ্তী আঘাতটো আহে ২০০৬ চনত । সেই সময়ত উদ্ধৱ থাকৰেৰ সম্পৰ্কীয় ভাতৃ ৰাজ থাকৰেয়ে দল ত্যাগ কৰি নিজৰ ৰাজনৈতিক দল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (the Maharashtra Navnirman Sena, MNS) গঠন কৰাৰ সিদ্ধান্ত লয় ।

সেই সময়ত ৰাজ থাকৰেয়ে কৈছিল, তেওঁৰ যুঁজ শিৱসেনাৰ নেতৃত্বৰ সৈতে নহয় । কিন্তু দলৰ নেতৃত্বক চাৰিওফালে ঘেৰি ধৰি থকা আন নেতাসকলৰ সৈতে যিয়ে অন্যক ভিতৰলৈ সোমাবলৈ নিদিয়ে । ২০০৯ চনৰ ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ (288-member Maharashtra Assembly) নিৰ্বাচনত এমএনএছে ১৩ খন আসন লাভ কৰে । মুম্বাইত ইয়াৰ সংখ্যা শিৱসেনাতকৈ এটা বেছি আছিল । শিৱসেনাই বৰ্তমান ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী তথা থানে জিলাৰ চাৰিবাৰৰ বিধায়ক আৰু সংগঠনটোৰ জনপ্ৰিয় ব্যক্তি একনাথ সিন্দেৰ নেতৃত্বত দলটোৰ বিধায়কসকলৰ এটা অংশৰ দ্বাৰা আন এক বিদ্ৰোহৰ সন্মুখীন হৈছে ।

দলটোৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰা ৰাজনৈতিক সাংবাদিক প্ৰকাশ আকোলকাৰে (Political journalist Prakash Akolkar) কয়, "শিৱসেনাৰ নেতৃত্বই দলটোৰ কেইজনমান নেতাক সহজভাৱে লৈছে । এনে ধৰণৰ মনোভাব সদায়ে বিফল হৈ আহিছে যদিও দলটোৱে নিজৰ স্থিতি সলনি কৰিবলৈ সাজু নহয় । এতিয়া সময় সলনি হৈছে আৰু বেছিভাগ বিধায়কে যথেষ্ট আশাৰে দললৈ আহিছে । যদি সেই প্ৰত্যাশাবোৰ সঠিকভাৱে সমাধান কৰা নহয়, তেন্তে এনে বিদ্ৰোহ ঘটাতো খাতাং ।"

বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰত শিৱসেনাৰ ৫৫ জন, এনচিপিৰ ৫৩ জন আৰু কংগ্ৰেছৰ ৪৪ জন বিধায়ক আছে । তিনিওটা দলে মিলি এমভিএ (Maha Vikas Aghadi) গঠন কৰে । বিৰোধী বিজেপিৰ ১০৬ খন আসন আছে । দলত্যাগবিৰোধী আইনৰ অধীনত অযোগ্যতাৰ পৰা ৰক্ষা পাবলৈ (disqualification under the anti-defection law) শিণ্ডেক ৩৭ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন । আনহাতে, বিদ্ৰোহী নেতাজনে দাবী কৰিছে যে ৪৬ জন শিৱসেনা বিধায়ক তেওঁৰ সৈতে আছে ।

লগতে পঢ়ক :Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক সংগ দিছে পীযুষ-পল্লৱ-সুশান্ত-জয়ন্ত মল্লই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.